গুৱাহাটী, ১১ ছেপ্টেম্বৰ, ২০২৬ : দেশৰ অৰ্থনৈতিক (Economic) প্ৰগতিৰ সমান্তৰালভাৱে ক্ৰমবৰ্ধমান বাণিজ্যিক সম্ভাৱনাৰ কেন্দ্ৰস্থলৰূপে পৰিগণিত হোৱা উত্তৰ-পূৰ্বাঞ্চলত এইবাৰ সূচনা হ’ল আধুনিক নগৰীয়া আন্তঃগাঁথনি বিকাশৰ এক নতুন যুগৰ। এই ইতিবাচক পৰিৱেশৰ মাজতে দেশৰ প্ৰথমখন তালিকাভুক্ত খুচুৰা ৰিয়েল এষ্টেট বিনিয়োগ ন্যাস (ৰিট) তথা শীৰ্ষমানৰ ‘গ্ৰেড-এ’ নগৰীয়া বাণিজ্যিক কেন্দ্ৰসমূহৰ বৃহত্তম স্বত্বাধিকাৰী প্ৰতিষ্ঠান ‘নেক্সাছ চিলেক্ট ট্ৰাষ্টে’ (এনএছই: এনএক্সএছটি/বিএছই: ৫৪৩৯১৩) এক ঐতিহাসিক চুক্তিৰ জৰিয়তে উত্তৰ-পূব ভাৰতত নিজৰ কৌশলগত প্ৰৱেশৰ কথা ঘোষণা কৰে। সেই অনুসৰি মহানগৰীৰ বেহাৰবাৰীত গঢ়ি তোলা হ’ব এক বিশ্বমানৰ ‘গ্ৰেড-এ’ মল তথা এখন বিলাসী হোটেল। পূব আৰু উত্তৰ-পূব ভাৰতৰ বিপুল সম্ভাৱনাপূৰ্ণ উপভোক্তা বজাৰসমূহত নিজৰ শক্তিশালী উপস্থিতি গঢ়ি তোলাৰ সুদূৰপ্ৰসাৰী পৰিকল্পনাৰ অংশ হিচাপে এই পদক্ষেপে প্ৰতিষ্ঠানটোৰ প্ৰথমটো নিৰ্ণায়ক মাইলৰ খুঁটি চিহ্নিত কৰিছে, য’ত গুৱাহাটীয়ে সমগ্ৰ অঞ্চলটোত প্ৰৱেশৰ বাবে এক অত্যন্ত আকৰ্ষণীয় দুৱাৰ মুকলি কৰি দিছে।

মন কৰিবলগীয়া যে, পাঁচ কোটিতকৈ অধিক জনসংখ্যাৰে পৰিপূৰ্ণ সমগ্ৰ উত্তৰ-পূৰ্বাঞ্চলৰ মূল বাণিজ্যিক কেন্দ্ৰ তথা প্ৰাণকেন্দ্ৰ হিচাপে গুৱাহাটীয়ে দীৰ্ঘদিন ধৰি এক শক্তিশালী সেৱা আগবঢ়াই আহিছে। নিৰ্ধাৰিত চুক্তি অনুসৰি নিৰ্মাণ সম্পূৰ্ণ হোৱাৰ দিশে অগ্ৰসৰ হোৱা গেলেক্সী কমপ্লেক্সত ১,৬০০ কোট) টকাৰ ক্ৰয়মূল্যৰ বিনিময়ত এশ শতাংশ অংশীদাৰিত্ব অধিগ্ৰহণ কৰিব নেক্সাছে। এই প্ৰকল্পত থাকিব ০.৫ মিলিয়ন বৰ্গফুট এলেকাৰ ‘নেক্সাছ গেলেক্সী মল’ আৰু ১৬৪টা কোঠাযুক্ত ‘হায়াট ৰিজেন্সী’ হোটেল। বিক্ৰেতা পক্ষই উভয় পক্ষৰ সন্মতিসূচক নিৰ্দিষ্ট নিৰ্দেশনা অনুসৰি এই পৰিসম্পদসমূহ নিৰ্মাণ কৰি তুলিব। ইফালে নিৰ্মাণকাৰ্য সম্পূৰ্ণ হোৱাৰ লগতে প্ৰয়োজনীয় সকলো চৰকাৰী অনুমোদন লাভ কৰাৰ পাছতেই নেক্সাছে ইয়াৰ সামগ্ৰিক পৰিচালনাৰ দায়িত্ব আনুষ্ঠানিকভাৱে নিজৰ হাতলৈ আনিব। মন কৰিবলগীয়া যে, উত্তৰ-পূৰ্বাঞ্চলত নেক্সাছ চিলেক্ট ট্ৰাষ্টৰ এয়া হৈছে প্ৰথমটো নিৰ্মাণাধীন প্ৰকল্পৰ অধিগ্ৰহণ। একেদৰে শ্বেয়াৰ বজাৰত তালিকাভুক্ত হোৱাৰ পাছত দেশৰ ভিতৰতে প্ৰতিষ্ঠানটোৰ এয়া দ্বিতীয়টো এনে গুৰুত্বপূৰ্ণ চুক্তি।

উল্লেখযোগ্য যে, বিগত এটা দশকত মাত্ৰ দুটা মলৰ পৰা আৰম্ভ কৰি দেশজুৰি ১৯টা বিশ্বমানৰ বাণিজ্যিক পৰিসম্পদলৈ নিজৰ পৰিসৰ বৃদ্ধি কৰিছে প্ৰতিষ্ঠানটোৱে। পূৰ্বৰ এই অভিজ্ঞতাৰ ভেটিতেই এতিয়া ভাৰতৰ ক্ৰমবৰ্ধমান উপভোক্তা চাহিদা থকা অঞ্চলসমূহত গাঁথনিগতভাৱে সুৰক্ষিত আৰু সম্ভাৱনাপূৰ্ণ প্ৰকল্পত বিনিয়োগৰ নতুন নীতি গ্ৰহণ কৰিছে নেক্সাছে। বেহাৰবাৰীৰ এই চুক্তিয়ে প্ৰতিষ্ঠানটোৰ সেই ব্যৱসায়িক দৃষ্টিভংগীৰ সুদূৰপ্ৰসাৰী পৰিৱৰ্তন আৰু কৌশলগত উত্তৰণকে স্পষ্ট কৰি তুলিছে। পৰিয়ালসমূহৰ বৃদ্ধি পোৱা আয়, দ্ৰুত নগৰায়ন আৰু সংগঠিত খুচুৰা বজাৰৰ লগতে প্ৰিমিয়াম ব্ৰেণ্ডসমূহৰ প্ৰতি গ্ৰাহকৰ ক্ৰমবৰ্ধমান চাহিদাই উত্তৰ-পূব ভাৰতৰ এক অগ্ৰণী বাণিজ্যিক তথা উপভোক্তা কেন্দ্ৰ হিচাপে গঢ়ি তুলিছে গুৱাহাটীক। উত্তৰ-পূৰ্বাঞ্চলৰ আঠখন ৰাজ্যৰ মুখ্য প্ৰৱেশদ্বাৰ আৰু বৃহত্তম বাণিজ্যিক কেন্দ্ৰ হিচাপে পৰিগণিত মহানগৰখনে নিজৰ স্থানীয় বাসিন্দাসকলৰ উপৰিও বাহিৰৰ এক বৃহৎ অঞ্চলৰ বিশাল উপভোক্তা শ্ৰেণীক সেৱা আগবঢ়াই আহিছে।

গুৱাহাটীৰ এখন ঘনবসতিপূৰ্ণ তথা স্বচ্ছল এলেকাত নিৰ্মাণ হ’বলগীয়া এই প্ৰকল্পৰ জৰিয়তে উত্তৰ-পূৰ্বাঞ্চলৰ এতিয়াও সম্পূৰ্ণ প্ৰসাৰ নোহোৱা সংগঠিত খুচুৰা বজাৰত আনুষ্ঠানিকভাৱে প্ৰৱেশ ঘটিব নেক্সাছৰ। উল্লেখনীয় যে, ২০ লাখতকৈ অধিক জনসংখ্যা আৰু প্ৰায় ৭,০০০ মাৰ্কিন ডলাৰৰ জনমূৰি আয়েৰে গুৱাহাটীয়ে অসমৰ মুঠ ঘৰুৱা উৎপাদনৰ (জিএছডিপি) প্ৰায় ৪৫ শতাংশ অকলেই বহন কৰে। এই বৃহৎ অৰ্থনৈতিক সম্ভাৱনা থকা সত্ত্বেও মহানগৰখনত এতিয়ালৈকে ‘গ্ৰেড-এ’ মানৰ বাণিজ্যিক কেন্দ্ৰৰ অভাৱ স্পষ্ট হৈ আছে আৰু এই পৰ্যন্ত আন কোনো তেনে মল নিৰ্মাণৰ পৰিকল্পনাও লোৱা হোৱা নাই। সৰ্বমুঠ ১,৬০০ কোটি টকাৰ ক্ৰয়মূল্যত অধিগ্ৰহণ কৰা হ’ব মল আৰু হোটেলখন। এই লেনদেন অনুসৰি মলটোৰ অধিগ্ৰহণ মূলধনৰ বাৰ্ষিক আয়ৰ হাৰ (কেপ ৰেট) ৮.২৫-৮.৫০ শতাংশ আৰু হোটেলখনৰ মূল্যায়ন ইবিআইটিডিএৰ তুলনাত প্ৰায় ১১.৫-১২.৫ গুণ ধাৰ্য কৰা হৈছে। প্ৰকল্পৰ নিৰ্মাণকাৰ্য সম্পূৰ্ণ হোৱাৰ লগতে প্ৰয়োজনীয় সকলো চৰকাৰী অনুমতি লাভ কৰাৰ পাছতেই এই ধনৰাশি পৰিশোধ কৰা হ’ব। এই ক্ৰয়মূল্যৰ আনুমানিক ৪০ শতাংশ ঋণৰ জৰিয়তে আৰু বাকী অংশ নতুন ইউনিট প্ৰদান তথা ইউনিট বিনিময়ৰ মাধ্যমেৰে সংগ্ৰহ কৰাৰ প্ৰস্তাৱ ৰখা হৈছে। অৱশ্যে লেনদেন চূড়ান্ত হোৱাৰ সময়তহে পুঁজি সংগ্ৰহৰ চূড়ান্ত মিশ্ৰণ নিৰ্ধাৰণ কৰা হ’ব।

অধিগ্ৰহণৰ লগে লগে এই লেনদেনে প্ৰতিষ্ঠানটোৰ মুঠ পৰিসম্পদৰ মূল্য (এনএভি) আৰু প্ৰতি ইউনিটৰ বিপৰীতে বিতৰণযোগ্য আয়ৰ (ডিপিইউ) বৃদ্ধি ঘটাব বুলি আশা কৰা হৈছে। এই অধিগ্ৰহণৰ পাছতো লোণ-টু-ভেল্যু (এলটিভি) অনুপাত ২০ শতাংশৰ তলতে থাকিব। যাৰ ফলত ভৱিষ্যতে নতুন প্ৰকল্প অধিগ্ৰহণৰ জৰিয়তে ব্যৱসায় সম্প্ৰসাৰণ কৰিবলৈ ন্যাসটোৰ হাতত প্ৰায় ১ বিলিয়ন মাৰ্কিন ডলাৰৰ ঋণ গ্ৰহণৰ সুবিধা অক্ষুণ্ণ থাকিব। নেক্সাছ চিলেক্ট ট্ৰাষ্টৰ কাৰ্যবাহী সঞ্চালক তথা মুখ্য কাৰ্যবাহী বিষয়া দিলীপ সেহগালে এই চুক্তি সন্দৰ্ভত কয়, “পূব আৰু উত্তৰ-পূব ভাৰতক লৈ আমি ঘোষণা কৰা লক্ষ্যক এই অধিগ্ৰহণে বাস্তৱত ৰূপায়িত কৰিলে। শ্বেয়াৰ বজাৰত তালিকাভুক্ত হোৱাৰ পাছত এয়া আমাৰ দ্বিতীয়টো নিৰ্মাণাধীন প্ৰকল্পৰ লেনদেন হোৱাৰ লগতে উত্তৰ-পূৰ্বাঞ্চলত কৌশলগত প্ৰৱেশ আৰু দেশৰ অন্যতম সম্ভাৱনাপূৰ্ণ উপভোক্তা কেন্দ্ৰসমূহত এক শক্তিশালী ভিত্তি গঢ়াৰ দিশত প্ৰথমটো গুৰুত্বপূৰ্ণ পদক্ষেপ। ইয়াৰ জৰিয়তে পূব ভাৰতৰ দুখন প্ৰধান আৰু স্বচ্ছল মহানগৰ ক্ৰমে কলকাতা আৰু গুৱাহাটীত আমাৰ ব্যৱসায়িক উপস্থিতি নিশ্চিত হ’ব।”

গুৱাহাটীৰ গুৰুত্ব উল্লেখ কৰি তেওঁ কয়, “উত্তৰ-পূৰ্বাঞ্চলৰ স্বাভাৱিক প্ৰৱেশদ্বাৰ গুৱাহাটীত গ্ৰাহকৰ ক্ৰমবৰ্ধমান চাহিদা আৰু প্ৰিমিয়াম ব্ৰেণ্ডসমূহৰ বজাৰ থকাৰ বিপৰীতে ‘গ্ৰেড-এ’ মানৰ মলৰ অভাৱ স্পষ্ট। সেয়েহে এই পদক্ষেপে আমাক পূব আৰু উত্তৰ-পূৰ্বাঞ্চলত অগ্ৰণী স্থান দখল কৰাৰ এক বিশেষ সুযোগ আনি দিছে।” ব্যৱসায়িক পৰিসৰৰ বিষয়ে বিশদভাৱে ব্যাখ্যা কৰি তেওঁ পুনৰ কয়, “এই অধিগ্ৰহণে কলকাতা, গুৱাহাটী, শিলিগুৰি, পাটনা, ভুৱনেশ্বৰ, ৰাঁচী আৰু জামছেদপুৰৰ দৰে পূব ভাৰতৰ প্ৰধান বাণিজ্যিক কেন্দ্ৰসমূহত আমাৰ ব্যৱসায় সম্প্ৰসাৰণৰ পথ প্ৰশস্ত কৰিব। বৰ্তমান পূব ভাৰতৰ চাৰিখন প্ৰধান চহৰত প্ৰায় ৩.৬ মিলিয়ন বৰ্গফুট এলেকা সামৰি ৬টা ‘গ্ৰেড-এ’ মানৰ বাণিজ্যিক প্ৰকল্প গঢ়ি তোলাৰ শক্তিশালী পৰিকল্পনা হাতত লৈছো আৰু অঞ্চলটোত এক শক্তিশালী ভেটি নিৰ্মাণ কৰি আছো। পূব ভাৰতত ৬০০ কোটিতকৈ অধিক টকাৰ নেট পৰিচালন আয় (এনঅ’আই) অৰ্জন কৰিব পৰা এক শক্তিশালী বাণিজ্যিক পৰিসৰ গঢ়ি তোলাৰ লক্ষ্য ৰখা হৈছে, যিয়ে আমাৰ সামগ্ৰিক এনঅ’আইৰ ২৫ শতাংশতকৈ অধিক অৰিহণা যোগাব। বিকাশ, স্থায়িত্ব আৰু গ্ৰাহকৰ সন্তুষ্টিৰ ওপৰত ভিত্তি কৰি গঢ় লোৱা আমাৰ দীৰ্ঘম্যাদী সৰ্বভাৰতীয় নেটৱৰ্কক এই পদক্ষেপে অধিক গতিশীল কৰি তুলিব।”

আনহাতে নেক্সাছ চিলেক্ট ট্ৰাষ্টৰ মুখ্য অধিগ্ৰহণ বিষয়া গৌতম বাছৱানীয়ে কয়, “কোনো ধৰণৰ নিৰ্মাণজনিত বিপদৰ বোজা নোলোৱাকৈ উত্তৰ-পূৰ্বাঞ্চলত এটি বিশ্বমানৰ পৰিসম্পদ সুৰক্ষিত কৰাৰ দিশত এই লেনদেনে নেক্সাছক বিশেষভাৱে সহায় কৰিব। চুক্তি অনুসৰি মলটোৰ অধিগ্ৰহণ মূলধনৰ বাৰ্ষিক আয়ৰ হাৰ (কেপ ৰেট) ৮.২৫ ৰ পৰা ৮.৫০ শতাংশ আৰু হোটেলখনৰ মূল্যায়ন ইবিআইটিডিএৰ তুলনাত প্ৰায় ১১.৫ ৰ পৰা ১২.৫ গুণ ধাৰ্য কৰা হৈছে। এই অধিগ্ৰহণ সম্পূৰ্ণ হোৱাৰ লগে লগে প্ৰতিষ্ঠানটোৰ নেট পৰিসম্পদ মূল্য (এনএভি) আৰু প্ৰতি ইউনিটৰ বিপৰীতে বিতৰণযোগ্য আয় (ডিপিইউ) বৃদ্ধি পাব বুলি আশা কৰা হৈছে। আটাইতকৈ গুৰুত্বপূৰ্ণ কথাটো হ’ল, অধিগ্ৰহণৰ পাছতো আমাৰ লোণ-টু-ভেল্যু (এলটিভি) অনুপাত ২০ শতাংশৰ তলতে থাকিব, যাৰ ফলত ভৱিষ্যতে ব্যৱসায়িক সম্প্ৰসাৰণৰ বাবে আমাৰ হাতত যথেষ্ট পৰিমাণে আৰ্থিক সক্ষমতা অক্ষুণ্ণ ৰ’ব।” ইফালে গেলেক্সী ইনফ্ৰা ক্ৰিয়েশ্যনছ প্ৰাইভেট লিমিটেডৰ প্ৰম’টাৰ মনোজ কায়ল আৰু দীপক কায়লে কয়, “ভাৰতৰ সৰ্ববৃহৎ ‘গ্ৰেড-এ’ নগৰীয়া উপভোক্তা কেন্দ্ৰ প্লেটফৰ্ম নেক্সাছৰ সৈতে অংশীদাৰিত্ব স্থাপন কৰিবলৈ পাই আমি আনন্দিত হৈছো। উত্তৰ-পূব ভাৰতৰ অন্যতম দ্ৰুত বিকাশশীল বজাৰত উচ্চমানৰ খুচুৰা বাণিজ্য, আতিথ্য, বাণিজ্যিক আৰু আৱাসিক আন্তঃগাঁথনিক একেখন চালিৰ তললৈ আনি ‘গেলেক্সী কমপ্লেক্স’ক এক মাইলৰ খুঁটিস্বৰূপ বহুমুখী প্ৰকল্প হিচাপে গঢ়ি তোলাৰ পৰিকল্পনা কৰা হৈছে। এই চুক্তিৰ জৰিয়তে ‘গ্ৰেড-এ’ নগৰীয়া উপভোক্তা কেন্দ্ৰসমূহৰ স্বত্বাধিকাৰী হোৱা, পৰিচালনা কৰা আৰু ব্যৱসায় সম্প্ৰসাৰণৰ ক্ষেত্ৰত নেক্সাছে নিজৰ পৰীক্ষিত দক্ষতা প্ৰয়োগ কৰাৰ সুযোগ পাব, আনহাতে বিশ্বস্বীকৃত আতিথ্য সেৱা আগবঢ়াবলৈ তেওঁলোকৰ সৈতে হাত মিলাব হায়াটে। আমি বিশ্বাস কৰোঁ যে এই লেনদেনে প্ৰকল্পটোৰ সম্পূৰ্ণ সম্ভাৱনাক বাস্তৱত ৰূপায়িত কৰাত সহায় কৰিব আৰু গুৱাহাটীৰ লগতে সমগ্ৰ অঞ্চলটোৰ বাবে এক চিৰস্থায়ী মূল্যসম্পন্ন আকৰ্ষণীয় কেন্দ্ৰ গঢ়ি তুলিব।’’