গুৱাহাটী, ১৪ ছেপ্টেম্বৰ, ২০২৬ : প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ (Zubeen Garg) স্মৃতি আৰু অসমৰ জাতীয় জীৱনলৈ তেওঁৰ অৱদানক সোঁৱৰণ কৰি অসম জাতীয় পৰিষদে দেওবাৰৰ পৰা ‘জুবিন সপ্তাহ’ৰ কাৰ্যসূচী আৰম্ভ কৰিছে। ‘জুবিন সপ্তাহ’ৰ প্ৰথম দিনটোত দেওবাৰে ৰাজ্যজুৰি ‘নাহৰৰ দিন’ পালন কৰা হয়। অসম জাতীয় পৰিষদৰ আহ্বানমৰ্মে অসমৰ বিভিন্ন জিলাৰ অজাপৰ জিলা, সমষ্টি আৰু পঞ্চায়ত সমিতিসমূহে নাহৰ পুলি ৰোপণ কৰি এই কাৰ্যসূচী পালন কৰে।

এই অভিযানৰ লক্ষ্য হৈছে ৰাজ্যজুৰি ১ লাখ নাহৰ পুলি ৰোপণ কৰা। গুৱাহাটীত অনুষ্ঠিত কেন্দ্ৰীয় কাৰ্যসূচীত অসম জাতীয় পৰিষদৰ সভাপতি লুৰীণজ্যোতি গগৈ, সাধাৰণ সম্পাদক জগদীশ ভূঞাৰ লগতে কামৰূপ মহানগৰ জিলা সমিতিৰ নেতা-কৰ্মীসকল উপস্থিত থাকে। ‘নাহৰৰ দিন’ৰ কাৰ্যসূচীৰ শুভাৰম্ভণি কৰা হয় জুবিন গাৰ্গৰ খাৰঘুলিস্থিত বাসভৱন চৌহদৰ পৰা৷ জুবিন গাৰ্গৰ ঘৰটোৰ চৌহদত নাহৰপুলি ৰোপণ কৰে লুৰীণজ্যোতি গগৈ, জগদীশ ভূঞাকে ধৰি দলটোৰ নেতা-কৰ্মীয়ে৷

ইয়াৰোপৰি, গুৱাহাটীৰ নাৰেংগীৰ বিজয় নগৰ, নুনমাটি, খাৰঘুলিৰ বিহুতলী আৰু সোণাপুৰৰ ‘জুবিন ক্ষেত্ৰ’তো নাহৰ পুলি ৰোপণ কৰি শিল্পীগৰাকীলৈ শ্ৰদ্ধাঞ্জলি নিবেদন কৰে অসম জাতীয় পৰিষদে। উল্লেখযোগ্য যে খাৰঘুলিৰ বিহুতলীতে জুবিন গাৰ্গে বছৰৰ প্ৰথমটো বিহু অনুষ্ঠানৰ শুভাৰম্ভ কৰিছিল। ইয়াৰ লগতে জালুকবাৰীৰ ড° ভূপেন হাজৰিকা সমন্বয় তীৰ্থ আৰু বৰাগাঁৱৰ শ্বহীদ স্মাৰক ক্ষেত্ৰতো নাহৰৰ পুলি ৰোপণ কৰি ‘নাহৰৰ দিন’ পালন কৰে জাতীয়তাবাদী দলটোৱে৷

নাহৰৰ দিন উপলক্ষে অসম জাতীয় পৰিষদৰ সভাপতি লুৰীণজ্যোতি গগৈয়ে কয় যে জুবিন গাৰ্গৰ চেতনা আৰু তেওঁৰ সৃষ্টি-দৃষ্টি আৰু জীৱন-দৰ্শনক নতুন প্ৰজন্মৰ মাজলৈ লৈ যোৱাৰ প্ৰয়াসেৰে জুবিন সপ্তাহৰ আয়োজন কৰা হৈছে৷ প্ৰকৃতিৰ সৈতে জুবিন গাৰ্গৰ একাত্মতাক উপলব্ধি কৰি সমাজমুখী চিন্তা আৰু জুবিন গাৰ্গৰ মানৱতাবাদী দৰ্শনেৰে জাতীয় জীৱনত অগ্ৰসৰ হ’বলৈ অসম জাতীয় পৰিষদে জুবিন গাৰ্গৰ আশিস বিচাৰে বুলিও উল্লেখ কৰে সভাপতিগৰাকীয়ে৷ দলটোৰ সাধাৰণ সম্পাদক জগদীশ ভূঞাই কয় যে জুবিন গাৰ্গৰ আদৰ্শ-দৰ্শন আৰু চিন্তাক প্ৰতিগৰাকী অসমীয়াই আমাৰ আদৰ্শ, আমাৰ দৰ্শন বুলি উপলব্ধি কৰিলে জাতিটোৱে জুবিনৰ পৰা পোৱা প্ৰেৰণাৰ বাটেৰে বাট বুলিবলৈ সাহস আৰু নতুন চিন্তাৰ সন্ধান পাব৷

ইফালে, সোমবাৰে জুবিন সপ্তাহৰ অংশস্বৰূপে ‘মানৱতাৰ দিন’ হিচাপে ‘মানুহে মানুহৰ বাবে’ শীৰ্ষক কাৰ্যসূচী ৰাজ্যজুৰি পালন কৰা হ’ব। ৰাজ্যৰ প্ৰতিখন জিলাত ১০১ গৰাকীকৈ অজাপৰ নেতা-কৰ্মীয়ে ৰক্তদান কৰি জুবিন গাৰ্গলৈ যাচিব অনন্য শ্ৰদ্ধাৰ্ঘ্য৷ জুবিন গাৰ্গৰ স্মৃতি, সৃষ্টি আৰু মানৱীয় মূল্যবোধক জনজীৱনৰ সৈতে সংযোগ কৰাৰ লক্ষ্যৰে গ্ৰহণ কৰা ‘জুবিন সপ্তাহ’ৰ কাৰ্যসূচীসমূহ ১৯ ছেপ্টেম্বৰৰ জুবিন দিৱসলৈ অব্যাহত থাকিব। উল্লেখ্য যে দেওবাৰে সমগ্ৰ অসমত অসম জাতীয় পৰিষদৰ নেতা-কৰ্মী আৰু শুভাকাংক্ষীসকলে নাহৰৰ পুলি ৰোপণ কৰি প্ৰাণৰ শিল্পী জুবিন গাৰ্গক শ্ৰদ্ধাৰে স্মৰণ কৰে৷