নিউজ ডেস্ক, ৯ অক্টোবৰ, ২০২৬ : উত্তৰ-পূব সীমান্ত ৰে’লৱে (NF Railway) ক্ৰীড়া সংস্থাৰ উদ্যোগত আয়োজিত ৮১ তম সৰ্বভাৰতীয় আন্তঃৰে’লৱে ফুটবল চেম্পিয়নশ্বিপ ২০২৬ ৰ নক-আউট পৰ্যায় ৩ অক্টোবৰ, ২০২৬ তাৰিখে পাণ্ডুৰ উত্তৰ-পূব সীমান্ত ৰে’লৱে ক্ৰীড়া সংস্থাৰ ফুটবল ষ্টেডিয়ামত শুভাৰম্ভ কৰা হয়। ৭ অক্টোবৰত চিত্তৰঞ্জন লোকোমোটিভ ৱৰ্কছ (চিএলডব্লিউ) আৰু উত্তৰ ৰে’লৱেৰ মাজত অনুষ্ঠিত ৰোমাঞ্চকৰ ফাইনেলেৰে প্ৰতিযোগিতাখনৰ সামৰণি পৰে।

চূড়ান্ত খেলখনত চিত্তৰঞ্জন লোকোমোটিভ ৱৰ্কছে জয়লাভ কৰি চেম্পিয়নশ্বিপৰ খিতাপ অৰ্জন কৰে, আনহাতে উত্তৰ ৰে’লৱেই দ্বিতীয় স্থান লাভ কৰিবলৈ সক্ষম হয়। চেন্নাই আৰু জবলপুৰত অনুষ্ঠিত লীগ পৰ্যায়ত সফলতাৰে অতিক্ৰম কৰি নক-আউট পৰ্যায়ৰ বাবে যোগ্যতা অৰ্জন কৰা মুঠ ৮ টা ৰে’লৱে দলে এই চেম্পিয়নশ্বিপত অংশগ্ৰহণ কৰে। যোগ্যতা অৰ্জন কৰা দলসমূহ হৈছে উত্তৰ-পূব সীমান্ত ৰে’লৱে, উত্তৰ ৰে’লৱে, ৰে’ল ক’চ ফেক্টৰী, পশ্চিম মধ্য ৰে’লৱে, দক্ষিণ ৰে’লৱে, চিত্তৰঞ্জন লোকোমোটিভ ৱৰ্কছ, মধ্য ৰে’লৱে আৰু উত্তৰ-পূব ৰে’লৱে।

চূড়ান্ত ফলাফল অনুসৰি চিত্তৰঞ্জন লোকোমোটিভ ৱৰ্কছে চেম্পিয়নশ্বিপৰ খিতাপ অৰ্জন কৰাৰ বিপৰীতে উত্তৰ ৰে’লৱে ৰানাৰ্ছ-আপ হয়। আনহাতে, উত্তৰ পূব সীমান্ত ৰে’লৱে ক্ৰীড়া সংস্থাৰ ফুটবল সম্পাদক তথা প্ৰশিক্ষক ৰঞ্জন দেববৰ্মাৰ সৱল তত্বাৱধানত উত্তৰ-পূব সীমান্ত ৰে’লৱেই তৃতীয় স্থান লাভ কৰি ব্ৰঞ্জৰ পদক অৰ্জন কৰে। চূড়ান্ত খেল আৰু বঁটা প্ৰদান অনুষ্ঠানত চিত্তৰঞ্জন লোকোমোটিভ ৱৰ্কছৰ মহাপ্ৰবন্ধক মোহিত চন্দ্ৰ, উত্তৰ-পূব সীমান্ত ৰে’লৱেৰ অতিৰিক্ত মহাপ্ৰবন্ধক ৰমেশ কুমাৰ, পিচিএমএম/নিৰ্মাণ তথা উত্তৰ-পূব সীমান্ত ৰে’লৱে ক্ৰীড়া সংস্থাৰ সাধাৰণ সম্পাদক নবীন কুমাৰ সিং আৰু উত্তৰ-পূব সীমান্ত ৰে’লৱেৰ মুখ্য কাৰ্যালয়ৰ অন্যান্য জ্যেষ্ঠ ৰে’লৱে বিষয়াসকল উপস্থিত থাকে।

বিশিষ্ট অতিথিসকলে সকলো অংশগ্ৰহণকাৰী দল, খেলুৱৈ আৰু বিষয়াক তেওঁলোকৰ উৎসাহপূৰ্ণ অংশগ্ৰহণ, ক্ৰীড়াসুলভ মনোভাৱ, প্ৰতিযোগিতামূলক প্ৰদৰ্শন আৰু অনুশাসনৰ বাবে প্ৰশংসা কৰাৰ লগতে ধন্যবাদ জ্ঞাপন কৰে।এই সকলোৰে সহযোগিতা আৰু অৱদানৰ ফলত চেম্পিয়নশ্বিপখন সফলভাৱে সম্পন্ন হয়। ৩ অক্টোবৰৰ পৰা ৭ অক্টোবৰ, ২০২৬ লৈ অনুষ্ঠিত নকআউট পৰ্যায়ে ৰে’লৱেৰ ফুটবল দলসমূহক ৰাষ্ট্ৰীয় পৰ্যায়ত নিজৰ প্ৰতিভা আৰু ক্ৰীড়া নৈপুণ্য প্ৰদৰ্শনৰ এক গুৰুত্বপূৰ্ণ মঞ্চ প্ৰদান কৰে। মালিগাঁৱত অনুষ্ঠিত এই চেম্পিয়নশ্বিপে ৰে’লৱেৰ কৰ্মচাৰীসকলৰ মাজত ক্ৰীড়াৰ প্ৰসাৰ আৰু ক্ৰীড়া প্ৰতিভাৰ বিকাশত উত্তৰ-পূব সীমান্ত ৰে’লৱে ক্ৰীড়া সংস্থাৰ সক্ৰিয় ভূমিকা প্ৰতিফলিত কৰে।