নিউজ ডেস্ক, ২৪ নৱেম্বৰ, ২০২৬ : উত্তৰ-পূব সীমান্ত ৰে’লৱেৰ মহাপ্ৰবন্ধক বিবেক খাৰেই ২৩ নৱেম্বৰ, ২০২৬ তাৰিখে ডিব্ৰুগড় (Dibrugarh) কোচিং ডিপো আৰু পিট লাইন, ডিব্ৰুগড় ৰে’লৱে ষ্টেচন, বগীবিল সেতু আৰু চিলাপথাৰ ৰে’লৱে ষ্টেচন পৰিদৰ্শন কৰে। তেওঁ চলি থকা ৰে’লপথ নৱীকৰণৰ কামৰ অগ্ৰগতিও পৰ্যালোচনা কৰে। এই পৰিদৰ্শনত ৰক্ষণাবেক্ষণৰ ব্যৱস্থা, ৰে’ল পৰিচালনাৰ সুৰক্ষা আৰু যাত্ৰী সা-সুবিধাৰ ওপৰত বিশেষ গুৰুত্ব আৰোপ কৰা হয়।

পৰিদৰ্শনকালত তিনিচুকীয়া মণ্ডলৰ মণ্ডল ৰে’লৱে প্ৰবন্ধক আৰু উত্তৰ-পূব সীমান্ত ৰে’লৱেৰ মুখ্য কাৰ্যালয় তথা তিনিচুকীয়া মণ্ডলৰ জ্যেষ্ঠ বিষয়াবৰ্গও তেওঁৰ সৈতে উপস্থিত থাকে। ডিব্ৰুগড় কোচিং ডিপো আৰু পিট লাইনত খাৰেই যাত্ৰীবাহী ডবাসমূহৰ পৰীক্ষণ, ৰক্ষণাবেক্ষণ আৰু মেৰামতিৰ ব্যৱস্থাসমূহ পৰ্যালোচনা কৰে। এই ব্যৱস্থাসমূহে ডবাসমূহ চলাচলৰ বাবে উপযোগী কৰি ৰখাৰ লগতে সুৰক্ষিত আৰু নিৰ্ভৰযোগ্য ৰে’ল সেৱা প্ৰদানত সহায় কৰে। ডিব্ৰুগড় আৰু চিলাপথাৰ ৰে’লৱে ষ্টেচনত তেওঁ যাত্ৰীসকলৰ বাবে উপলব্ধ সা-সুবিধাসমূহ পৰিদৰ্শন কৰি যাত্ৰা অধিক আৰামদায়ক আৰু সুবিধাজনক কৰি তোলাৰ ওপৰত বিশেষ গুৰুত্ব আৰোপ কৰে।

মহাপ্ৰবন্ধকগৰাকীয়ে বগীবিল সেতু পৰিদৰ্শন কৰাৰ লগতে ট্ৰেক ৰিলেয়িং ট্ৰেইনৰ সহায়ত চলি থকা সম্পূৰ্ণ ৰে’লপথ নৱীকৰণৰ কামৰ অগ্ৰগতিও পৰ্যালোচনা কৰে। এই পৰিদৰ্শনত ৰে’লপথৰ আন্তঃগাঁথনি অধিক সুদৃঢ় কৰা আৰু গুৰুত্বপূৰ্ণ ৰে’লৱে সম্পদসমূহৰ যথাযথ ৰক্ষণাবেক্ষণৰ জৰিয়তে সুৰক্ষিত আৰু নিৰ্ভৰযোগ্য ৰে’ল চলাচল নিশ্চিত কৰাৰ ওপৰত বিশেষ গুৰুত্ব আৰোপ কৰা হয়। নিয়মীয়া পৰিদৰ্শন আৰু পৰ্যালোচনাৰ জৰিয়তে উত্তৰ-পূব সীমান্ত ৰে’লৱেই ৰক্ষণাবেক্ষণ ব্যৱস্থা অধিক কাৰ্যকৰী কৰা তথা যাত্ৰী সা-সুবিধাৰ উন্নয়ন আৰু ৰে’ল আন্তঃগাঁথনিৰ বিকাশৰ বাবে নিৰন্তৰ পদক্ষেপ গ্ৰহণ কৰি আহিছে। এই প্ৰচেষ্টাসমূহে সমগ্ৰ অঞ্চলটোত সুৰক্ষিত, আৰামদায়ক আৰু সুগম ৰে’ল যাত্ৰা নিশ্চিত কৰাৰ প্ৰতি ৰে’লৱেৰ দায়বদ্ধতাক প্ৰতিফলিত কৰিছে।