গুৱাহাটী, ৯ নৱেম্বৰ, ২০২৬ : দেওবাৰে প্ৰথম বাহিনী সশস্ত্ৰ সীমা বল, সোণাপুৰৰ (Sonapur) বাহিনী মুখ্য কাৰ্যালয়ৰ মন্দিৰ প্ৰাংগণত সন্দিক্ষা পৰিয়ালৰ সদস্যাসকলৰ বাবে দীপাৱলী উপলক্ষে বিশেষ পূজা-অৰ্চনা আৰু সাংস্কৃতিক অনুষ্ঠানৰ আয়োজন কৰা হয়। এই অনুষ্ঠানটো সন্দিক্ষাৰ সভানেত্ৰী বৈশালী কৌশিকৰ মাৰ্গদৰ্শন আৰু প্ৰথম বাহিনী সশস্ত্ৰ সীমা বল, সোণাপুৰৰ কমাণ্ডেণ্ট সুনীল কৌশিকৰ তত্ত্বাৱধানত অনুষ্ঠিত কৰা হয়।
এই পৱিত্ৰ উপলক্ষে সন্দিক্ষা পৰিয়ালৰ সদস্যাসকলে পৰম্পৰাগত ৰীতি-নীতি অনুসৰি বিশেষ দীপাৱলী পূজা-অৰ্চনা কৰে আৰু বাহিনীৰ সকলো বিষয়া, জোৱান তথা তেওঁলোকৰ পৰিয়ালৰ সুখ-সমৃদ্ধি, শান্তি আৰু মংগল কামনা কৰে। অনুষ্ঠানৰ অংশ হিচাপে শিশুসকলে মনোমোহা নৃত্য পৰিৱেশন কৰাৰ লগতে গীত-মাত আৰু বিভিন্ন সাংস্কৃতিক অনুষ্ঠান পৰিৱেশন কৰে। শিশুসকলৰ আকৰ্ষণীয় পৰিৱেশনাই উপস্থিত সকলোকে আনন্দিত কৰে আৰু অনুষ্ঠানটোত এক উৎসৱমুখৰ পৰিৱেশৰ সৃষ্টি কৰে।
এই অনুষ্ঠানত সন্দিক্ষা পৰিয়ালৰ সদস্যাসকল আৰু বাহিনীৰ কৰ্মীসকলে উৎসাহেৰে অংশগ্ৰহণ কৰে। মন্দিৰ প্ৰাংগণ চাকি আৰু বন্তিৰ পোহৰেৰে সুন্দৰকৈ আলোকিত হৈ পৰে। অনুষ্ঠানটোৰ জৰিয়তে প্ৰেম, একতা, ভাতৃত্ববোধ আৰু পাৰস্পৰিক সম্প্ৰীতিৰ বাৰ্তা প্ৰদান কৰা হয়। এই শুভ উপলক্ষে প্ৰথম বাহিনী সশস্ত্ৰ সীমা বল, সোণাপুৰৰ সমূহ বিষয়া আৰু জোৱানৰ তৰফৰ পৰা সমগ্ৰ দেশবাসীলৈ দীপাৱলীৰ আন্তৰিক শুভেচ্ছা আৰু অভিনন্দন জ্ঞাপন কৰা হয়। প্ৰথম বাহিনী সশস্ত্ৰ সীমা বল, সোণাপুৰৰ তৰফৰ পৰা সমূহ দেশবাসীলৈ দীপাৱলীৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰা হয়।
