নিউজ ডেস্ক, ১৭ অক্টোবৰ, ২০২৬ : ভাৰতীয় ফেশ্বন (Fashion) জগতৰ এক অন্যতম শ্ৰেষ্ঠ মঞ্চ ‘লেকমে’ ফেশ্বন উইক’ত অসমীয়া পাট-মুগাৰ পৰম্পৰাগত মেখেলা-চাদৰক পুনৰ এবাৰ নতুন মাত্ৰাত উজলাই তুলিলে আগশাৰীৰ ফেশ্বন ডিজাইনাৰ সংযুক্তা দত্তই৷ নতুন দিল্লীত অনুষ্ঠিত লেকমে’ ফেশ্বন উইক, ২০২৬ত শুকুৰবাৰে আবেলি সংযুক্তা দত্তই তেঁওৰ নৱতম ফেশ্বনৰ হস্ততাঁত বস্ত্ৰ সম্ভাৰ ‘চেনেহ’ (SENEH – The Affection) শীৰ্ষক শ্ব’ প্ৰদৰ্শন কৰি উপস্থিত দৰ্শক তথা ফেশ্বন বিশেষজ্ঞ সকলক মুগ্ধ কৰি তোলে৷

দেশে-বিদেশে অসমীয়া পাট, মুগা আৰু এৰী কাপোৰ তথা মেখেলা-চাদৰক আধুনিক ফেশ্বনৰ জগতত এক সুকীয়া পৰিচয় দিবলৈ সক্ষম হৈছে ফেশ্বন ডিজাইনাৰ সংযুক্তা দত্ত৷ ভাৰতৰ প্ৰসিদ্ধ লেকমে’ ফেশ্বন উইকত এইবাৰ সংযুক্তা দত্তৰ ‘চেনেহ’ (SENEH – The Affection) নামৰ শ্ব’ত অভিনেত্ৰী শিল্পা শিৰোদকাৰে শ্ব’ষ্টপাৰ হিচাপে অংশগ্ৰহণ কৰে৷ এইবাৰৰ শ্ব’ত পৰম্পৰাগত অসমীয়া সাজ-পোছাকৰ চিৰন্তন আবেদনক আধুনিক চিলাই শৈলী আৰু এক সুকীয়া, সুসংহত বৰ্ণ-শৈলীৰ (palette) জৰিয়তে তুলি ধৰিবলৈ সক্ষম হৈছে সংযুক্তা দত্ত।

‘চেনেহ’ বা মৰম অৰ্থ বহন কৰা এই ফেশ্বন সংগ্ৰহটিয়ে অসমৰ প্ৰধান বস্ত্ৰ ঐতিহ্য মুগা ৰেচমৰ সোণালী ৰঙৰ পৰা অনুপ্ৰেৰণা লাভ কৰি সংযুক্তাৰ মনত আত্মপ্ৰকাশ কৰিছিল। সোণ বৰণীয়া মুগাৰ সপোন সপোন লগা ৰঙৰ সমান্তৰালভাৱে সংযক্তা দত্তই মেখেলা-চাদৰক নতুন ৰূপত উপস্থাপন কৰিবলৈ সক্ষম হৈছে। সংযুক্তা দত্তই মেখেলা-চাদৰৰ লগত সংগতি ৰাখি সময়ৰ পৰিৱৰ্তিত ৰুচিৰ লগত খাপ খুৱাই প্ৰস্তুত কৰা সমসাময়িক আধুনিক পোচাক আৰু স্কাৰ্টসমূহৰ জড়িয়তে নতুন দিল্লীৰ তাজ পেলেচ হোটেলত অনু্ষ্ঠিত শ্ব’টোত সকলোকে মুগ্ধ কৰি ৰাষ্ট্ৰীয় ফেশ্বন জগতত নিজৰ লগতে অসমৰ সুনাম এইবাৰো অক্ষুণ্ণ ৰাখিবলৈ সক্ষম হৈছে৷ দেশৰ আগশাৰীৰ বিভিন্ন ফেশ্বন শ্ব’ৰ লগতে পেৰিছ ফেশ্বন উইক, নিউয়ৰ্ক ফেশ্বন উইক, মিলান ফেশ্বন উইক আৰু কাঁ আদিৰ দৰে বিশ্বৰ প্ৰতিষ্ঠিত মঞ্চসমূহত অসমীয়া হস্ততাঁত বস্ত্ৰশিল্পক সংযুক্তা দত্তই যোৱা দেৰটা দশক ধৰি ধাৰাবাহিকভাৱে প্ৰতিনিধিত্ব কৰি আহিছে।

উল্লেখযোগ্য যে ৰাষ্ট্ৰীয়-আন্তঃৰাষ্ট্ৰীয় মঞ্চত সংযুক্তা দত্তই নিজৰ ফেশ্বনৰ বস্ত্ৰ সম্ভাৰৰ শ্ব’ সমূহক বিশেষ নামকৰণেৰে নামকৰণ কৰি আহিছে৷ সংযুক্তাই নিজৰ জন্মভূমি অসমৰ সাংস্কৃতিক শব্দভাণ্ডাৰৰ পৰা অনুপ্ৰেৰণা লৈ নিজৰ প্ৰতিটো শ্ব’ৰ নামকৰণ কৰি আহিছে৷ ইয়াৰ দ্বাৰা বস্ত্ৰ ঐতিহ্যক অসমৰ বাহিৰৰ মহিলাসকলৰ বাবে উপযোগী ৰূপলৈ সম্প্ৰসাৰিত কৰাৰ প্ৰয়াস কৰি আহিছে সংযুক্তাই । এইবাৰৰ ‘চেনেহ’ শ্ব’ৰ পূৰ্বে নিউয়ৰ্ক ফেশ্বন উইকত কুঁৱলী (Kuwoli — The Mist), পেৰিছ ফেশ্বন উইক আৰু লেকমে’ ফেশ্বন উইকত চিকিমিকি (Chiki-Miki), আলফুল (Alphool) আদি অসমীয়া সুকোমল শব্দৰে সংযুক্তাই বিগত সময়ত বস্ত্ৰৰ ফেশ্বন অনুযায়ী মিলি যোৱাকৈ নিজৰ শ্ব’সমূহৰ নামকৰণ কৰি আহিছে ।

এইবাৰৰ লেকমে’ ফেশ্বন উইকৰ ‘চেনেহ’ শীৰ্ষক শ্ব’ৰ বিষয়ে ডিজাইনাৰ সংযুক্তা দত্তই কয়, “জন্মভূমি অসম কেৱল মোৰ অনুপ্ৰেৰণাই নহয়, মোৰ প্ৰতিটো সৃষ্টিৰ মূল ভিত্তি। ‘চেনেহ’ৰ জৰিয়তে মই মোৰ জন্মভূমিৰ পৰিচয়ৰ মাজেৰে এটি গভীৰ মানৱীয় অনুভূতি প্ৰকাশ কৰিব বিচাৰিছিলোঁ—ভালপোৱাৰ অনুভৱ, আপোনত্বৰ সৰলতা আৰু আমি প্ৰজন্মৰ পৰা প্ৰজন্মলৈ কঢ়িয়াই নিয়া মৰম লগা স্মৃতিসমূহ। মুগাৰ স্বাভাৱিক সৌন্দৰ্য্য আৰু ইয়াৰ সুকীয়া নম্ৰতাই মোক এই বস্ত্ৰ সম্ভাৰৰ আৰম্ভণিৰ বাবে সদায় উৎসাহ দি আহিছে। কিন্তু মোৰ বাবে এই ডিজাইনবোৰ কেৱল ৰং বা কাপোৰতে সীমাৱদ্ধ নহয়। এয়া— আমাৰ অসমীয়া বস্ত্ৰশিল্পক জীৱন্ত কৰি তোলা শিপিনীৰ যাদুকৰী হাতবোৰ, এয়া আমাৰ শিপিনীসকলৰ জ্ঞান আৰু অসমীয়া ডিজাইনক এখন প্ৰসাৰিত মঞ্চৰ দৰ্শকৰ মাজলৈ লৈ যোৱাত মোৰ ভিতৰত থকা দায়িত্ববোধ বুলি মই ভাবো। মই বিচাৰোঁ যে মেখেলা-চাদৰক জগতৰ যিকোনো ঠাইৰ মহিলাসকলে আঁকোৱালি লওক, পৰীক্ষা-সম্পৰীক্ষাৰে গৌৰৱেৰে নিজৰ ভাল লগা ধৰণেৰে পিন্ধক৷“

আনহাতে, সংগ্ৰহটোৰ শ্ব’ষ্টপাৰ হিচাপে মোহময়ী অভিনেত্ৰী শিল্পা শিৰোদকাৰে অসমীয়াৰ স্বাভিমানৰ পৰিচয়ৰ ওপৰত প্ৰতিষ্ঠিত এই প্ৰদৰ্শনীত বিশেষভাৱে মুগা বস্ত্ৰক উদ্ভাসিত কৰিলে। অভিনেত্ৰী গৰাকীৰ দেহত সুশোভিত অসমীয়া সাজ-পোছাক ভিত্তিক শিল্পকলাই শুকুৰবাৰৰ দিনটোত লেকমে’ ফেশ্বন উইকৰ ৰেম্পত প্ৰাণ পাই উঠে৷ সংযুক্তা দত্তৰ নতুন ডিজাইন সমূহ পৰিধান কৰি শিল্পা শিৰোদকাৰে কয়, “মই ফেশ্বনৰ ক্ষেত্ৰত আটাইতকৈ বেছি ভাল পাওঁ তেতিয়া, যেতিয়া আপুনি পিন্ধা কাপোৰৰ আঁৰত কিবা এটা কাহিনী থাকে। ‘চেনেহ’ৰ হৃদয়ত অতি সুন্দৰ আৱেগ জড়িত হৈ আছে; মৰম, উম আৰু আপোনাৰ শিপাৰ লগত সংযুক্ত হৈ থকাৰ অনুভূতি। মুগাৰ দ্বাৰা অনুপ্রাণিত ৰংটো বৰ সুন্দৰ; ইয়াৰ এক স্বাভাৱিক, সংযত আভিজাত্য আছে, আৰু অসমীয়াৰ মেখেলা- চাদৰখন ইমান সুকীয়া। এনে এটা সাজ পিন্ধাৰ এক বিশেষ আনন্দ আছে— যিয়ে এটা সংস্কৃতি, ইয়াৰ মানুহ আৰু প্ৰজন্মৰ পিছত প্ৰজন্ম ধৰি চলি অহা শিল্পকলাক প্ৰতিনিধিত্ব কৰে। মোৰ বাবে সংযুক্তাৰ সৃষ্টিৰ অংশ হ’ব পৰাটো আৰু তেওঁ কিদৰে অসমীয়া পৰম্পৰাক সমসাময়িক পৰিসৰলৈ লৈ আহিছে সেয়া অনুভৱ কৰাটো বৰ আনন্দদায়ক অভিজ্ঞতা আছিল। কোনো কথা প্ৰকাশ কৰিবলৈ সদায় চিঞৰ-বাখৰৰ প্ৰয়োজন নহয়; কেতিয়াবা সৌন্দৰ্য্যতো কাপোৰে আপোনাৰ মনত এৰি যোৱা অনুভৱখিনি নিহিত হৈ থাকে।”

‘চেনেহ’ৰ জৰিয়তে সংযুক্তাই ভাৰতীয় ফেশ্বন জগতলৈ শেহতীয়াকৈ এনে এক অৱদান আগবঢ়ালে, যি অসমীয়া বস্ত্ৰ পৰম্পৰাক পুনৰ এবাৰ সমৃদ্ধ কৰিলে৷ গুৱাহাটীৰ বাসিন্দা নগাঁৱৰ জীয়াৰ, লখিমপুৰৰ বোৱাৰী সংযুক্তা দত্ত সম্প্ৰতি দেশৰ এগৰাকী সুপৰিচিত অগ্ৰণী ফেশ্বন ডিজাইনাৰ৷ সংযুক্তা দত্তৰ সৃষ্টিসমূহে অসমীয়া বস্ত্ৰ পৰম্পৰা আৰু ফেশ্বনৰ বিশ্বজনীন আধুনিকতাক সুন্দৰভাৱে প্ৰতিনিধিত্ব কৰি আহিছে। আভিজাতসুলভ অসমীয়া ৰেচম, বিশেষকৈ মুগা আৰু পাটৰ দ্বাৰা প্ৰস্তুত কৰা আইকনিক মেখেলা-চাদৰৰ বাবে পৰিচিত সংযুক্তা দত্ত৷ তেওঁৰ ডিজাইনসমূহে সমসাময়িক ৰুচিৰ প্ৰতি সন্মান জনোৱাৰ লগতে অসমৰ জীৱন্ত ঐতিহ্যক প্ৰতিনিধিত্ব কৰি আহিছে৷ নিজৰ কেৰিয়াৰ অসম চৰকাৰৰ সহকাৰী অভিযন্তা হিচাপে আৰম্ভ কৰিছিল যদিও ফেশ্বন জগতে তেওঁক হাতবাউলি মাতিছিল৷ যাৰ বাবে ৰং, ডিজাইন আৰু কাপোৰৰ জৰিয়তে সপোন বাস্তৱ কৰাৰ হেঁপাহত তেওঁ ২০১২ চনত ফেশ্বন জগতত প্ৰৱেশ কৰি এক সাহসী যাত্ৰা আৰম্ভ কৰে৷

মন কৰিবলগীয়া যে সংযুক্তাৰ দৃষ্টিভংগী কেৱল ফেশ্বনতে সীমাবদ্ধ নহয়। যেতিয়া অসমীয়া হস্ততাঁত উদ্যোগটোৱে পৰম্পৰা আৰু আধুনিকতাৰ আলিদোমোজাত সংগ্ৰাম কৰি আছিল, তেতিয়া তেওঁ ইয়াক উজ্জীৱিত কৰাৰ বাৱে আগবাঢ়ি আহিছিল। ফেশ্বন জগতলৈ অৱদানৰ উপৰিও গৃহহীন বা দুৰ্দশাগ্ৰস্ত বস্ত্ৰশিল্পীসকলক একত্ৰিত কৰি আৰু তেওঁলোকক স্থায়ী জীৱিকা প্ৰদান কৰি তেওঁ সৃজনশীলতা আৰু শিল্পকলাৰ ওপৰত নিৰ্ভৰশীল এদল বস্ত্ৰশিল্পী বা কলা-কুশলী গঢ়ি তুলিছে। বৰ্তমান তেওঁ হস্ততাঁত শিল্পৰ জড়িয়তে ২০০ টাৰো অধিক পৰিয়ালক আৰ্থিক সমৰ্থন আগবঢ়াই অহাৰ লগতে তেওঁলোকৰ শিক্ষা, স্বাস্থ্যসেৱা আৰু নিজৰ ঐতিহ্যৰ প্ৰতি গৌৰৱৰ অনুভূতিও সুনিশ্চিত কৰিছে। বিগত সময়চোৱাত সংযুক্তাই পেৰিছ ফেশ্বন উইক, নিউয়ৰ্ক ফেশ্বন উইক, মিলান ফেশ্বন উইক আৰু কাঁ আদিৰ দৰে বিশ্বৰ প্ৰতিষ্ঠিত মঞ্চসমূহত অসমীয়া হস্ততাঁত শিল্পক ধাৰাবাহিকভাৱে প্ৰতিনিধিত্ব কৰি আহিছে।