নিউজ ডেস্ক, ২০ আগষ্ট, ২০২৬ : উত্তৰ-পূব সীমান্ত ৰে’লৱেই অসম বন বিভাগৰ (Forest Department) সৈতে ঘনিষ্ঠ সমন্বয়েৰে ফ্ৰন্ট লাইন ৰে’ল কৰ্মচাৰীৰ সতৰ্কতাৰ জৰিয়তে সমগ্ৰ অসমত ৰে’লপথ পাৰ হোৱা হাতীসমূহৰ সুৰক্ষা নিশ্চিত কৰাৰ বাবে সক্ৰিয় পদক্ষেপ গ্ৰহণ কৰি আহিছে। ১৯ আগষ্ট তাৰিখে সংঘটিত এক শেহতীয়া ঘটনাত অসম বন বিভাগৰ বিষয়াবৰ্গই ৰে’লৱে বিষয়াবৰ্গৰ সৈতে সহযোগিতাৰে পুৱতি নিশা লামডিং-হাবাইপুৰ খণ্ডত ৰে’ল নং ২০৫০৩ (ডিব্ৰুগড়-নিউ দিল্লী) ৰাজধানী এক্সপ্ৰেছ ৰে’লখন সময়মতে ৰখোৱাত সহায় কৰে। এই তাৎক্ষণিক পদক্ষেপৰ পৰিণামস্বৰূপে এজাক হাতীয়ে নিৰাপদে ৰে’লপথ পাৰ হ’বলৈ সক্ষম হয়।
শেহতীয়া দিনকেইটাত এনে ধৰণৰ আন কেইবাটাও ঘটনাও সংঘটিত হৈছে, যি উত্তৰ-পূব সীমান্ত ৰে’লৱেৰ লোকো পাইলটসকলে সতৰ্কতা আৰু সজাগতাৰ পৰিচয় দিয়ে। ১৫ আগষ্ট তাৰিখে ৰে’ল নং. ১৫৬৬৫ (গুৱাহাটী–মৰিয়নী) এক্সপ্ৰেছ ৰে’লৰ লোকো পাইলটৰ সতৰ্কতাৰ ফলত লামছাখাং–পাথৰখোলা খণ্ডত এজাক হাতীয়ে নিৰাপদে ৰে’লপথ পাৰ হ’বলৈ সক্ষম হয়। একেদৰে, ১৬ আগষ্ট তাৰিখে ৰে’ল নং. ১৫৬৫০ (নাৰেংগী–আগৰতলা) এক্সপ্ৰেছ ৰে’লৰ লোকো পাইলটে সময়মতে পদক্ষেপ গ্ৰহণ কৰি হাবাইপুৰ–লামছাখাং খণ্ডত হাতীৰ নিৰাপদ চলাচল নিশ্চিত কৰাত সহায় কৰে। এই ঘটনাসমূহে হস্তী কৰিডৰত হাতী আৰু ৰে’লৰ সংঘৰ্ষ প্ৰতিৰোধ কৰি বন্যপ্ৰাণী সুৰক্ষা দিশত উত্তৰ-পূব সীমান্ত ৰে’লৱে আৰু বন বিভাগৰ মাজত ফলপ্ৰসূ সমন্বয়ৰ লগতে ৰে’ল চলাচলৰ সৈতে জড়িত কৰ্মচাৰীসকলৰ সতৰ্কতা আৰু দায়িত্ববোধকেই প্ৰতিফলিত কৰিছে।
সংবেদনশীল অঞ্চলসমূহত হস্তী–ৰে’ল সংঘৰ্ষ প্ৰতিৰোধৰ বাবে উত্তৰ-পূব সীমান্ত ৰে’লৱেই কেইবাটাও সক্ৰিয় আৰু প্ৰযুক্তিনিৰ্ভৰ পদক্ষেপ গ্ৰহণ কৰিছে। ইয়াৰ ভিতৰত ডিষ্ট্ৰিবিউটেড অ্যাকোষ্টিক চিষ্টেম (ডিএএছ) প্ৰযুক্তি ব্যৱহাৰ কৰি এআই –ভিত্তিক ইনট্ৰুছন ডিটেকচন ছিষ্টেম (আইডিএছ) স্থাপন কৰাটো অন্যতম, যি ৰে’লপথৰ আশে পাশে হাতীৰ চলাচলৰ বিষয়ে বাস্তৱ সময়ৰ ভিত্তিত সতৰ্কবাণী প্ৰদান কৰে। অন্যান্য প্ৰতিৰোধমূলক ব্যৱস্থাসমূহৰ ভিতৰত হাতী দেখা পোৱাৰ ভিত্তিত ৰাতিৰ সময়ত আৰু সাময়িকভাৱে গতিবেগ সীমাবদ্ধতা, বৰ্ধিত পেট্ৰোলিং, ৰে’ল চালকসকলক সজাগ কৰা, সতৰ্কতামূলক ছাইনেজ স্থাপন, ঘাঁহ-বন পৰিষ্কাৰকৰণ আৰু বন বিভাগৰ সৈতে বাস্তৱ সময়ৰ ভিত্তিত সমন্বয় স্থাপন কৰা আদি অন্তৰ্ভুক্ত আছে। ৰে’লৱে ট্ৰেকৰ পৰা হাতীক দূৰৈত ৰাখিবৰ বাবে অধিক শক্তিশালী মৌ-মাখিৰ শব্দ ব্যৱহাৰ কৰা ‘প্লেন বি’ পদ্ধতিও সংবেদনশীল স্থানসমূহত স্থাপন কৰা হৈছে।
ইয়াৰ উপৰিও, বন্যপ্ৰাণীৰ অধিক নিৰাপদ চলাচল নিশ্চিত কৰাৰ বাবে আৰু হাতীক ৰে’লপথৰ পৰা আঁতৰাই ৰখাৰ বাবে নিৰ্ধাৰিত স্থানসমূহত উত্তৰ-পূব সীমান্ত ৰেলৱেই আণ্ডাৰপাছ নিৰ্মাণৰ কামো গ্ৰহণ কৰিছে। উত্তৰ-পূব সীমান্ত ৰে’লৱেই অঞ্চলটোৰ সমৃদ্ধ বন্যপ্ৰাণী সুৰক্ষাৰ লগতে সুৰক্ষিত ৰে’ল পৰিচালন নিশ্চিত কৰাৰ বাবে উদ্ভাৱনীমূলক প্ৰযুক্তি গ্ৰহণ, বন্যপ্ৰাণী সংৰক্ষণ কৰ্তৃপক্ষৰ সৈতে সমন্বয় অধিক শক্তিশালী কৰি সন্মুখশাৰীৰ কৰ্মচাৰীবৰ্গৰ সতৰ্কতা বৃদ্ধি কৰাৰ বাবে সদায় প্ৰতিশ্ৰুতিবদ্ধ। উত্তৰ-পূব সীমান্ত ৰে’লৱেই হস্তী কৰিডৰসমূহত সময়মতে গ্ৰহণ কৰা পদক্ষেপসমূহ বিশেষভাৱে গুৰুত্বপূৰ্ণ যত ৰে’লৱেৰ কৰ্মচাৰী আৰু অসম বন বিভাগৰ বিষয়াবৰ্গৰ সমন্বিত প্ৰচেষ্টাই হস্তী–ৰে’ল সংঘৰ্ষ প্ৰতিৰোধত এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আহিছে।
