নিউজ ডেস্ক, ১৩ অক্টোবৰ, ২০২৬ : উত্তৰ-পূব সীমান্ত ৰে’লৱেই ২০২৬ বৰ্ষৰ ছেপ্টেম্বৰ মাহত মালবাহী ৰে’লযোগে সামগ্ৰী পৰিবহণৰ ক্ষেত্ৰত উল্লেখনীয় প্ৰদৰ্শন অব্যাহত ৰাখি আনলোডিঙৰ দিশত ধাৰাবাহিক সফলতা অৰ্জন কৰিবলৈ সক্ষম হৈছে। উক্ত মাহটোৰ সময়ছোৱাত সৰ্বমুঠ ১,০৯৪ খন মালবাহী ৰে’লৰ ৰেক সংমণ্ডলটোৰ বিভিন্ন স্থানত আনলোড কৰা হয়, যি মালবাহী ৰে’ল পৰিচালনৰ ক্ষেত্ৰত এক আশাব্যঞ্জক অগ্ৰগতিকেই প্ৰতিফলিত কৰিছে।
২০২৬ বৰ্ষৰ ছেপ্টেম্বৰ মাহৰ সময়ছোৱাত উত্তৰ-পূব সীমান্ত ৰে’লৱেই অত্যাৱশ্যকীয় আৰু ঔদ্যোগিক সামগ্ৰীৰ নিৰৱচ্ছিন্ন পৰিবহণ নিশ্চিত কৰি তোলে। খাদ্যশস্য, খাদ্য-উপযোগী সামগ্ৰী, সাৰ, চেনি, কয়লা, নিমখ, টেংক ৱাগনত পৰিবহণ কৰা সামগ্ৰী আৰু অন্যান্য সামগ্ৰীসমূহ সংমণ্ডলটোৰ বিভিন্ন গুডচ শ্বেডত দক্ষতাৰে আনলোড কৰা হয়। ইয়াৰ ফলত সামগ্ৰীসমূহৰ সময়মতে বিতৰণ সম্ভৱ হোৱাৰ লগতে মালবাহী সেৱাৰ নিৰ্ভৰযোগ্যতাও অধিক শক্তিশালী হৈ পৰে।
মালবাহী পৰিবহণৰ এক উল্লেখযোগ্য অংশ উত্তৰ-পূৰ্বাঞ্চলৰ ৰাজ্যসমূহৰ চাহিদা পূৰণৰ বাবে ব্যৱহাৰ কৰা হয়। অসমত সৰ্বাধিক ৫৮৫ খন ৰেক আনলোড কৰা হয়, য’ত অত্যাৱশ্যকীয় আৰু অন্যান্য উভয় প্ৰকাৰৰ সামগ্ৰী অন্তৰ্ভুক্ত থাকে যি ৰাজহুৱা বিতৰণ ব্যৱস্থা, ঔদ্যোগিক কাৰ্যকলাপ আৰু দৈনন্দিন গ্ৰাহকৰ প্ৰয়োজনীয়তা পূৰণৰ ক্ষেত্ৰত ৰে’লৱেৰ গুৰুত্বপূৰ্ণ ভূমিকাকে প্ৰতিফলিত কৰিছে। একে সময়ছোৱাত ত্ৰিপুৰাত ১০২ খন, নাগালেণ্ডত ১৫ খন, মণিপুৰত ২৮ খন, অৰুণাচল প্ৰদেশত ৬খন আৰু মিজোৰামত ৫ খন ৰেক আনলোড কৰা হয়।
ইয়াৰ উপৰিও, পশ্চিম বংগত ২০৮খন আৰু বিহাৰত ১৪৫ খন ৰেক আনলোড কৰা হয় আৰু এইসমূহ ৰেকত অত্যাৱশ্যকীয় আৰু অন্যান্য উভয় প্ৰকাৰৰ সামগ্ৰী অন্তৰ্ভূক্ত আছিল, যিসমূহে আঞ্চলিক যোগানৰ ধাৰাবাহিকতা, বাণিজ্যিক সংযোগ আৰু সমগ্ৰ অঞ্চলটোৰ অৰ্থনৈতিক কাৰ্যকলাপ অধিক শক্তিশালী কৰি তুলিছে। অত্যাৱশ্যকীয় আৰু অন্যান্য সামগ্ৰীৰ অবিৰত পৰিবহণে জনসাধাৰণৰ দৈনন্দিন প্ৰয়োজনীয়তা পূৰণ কৰাৰ লগতে অঞ্চলটোৰ অৰ্থনৈতিক কামকাজৰ বিকাশ আৰু শক্তিশালীকৰণত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছে। প্ৰতিটো স্তৰত ফলপ্ৰসূ নিৰীক্ষণৰ ফলত ৰেক আনলোড কৰাৰ বাবে প্ৰয়োজন হোৱা টাৰ্ণ এৰাউণ্ড সময় হ্ৰাস কৰাৰ লগতে সামগ্ৰিকভাৱে সামগ্ৰী আনলোডিঙৰ দক্ষতা উন্নত কৰাত সহায়ক হৈছে।
