নিউজ ডেস্ক, ২৭ অক্টোবৰ, ২০২৬ : উত্তৰ-পূব সীমান্ত ৰে’লৱেত সোমবাৰে সতৰ্কতা সজাগতা সপ্তাহ ২০২৬ৰ শুভাৰম্ভ কৰা হয়। এই সপ্তাহ ২৬ অক্টোবৰৰ পৰা ১ নৱেম্বৰ, ২০২৬লৈ পালন কৰা হ’ব। ইয়াৰ লগতে গুৱাহাটীৰ মালিগাঁৱৰ বি.জি. কলনী এলেকাত নৱনিৰ্মিত “লাচিত বৰফুকন” (Lachit Borphukan) ক্ৰীড়া প্ৰকল্পৰো শুভ উদ্বোধন কৰা হয়। উত্তৰ-পূব সীমান্ত ৰে’লৱেৰ মহাপ্ৰবন্ধক চেতন কুমাৰ শ্ৰীবাস্তৱে জ্যেষ্ঠ ৰে’ল বিষয়া আৰু কৰ্মচাৰীসকলৰ উপস্থিতিত এই ক্ৰীড়া প্ৰকল্প তথা এথলেটিকছ খেলপথাৰখন উদ্বোধন কৰে।
ৰাজহুৱা সেৱাত সততা, স্বচ্ছতা আৰু দায়বদ্ধতাৰ গুৰুত্বৰ ওপৰত আলোকপাত কৰি উত্তৰ-পূব সীমান্ত ৰে’লৱেত এইবাৰৰ সতৰ্কতা সজাগতা সপ্তাহ “সমৃদ্ধিৰ বাবে সততা” শীৰ্ষক মূল বিষয়বস্তুৰে পালন কৰা হৈছে। মালিগাঁৱস্থিত উত্তৰ-পূব সীমান্ত ৰে’লৱেৰ মুখ্য কাৰ্যালয়ত অতিৰিক্ত মহাপ্ৰবন্ধকে আৰু নিৰ্মাণ সংস্থাৰ মুখ্য কাৰ্যালয় চৌহদত মুখ্য প্ৰশাসনিক বিষয়া-I/নিৰ্মাণে অন্যান্য জ্যেষ্ঠ বিষয়া আৰু কৰ্মচাৰীসকলৰ উপস্থিতিত এই কাৰ্যসূচীৰ শুভাৰম্ভ কৰে। প্ৰথম দিনাৰ কাৰ্যসূচীত সততাৰ শপত গ্ৰহণ আৰু পদযাত্ৰাৰ আয়োজন কৰা হয়।
ইয়াৰ জৰিয়তে ৰে’ল কৰ্মচাৰীসকলক নৈতিক আচৰণ বজাই ৰাখিবলৈ আৰু দুৰ্নীতি প্ৰতিৰোধৰ ক্ষেত্ৰত সামূহিক দায়িত্ব পালন কৰিবলৈ উৎসাহিত কৰা হয়। সপ্তাহজোৰা কাৰ্যসূচীৰ অংশ হিচাপে বাটৰ নাট, সতৰ্কতা বুলেটিন প্ৰকাশ আৰু “ঠিকা ব্যৱস্থাপনাত প্ৰতিৰোধমূলক সতৰ্কতা” শীৰ্ষক এখন কৰ্মশালাৰ আয়োজন কৰা হ’ব। এই কাৰ্যসূচীসমূহ উত্তৰ-পূব সীমান্ত ৰে’লৱেৰ বিস্তৃত প্ৰতিৰোধমূলক সতৰ্কতা অভিযানৰ অংশ। এই অভিযানৰ মূল লক্ষ্য হৈছে প্ৰশাসনিক কাৰ্যপদ্ধতিত সততা, স্বচ্ছতা আৰু দক্ষতা বৃদ্ধি কৰি জনসাধাৰণৰ আস্থা অধিক শক্তিশালী কৰা।
আনহাতে, মালিগাঁৱৰ সিৰিশা ৰে’ল উদ্যানৰ সমীপত নৱউদ্বোধিত “লাচিত বৰফুকন” খেলপথাৰত ধনুৰ্বিদ্যাৰ প্ৰশিক্ষণৰ সুবিধাৰ লগতে বিশ্বমানৰ ছিন্থেটিক এথলেটিকছ ট্ৰেকৰ ব্যৱস্থা কৰা হৈছে। এই সুবিধাসমূহে পৰিকল্পিত প্ৰশিক্ষণৰ বাবে এক উপযুক্ত পৰিৱেশ প্ৰদান কৰি উদীয়মান খেলুৱৈসকলৰ ক্ৰীড়াজীৱনৰ ভেটি শক্তিশালী কৰাত সহায় কৰিব। লগতে প্ৰতিষ্ঠিত খেলুৱৈসকলক নিজৰ কৌশল, শাৰীৰিক সক্ষমতা আৰু প্ৰতিযোগিতামূলক প্ৰদৰ্শন অধিক উন্নত কৰাৰ সুযোগ প্ৰদান কৰিব। এই খেলপথাৰখনে উত্তৰ-পূব সীমান্ত ৰে’লৱেৰ ক্ৰীড়া আন্তঃগাঁথনি সমৃদ্ধ কৰাৰ লগতে অঞ্চলটোৰ প্ৰতিভাসম্পন্ন খেলুৱৈসকলৰ বিকাশত অৰিহণা যোগাব।
এই পদক্ষেপসমূহৰ জৰিয়তে উত্তৰ-পূব সীমান্ত ৰে’লৱেই ৰাজহুৱা সেৱা আৰু ক্ৰীড়া উভয় ক্ষেত্ৰতে সততা, অনুশাসন আৰু নিষ্ঠাৰ মূল্যবোধক উৎসাহিত কৰাৰ লক্ষ্য গ্ৰহণ কৰিছে। সতৰ্কতা সজাগতা কাৰ্যসূচীসমূহে দায়িত্বশীল আৰু স্বচ্ছ কৰ্মসংস্কৃতিৰ প্ৰসাৰ ঘটাব। আনহাতে, নতুন খেলপথাৰখনে খেলুৱৈসকলক ক্ৰীড়াক্ষেত্ৰত উৎকৰ্ষ সাধন কৰি ৰে’লৱে তথা দেশলৈ গৌৰৱ কঢ়িয়াই অনাৰ সুযোগ প্ৰদান কৰিব।
