নিউজ দেশ্য, ১১ নৱেম্বৰ, ২০২৬ : উত্তৰ-পূব সীমান্ত ৰে’লৱেৰ মহাপ্ৰবন্ধক বিবেক খাৰে ১০ নৱেম্বৰ তাৰিখে গুৱাহাটী ৰে’লৱে ষ্টেচন পৰিদৰ্শন কৰাৰ লগতে গুৱাহাটীৰ পৰা নিউ হাফলং (Halflong) ৰে’লৱে ষ্টেচন লৈ উইণ্ডো ট্ৰেইলিং পৰিদৰ্শন কৰে। লামডিং-বদৰপুৰ পাহাৰীয়া খণ্ডৰ সুৰক্ষা ব্যৱস্থা আৰু ৰে’লগাড়ীৰ চলাচলৰ পৰ্যালোচনাৰ উদ্দেশ্যে গ্ৰহণ কৰা দুদিনীয়া কাৰ্যসূচীৰ এয়া আছিল প্ৰথম দিন। এই পৰিদৰ্শনকালত লামডিং মণ্ডলৰ ৰে’লৱে প্ৰবন্ধকৰ লগতে উত্তৰ-পূব সীমান্ত ৰে’লৱেৰ মুখ্য কাৰ্যালয় আৰু লামডিং মণ্ডলৰ জ্যেষ্ঠ বিষয়াসকলো বিশেষ পৰিদৰ্শন ৰে’লখনত মহাপ্ৰবন্ধকগৰাকীৰ সৈতে উপস্থিত আছিল।

গুৱাহাটী ৰে’লৱে ষ্টেচনত বিবেক খাৰে অপেক্ষাগৃহ, ৰিটায়াৰিং ৰুম আৰু প্লেটফৰ্মসমূহ পৰিদৰ্শন কৰে। তেওঁ টিকট ক্ৰয়ৰ সুবিধা আৰু যাত্ৰীসকলে ব্যৱহাৰ কৰা স্থানসমূহ পৰিষ্কাৰ-পৰিচ্ছন্ন কৰি ৰখাৰ ব্যৱস্থাও পৰ্যালোচনা কৰে। যাত্ৰীসকলৰ সুৰক্ষা আৰু নিৰাপত্তাৰ দিশসমূহ পৰ্যালোচনা কৰাৰ সময়ত তেওঁ ষ্টেচনৰ প্ৰৱেশ আৰু প্ৰস্থান পথত ভিৰ নিয়ন্ত্ৰণ, প্লেটফৰ্মত যাত্ৰীৰ নিৰাপদ চলাচল আৰু ষ্টেচন কৰ্মচাৰী তথা নিৰাপত্তাৰক্ষীসকলৰ মাজৰ সমন্বয়ৰ ওপৰত বিশেষ গুৰুত্ব দিয়ে। নিউ হাফলঙলৈ যোৱাৰ পথত বিবেক খাৰে ৰে’লপথ, সেতু আৰু সুৰংগসমূহৰ অৱস্থা পৰ্যবেক্ষণ কৰে আৰু পাহাৰীয়া খণ্ডটোৰ আন্তঃগাঁথনিৰ ওপৰত বিশেষ গুৰুত্ব দিয়ে। তেওঁ ৰে’লপথ পৰীক্ষাৰ বাবে ব্যৱহৃত ট্ৰলীখন পৰিদৰ্শন কৰাৰ লগতে ৰে’লকৰ্মীসকলে ইয়াৰ সহায়ত কেনেদৰে ৰে’লপথ পৰীক্ষা কৰে, সেয়াও প্ৰত্যক্ষ কৰে।

যাত্ৰীবাহী আৰু মালবাহী ৰে’লৰ নিৰাপদ আৰু নিৰ্ভৰযোগ্য চলাচল নিশ্চিত কৰাৰ বাবে তেওঁ চলি থকা সুৰক্ষামূলক কাম-কাজ আৰু ৰক্ষণাবেক্ষণৰ ব্যৱস্থাও পৰ্যালোচনা কৰে। মাণ্ডাৰডিছা ৰে’লৱে ষ্টেচনত বিবেক খাৰে অপেক্ষাগৃহ, ৰিটায়াৰিং ৰুম আৰু প্লেটফৰ্মসমূহ পৰিদৰ্শন কৰে। তেওঁ টিকট ক্ৰয়ৰ সুবিধা আৰু যাত্ৰীসকলে ব্যৱহাৰ কৰা স্থানসমূহ পৰিষ্কাৰ-পৰিচ্ছন্ন কৰি ৰখাৰ ব্যৱস্থাও পৰ্যালোচনা কৰে।নিউ হাফলং ৰে’লৱে ষ্টেচনত বিভক্ত খাৰে অমৃত ভাৰত ষ্টেচন আঁচনিৰ অধীনত চলি থকা পুনৰ্বিকাশৰ কাম-কাজৰ অগ্ৰগতি পৰ্যালোচনা কৰে। পৰিকল্পিত উন্নয়নৰ জৰিয়তে যাত্ৰীসকলে যাতে সহজে প্লেটফৰ্মলৈ যাব পাৰে, ষ্টেচনৰ সা-সুবিধাসমূহ ব্যৱহাৰ কৰিব পাৰে আৰু ষ্টেচন চৌহদত নিৰাপদে চলাচল কৰিব পাৰে, তাৰ ওপৰত তেওঁ বিশেষ গুৰুত্ব দিয়ে।

চলিত বৰ্ষৰ ১ নৱেম্বৰত মহাপ্ৰবন্ধক হিচাপে দায়িত্ব গ্ৰহণ কৰাৰ পাছৰে পৰা বিবেক খাৰে অসমত ৰে’লৱেৰ আন্তঃগাঁথনিৰ অৱস্থা আৰু চলি থকা নিৰ্মাণকাৰ্যৰ অগ্ৰগতি বুজ ল’বলৈ বিভিন্ন স্থান পৰিদৰ্শন কৰি আহিছে। ইয়াৰ অংশ হিচাপে তেওঁ ৫ নৱেম্বৰত কামাখ্যা-নিউ বঙাইগাঁও খণ্ড পৰিদৰ্শন কৰে। নিৰ্ধাৰিত কাৰ্যসূচী অনুসৰি, ১১ নৱেম্বৰত তেওঁ নিউ হাফলঙৰ পৰা বদৰপুৰলৈ উইণ্ডো ট্ৰেইলিং পৰিদৰ্শন অব্যাহত ৰাখিব। এই পৰ্যায়ত তেওঁ পাহাৰীয়া খণ্ডটোৰ বাকী অংশত ৰে’লপথৰ ৰক্ষণাবেক্ষণ আৰু ৰে’লৰ নিৰাপদ চলাচলৰ ওপৰত বিশেষ গুৰুত্ব দিব।