গুৱাহাটী, ২২ আগষ্ট, ২০২৬ : দেশৰ ভৱিষ্যত মহাকাশ অভিযান আৰু প্ৰযুক্তিৰ যাত্ৰাত এক নিৰ্ণায়ক ভূমিকা ল’ব উত্তৰ-পূৰ্বাঞ্চলে (North East)। এই উদ্দেশ্য আগত ৰাখি অহা ২৬ আৰু ২৭ আগষ্টত গুৱাহাটীত অনুষ্ঠিত হ’ব এক বিশেষ ৰাষ্ট্ৰীয় কৰ্মশালা। স্পেচ ইণ্ডাষ্ট্ৰী এছ’চিয়েচন অৱ ইণ্ডিয়া (এছআইএ- ইণ্ডিয়া) আৰু উত্তৰ-পূব মহাকাশ প্ৰয়োগ কেন্দ্ৰ চমুকৈ নেচাকৰ যৌথ সহযোগিতাত অসম ৱাটাৰ চেণ্টাৰস্থিত ফ্ৰেমাৰ প্ৰাংগণত আয়োজিত হ’ব ‘নৰ্থইষ্ট ইণ্ডিয়া স্পেচ ৱৰ্কশ্বপ ২০২৬’। এই গুৰুত্বপূৰ্ণ বৈঠকত চৰকাৰী বিভাগ, প্ৰতিৰক্ষা, মহাকাশ, দূৰসংযোগ, উদ্যোগ, ষ্টাৰ্ট-আপ, বিনিয়োগ, শৈক্ষিক ক্ষেত্ৰ আৰু আন্তঃৰাষ্ট্ৰীয় সংগঠনসমূহৰ ২০০ ৰো অধিক প্ৰতিনিধিয়ে অংশগ্ৰহণ কৰিব।
উল্লেখ্য যে, “মহাকাশ প্ৰযুক্তিৰ সদ্ব্যৱহাৰ: আঞ্চলিক ৰূপান্তৰৰ পৰা বিশ্বজনীন প্ৰসাৰ” শীৰ্ষক বিষয়বস্তুক লৈ আয়োজিত এই কৰ্মশালাই উত্তৰ-পূৰ্বাঞ্চলৰ সম্ভাৱনাক এক নতুন মাত্ৰা প্ৰদান কৰিব। অঞ্চলটো কেৱল মহাকাশ প্ৰযুক্তিৰ ব্যৱহাৰকাৰী হৈ থকাৰ পৰিৱৰ্তে প্ৰযুক্তিৰ বিকাশকৰ্তা, পৰীক্ষাগাৰ, বাণিজ্যিক বজাৰ তথা দক্ষিণ-পূব এছিয়া আৰু গ্ল’বেল ছাউথৰ বাবে প্ৰযুক্তিভিত্তিক সমাধানৰ মূল প্ৰৱেশদ্বাৰ হৈ উঠিব পাৰেনে নোৱাৰে, সেই সকলো দিশ এই সন্মিলনত চালি-জাৰি চোৱা হ’ব। ৰাষ্ট্ৰীয় মহাকাশ দিৱসৰ প্ৰেক্ষাপটত অনুষ্ঠিত এই কৰ্মশালাই ২০২৩ চনৰ ২৩ আগষ্টত চন্দ্ৰযান-৩ অভিযানে চন্দ্ৰপৃষ্ঠত ৰচা ঐতিহাসিক সফলতাৰ তাৎপৰ্যক অধিক অগ্ৰগতি প্ৰদান কৰিব।
লক্ষ্যণীয়ভাৱে, ৰাষ্ট্ৰীয় ৰাজধানী নতুন দিল্লীৰ সীমাৰ বাহিৰত এই কাৰ্যসূচীৰ জৰিয়তে এছ আই এ-ইণ্ডিয়াই প্ৰথমবাৰৰ বাবে এনে এক বৃহৎ আঞ্চলিক পদক্ষেপ গ্ৰহণ কৰিছে। উল্লেখ্য যে, বাণিজ্যিক ৰূপায়ণৰ দিশে এতিয়া দ্ৰুত গতিত অগ্ৰসৰ হৈছে দেশৰ মহাকাশ উদ্যোগ। ২০২১ চনৰ পৰা ভাৰতীয় মহাকাশ-প্ৰযুক্তিৰ নতুন উদ্যোগসমূহে ২৮৫ টা কোম্পানীৰ সৈতে জড়িত ২৪১ টা পুঁজি সংগ্ৰহৰ পৰ্যায়ত প্ৰায় ৮৭১ মিলিয়ন মাৰ্কিন ডলাৰ সংগ্ৰহ কৰিছে। ইয়াৰ বিপৰীতে ২০২১ বৰ্ষটোতে ১২ টা পুঁজি সংগ্ৰহৰ পৰ্যায়ত ৪৩ মিলিয়ন মাৰ্কিন ডলাৰ সংগ্ৰহ হৈছিল। কেৱল ২০২৬ চনতে নতুন উদ্যোগসমূহে ইকুইটি ফাণ্ডিং হিচাপে প্ৰায় ১১৩ মিলিয়ন মাৰ্কিন ডলাৰ লাভ কৰিবলৈ সক্ষম হৈছে। ২০২৬ চনৰ জুলাই পৰ্যন্ত ইন-স্পেছে ব্যক্তিগত প্ৰতিষ্ঠানসমূহক ১০৫ টা অনুমোদন প্ৰদান কৰিছে।
ইয়াৰ সমান্তৰালভাৱে সফল বিক্ৰম-১ অভিযানৰ জৰিয়তে ভাৰতে ব্যক্তিগত প্ৰতিষ্ঠানৰ কক্ষপথত উৎক্ষেপণ সক্ষমতাৰ এক নতুন পৰ্যায়ত প্ৰৱেশ কৰিছে। এছআইএ-ইণ্ডিয়াৰ মতে, ভাৰতৰ মহাকাশ খণ্ডৰ এই পৰৱৰ্তী পৰ্যায়ত উত্তৰ-পূবে এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব পাৰে। দেশৰ মুঠ ভৌগোলিক ক্ষেত্ৰফলৰ ৭.৯৭ শতাংশ সামৰি লোৱা উত্তৰ-পূবৰ আঠখন ৰাজ্যৰ পাঁচখন দেশৰ সৈতে ৫,৪৮৪ কিলোমিটাৰ আন্তঃৰাষ্ট্ৰীয় সীমান্ত আছে। অঞ্চলটোৰ কৌশলগত অৱস্থান, দুৰ্গম ভূ-প্ৰকৃতি আৰু প্ৰাকৃতিক দুৰ্যোগৰ অধিক আশংকাৰ ফলত যোগাযোগ ব্যৱস্থা, দুৰ্যোগ মোকাবিলা, কৃষি, আন্তঃগাঁথনি, প্ৰাকৃতিক সম্পদ ব্যৱস্থাপনা আৰু সীমান্ত পৰ্যবেক্ষণৰ ক্ষেত্ৰত উপগ্ৰহ যোগাযোগ, পৃথিৱী পৰ্যবেক্ষণ, এছএআৰ, ভূ-স্থানিক তথ্য আৰু মহাকাশ প্ৰযুক্তিনিৰ্ভৰ স্থিতিস্থাপক ব্যৱস্থাৰ চাহিদা বৃদ্ধি পাইছে। এই ক্ষেত্ৰত অঞ্চলটোৰ প্ৰতিষ্ঠানগত ভেটিও ইতিমধ্যে শক্তিশালী হৈছে। নেচাকে কৃষি, দুৰ্যোগ ব্যৱস্থাপনা, প্ৰাকৃতিক সম্পদ, আন্তঃগাঁথনি আৰু যোগাযোগৰ ক্ষেত্ৰত মহাকাশ প্ৰযুক্তিৰ ব্যৱহাৰেৰে বিভিন্ন কাম কৰি আহিছে। চৰকাৰী তথ্য অনুসৰি, সমগ্ৰ উত্তৰ-পূবত মহাকাশ প্ৰযুক্তিৰ প্ৰয়োগক কেন্দ্ৰ কৰি প্ৰায় ১৩০ টা প্ৰকল্প ৰূপায়ণ কৰা হৈছে।
ভূমি, জলসম্পদ, আন্তঃগাঁথনি, ভূ-প্ৰকৃতি আৰু দুৰ্যোগ সম্পৰ্কীয় তথ্য সামৰি নৰ্থ ইষ্টাৰ্ণ স্পেচিয়েল ডাটা ৰিপজিটৰিয়ে (এন ই এছ ডি আৰ) অঞ্চলটোৰ বাবে এক বিস্তৃত ভূ-স্থানিক তথ্যভিত্তিও গঢ়ি তুলিছে। এতিয়া এই সক্ষমতাসমূহক ব্যক্তিগত উদ্যোগ, বিনিয়োগ, প্ৰযুক্তি বিকাশ আৰু গ্ৰাহকৰ সৈতে সংযোগ কৰাটোৱেই হ’ব পৰৱৰ্তী সম্ভাৱনা। এই সন্দৰ্ভত এছআইএ-ইণ্ডিয়াৰ অধ্যক্ষ ড০ চুব্বা ৰাও পাভুলুৰিয়ে কয়, “উত্তৰ-পূবৰ কৌশলগত অৱস্থান, অনন্য কাৰ্যকৰী পৰিৱেশ আৰু দক্ষিণ-পূব এছিয়াৰ নিকটৱৰ্তী অৱস্থানে অঞ্চলটোক এনে সক্ষমতা গঢ়ি তোলাৰ এক সুযোগ দিছে, যাৰ প্ৰাসংগিকতাই উত্তৰ-পূবৰ সীমা অতিক্ৰম কৰিব পাৰে। এছআইএ-ইণ্ডিয়াৰ ইয়াত উপস্থিতিৰ মূল উদ্দেশ্য হৈছে এই দ্বি-পাক্ষিক সম্ভাৱনাক অন্বেষণ কৰা। অৰ্থাৎ, মহাকাশ প্ৰযুক্তিয়ে কেনেদৰে উত্তৰ-পূবৰ ৰূপান্তৰ ঘটাব পাৰে আৰু উত্তৰ-পূবে কেনেদৰে ভাৰতৰ মহাকাশ সম্প্ৰসাৰণৰ আকাংক্ষাক অধিক বিস্তৃত কৰিব পাৰে, সেই সম্ভাৱনা বিচাৰি উলিওৱা।”
আনহাতে এছআইএ-ইণ্ডিয়াৰ সঞ্চালক প্ৰধান অনিল প্ৰকাশে কয়, “উত্তৰ-পূৰ্বাঞ্চলৰ বাবে পৰৱৰ্তী পদক্ষেপ হ’ব ইয়াৰ বৰ্তমানৰ বৈজ্ঞানিক আৰু প্ৰতিষ্ঠানগত সক্ষমতাসমূহক বাণিজ্যিক মহাকাশ ব্যৱস্থাৰ সৈতে সংযোগ কৰা। নতুনকৈ আৰু অধিক প্ৰতিষ্ঠান গঢ়ি তোলাটো ইয়াৰ লক্ষ্য নহয়; বৰং গৱেষণা, নতুন উদ্যোগ, চৰকাৰী প্ৰয়োজনীয়তা, বিনিয়োগ আৰু গ্ৰাহকৰ মাজত অধিক শক্তিশালী সংযোগ গঢ়ি তোলাটোহে প্ৰধান সুযোগ। এই সংযোগ সঠিকভাৱে স্থাপন কৰিব পাৰিলে উত্তৰ-পূব মহাকাশ প্ৰযুক্তিৰ পৰৱৰ্তী পৰ্যায়ৰ ব্যৱহাৰিক প্ৰয়োগৰ এক বাস্তৱ পৰীক্ষাক্ষেত্ৰ হৈ উঠিব পাৰে। ইয়াৰ লগতে ভাৰতৰ বাহিৰৰ বজাৰলৈ এই সমাধানসমূহ লৈ যোৱাৰ এক শক্তিশালী ভিত্তিও গঢ়ি তুলিব পাৰে।”
