গুৱাহাটী, ৫ নৱেম্বৰ, ২০২৬ : অসমৰ জনগণৰ হিয়াৰ আমঠু , প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ হত্যাকাণ্ডৰ প্ৰকৃত ন্যায়ৰ দাবীত আজি গুৱাহাটীৰ সোণাপুৰস্থিত ‘জুবিন ক্ষেত্ৰ’ত এক অভূতপূৰ্ব আৰু ঐতিহাসিক গণ সমাৱেশ অনুষ্ঠিত হৈ যায়। ‘জুবিন গাৰ্গ ন্যায় দাবী সমিতি’ৰ উদ্যোগত আয়োজিত এই বিশাল গণ সমাৱেশত ৰাজ্যৰ ভিন্ন প্ৰান্তৰ হাজাৰ হাজাৰ জুবিন অনুৰাগী, আবাল-বৃদ্ধ-বণিতা স্বতঃস্ফূৰ্তভাৱে ওলাই আহে। সমবেত সহস্ৰাধিক জনতাৰ ‘জুবিন দাৰ ন্যায় লাগিবই’ ধ্বনিয়ে আজি কঁপাই তোলে সমগ্ৰ জুবিন ক্ষেত্ৰ।

উল্লেখ‍্য যে ৬ নৱেম্বৰত উচ্চতম ন্যায়ালয়ত জুবিন গাৰ্গৰ হত্যাকাণ্ডৰ মূল অভিযুক্ত তথা অপৰাধমূলক ষড়যন্ত্ৰকাৰীসকলৰ জামিন আবেদনৰ চূড়ান্ত শুনানি গ্ৰহণ কৰা হ’ব। এই গুৰুত্বপূৰ্ণ শুনানিৰ ঠিক আগদিনা, অৰ্থাৎ আজি ৫ নৱেম্বৰত সমগ্ৰ অসমৰ জুবিন অনুৰাগী ৰাইজে একগোট হৈ কেন্দ্ৰ আৰু ৰাজ‍্য চৰকাৰলৈ এক কঠোৰ হুংকাৰ প্ৰেৰণ কৰে। সমাৱেশৰ পৰা স্পষ্টকৈ সকীয়াই দিয়া হয় যে যদিহে কোনো কাৰণত এই ‘হত্যাকাণ্ড’ৰ অভিযুক্তই কালিলৈ জামিন লাভ কৰি মুকলি আকাশৰ তললৈ আহে, তেন্তে সমগ্ৰ অসম আকৌ এবাৰ উত্তাল হৈ পৰিব। চৰকাৰৰ বিৰুদ্ধে হ’ব প্ৰৱল বিদ্ৰোহ।

এই বিশাল সমাৱেশৰ পৰা ৰাইজে চৰকাৰৰ ওচৰত কেইবাটাও গুৰুত্বপূৰ্ণ দাবী উত্থাপন কৰে। ৬ নৱেম্বৰত ছুপ্ৰিম ক’ৰ্টত হ’বলগীয়া শুনানিত ভাৰত চৰকাৰৰ ছলিচিটৰ জেনেৰেল তুষাৰ মেহতাৰ উপস্থিতি আৰু জামিন নাকচ চৰকাৰে যিকোনো প্ৰকাৰে সুনিশ্চিত কৰিব লাগিব বুলি ৰাইজে জোৰদাৰ দাবী জনায়। দেশৰ ছলিচিটৰ জেনেৰেলজন নিজে আদালতত উপস্থিত থাকি শ‍্যামকানু মহন্তকে ধৰি জে’লত থকা প্ৰতিজন অভিযুক্তৰ বিৰুদ্ধে চৰকাৰী পক্ষৰ পৰা যাতে দৃঢ় আৰু কঠোৰ যুক্তি প্ৰদৰ্শন কৰে, সেয়া নিশ্চিত কৰিবলৈ চৰকাৰক দাবী জনোৱা হয়। চৰকাৰে ন‍্যায়ালয়ক জনাই দিয়ক যে এই অভিযুক্তসকলে জামিন লাভ কৰিলে অসমত আইন-শৃংখলাৰ পৰিস্থিতিৰ সৃষ্টি হ’ব। ইয়াৰ সমান্তৰালভাৱে যিসকল অভিযুক্তই ইতিমধ্যে বিভিন্ন আইনী সুৰুঙাৰে জামিন লাভ কৰি মুকলি আকাশৰ তলত ঘূৰি ফুৰিছে, তেওঁলোকৰ জামিনো শীঘ্ৰে নাকচ কৰিবলৈ চৰকাৰক কঠোৰ আইনী ব্যৱস্থা গ্ৰহণ কৰিবলৈ সমাৱেশৰ পৰা হুংকাৰ দিয়া হয়। ৰাইজৰ স্পষ্ট কথা- প্ৰতিজন দোষীক পুনৰ কাৰাগাৰৰ ভিতৰলৈ প্ৰেৰণ কৰিবই লাগিব।

বিকাশ অসমে আঁত ধৰা জুবিন ক্ষেত্ৰৰ এই গণ সমাৱেশত বিশেষভাৱে সক্ষম ঈশান শৰ্মাই আৰম্ভণি ভাষণ প্ৰদান কৰি কয় যে জুবিন দাৰ ন্যায়ৰ বাবে আমি বদ্ধপৰিকৰ। জুবিন অনুৰাগী ঈশানে হাজাৰ হাজাৰ ৰাইজৰ সন্মুখত থিয় হৈ মুখ‍্যমন্ত্ৰীয়ে জুবিনদাৰ মৃত‍্যুক হত‍্যাকাণ্ড বুলি নিজে কোৱাৰ পাছতো কিয় আজিলৈকে জুবিন গাৰ্গে ন‍্যায় লাভ নকৰিলে বুলিও ক্ষোভ উজাৰে। বিশাল সমাৱেশত চিত্ৰশিল্পী মাৰ্শ্বেল বৰুৱাই ৰাইজক উদ্দেশ্যি কয় যে জুবিন দাৰ ন্যায় প্ৰাপ্তি আমাৰ অধিকাৰ। এই অধিকাৰৰ বাবে আমি যুঁজি যাম। লগতে মাৰ্শ্বেল বৰুৱাই উল্লেখ কৰে যে তেওঁ সদায় ৰাইজৰ কাষত আছিল আৰু থাকিব। অহা ১৮ নৱেম্বৰ তাৰিখে গণেশগুৰিত জুবিন গাৰ্গৰ ছবি অংকণ কৰিব বুলিও জানিবলৈ দিয়ে। উপস্থিত ৰাইজক উদ্দেশ্যি ড° জ্ঞানশ্ৰী বৰাই কয় যে জুবিন গাৰ্গৰ ন্যায় বিচাৰি আমি এনেকৈ সমাৱেশ, প্ৰতিবাদ কৰিবলগা হোৱা কথাটোৱেই দুৰ্ভাগ্যজনক। বুকুৰ আপোন শিল্পীগৰাকীৰ মৃত্যুৰ পাছতো আমি এনেকৈ ন্যায় বিচাৰি হাবাথুৰি খাব লগাটো আমাৰ বাবে অসহনীয় কথা বুলি উল্লেখ কৰে জ্ঞানশ্ৰী বৰাই।

তাৰ পিছতেই ক্ৰমান্বয়ে হুছেইন মহম্মদ ছাহজাহান, সন্দিকৈ ছোৱালী মহাবিদ্যালয়ৰ সভানেত্ৰী ভায়লীনা ফুকন, বি. বৰুৱা মহাবিদ্যালয়ৰ ছাত্ৰ জ্যোতিষ্মান ফুকনে উল্লেখ কৰে যে আমি ছাত্ৰ সমাজ কেতিয়াও মনে মনে বহি নাথাকোঁ। মই সেইখন বি.বৰুৱা কলেজৰ পৰা আহিছোঁ যিখন কলেজৰ প্ৰাক্তন ছাত্ৰ আছিল জুবিন গাৰ্গ। জুবিন গাৰ্গৰ ন্যায়ৰ বাবে আমি ৰাজপথত নামিবলৈ সাজু। অসমৰ মুখ্যমন্ত্ৰীয়ে জুবিন গাৰ্গৰ হত্যা হৈছে বুলি কোৱাৰ পাছত কিদৰে এজন এজনকৈ অভিযুক্তই জামিন লাভ কৰি মুকলি আকাশৰ তললৈ আহিছে বুলি প্ৰশ্ন কৰে বি.বৰুৱা কলেজৰ ছাত্ৰ সমাজে। গণ সমাৱেশত জনপ্ৰিয় কণ্ঠশিল্পী মহেন্দ্ৰ হাজৰিকাই জুবিন গাৰ্গক লৈ এটি গীত গোৱাৰ লগতে ‘জনতা আৰু জাগিব, জনতা জুই হৈ জাগিব’ বুলিও সকীয়াই দিয়ে। সভাত গুৱাহাটী প্ৰেছ ক্লাৱৰ সভাপতি খগেন কলিতা, কৃষক নেতা হৰেশ্বৰ বৰ্মন, জাতীয় যুৱ শক্তিৰ সভাপতি অংকুৰ প্ৰতিম গগৈ, শ্বহীদ কুশল কোঁৱৰৰ নাতি পৰমজিৎ কোঁৱৰ আদিয়ে ভাষণ দিয়ে।

সভাৰ শেষৰফালে অখিল গগৈৰ আহ্বানত উপস্থিত থকা হাজাৰ হাজাৰ ৰাইজে মুষ্টিবদ্ধ হাত দাঙি ‘জুবিন গাৰ্গৰ হত‍্যাকাৰী জে’লত থাকিব লাগিবই’, ‘জুবিন দাই ন‍্যায় পাব লাগিবই’, ‘জুবিন দা অমৰ হওক’, ‘হত‍্যাকাৰীক ফাঁচি দিয়ক’ শ্লোগানেৰে জুবিন ক্ষেত্ৰ উত্তাল কৰি তোলে। অথিল গগৈৰ নেতৃত্বত ৰাইজে জুবিন গাৰ্গৰ ন‍্যায়ৰ বাবে সংগ্ৰামৰ সংকল্প গ্ৰহণ কৰে। ‘জুবিন গাৰ্গ ন্যায় দাবী সমিতি’ আৰু সমবেত হাজাৰ হাজাৰ ৰাইজে চৰকাৰক সকীয়াই দি কয় যে জুবিন গাৰ্গ কেৱল এজন শিল্পী নাছিল, তেওঁ আছিল অসমীয়া জাতিৰ স্পন্দন। গতিকে তেওঁৰ ন্যায়ৰ ক্ষেত্ৰত কোনো ধৰণৰ আপোচ সহ্য কৰা নহ’ব। ৬ নৱেম্বৰৰ আদালতৰ শুনানিৰ ওপৰত সমগ্ৰ অসমবাসীয়ে চকু ৰাখিছে আৰু ন্যায় লাভ নকৰালৈকে এই গণ সংগ্ৰাম অব্যাহত থাকিব বুলিও সকীয়াই দিছে জুবিন গাৰ্গ ন‍্যায় দাবী সমিতিয়ে।