গুৱাহাটী, ১৫ নৱেম্বৰ, ২০২৬ : আনন্দ, বন্ধুত্ব আৰু উৎসৱমুখৰ পৰিৱেশৰ মাজত শনিবাৰে বাৰ্ষিক ‘কেক মিক্সিং’ অনুষ্ঠানেৰে আগন্তুক উৎসৱৰ (Festival) বতৰক আনুষ্ঠানিকভাৱে আদৰণি জনালে ৰেডিছন ব্লু গুৱাহাটীয়ে। এই উপলক্ষে আয়োজিত এক বৰ্ণাঢ্য আবেলিৰ অনুষ্ঠানত সমাজৰ বিভিন্ন ক্ষেত্ৰৰ বিশিষ্ট মহিলা, সামাজিক নেতৃবৃন্দ, ইনফ্লুৱেন্সাৰ তথা সংবাদ মাধ্যমৰ প্ৰতিনিধিসকল একত্ৰিত হৈ উৎসৱৰ আনন্দ উপভোগ কৰে।

উল্লেখ্য যে, চহকী উৎসৱ-পৰম্পৰাৰ জৰিয়তে সকলোকে একতাৰ ডোলেৰে বান্ধি ৰখাৰ লগতে সমাজ নিৰ্মাণত নাৰীৰ অনবদ্য অৱদানক সন্মান জনোৱাৰ ধাৰাবাহিকতা অক্ষুণ্ণ ৰাখি আয়োজিত চলিত বৰ্ষৰ এই বিশেষ অনুষ্ঠানটোত দেখিবলৈ পোৱা যায় অভূতপূৰ্ব উছাহ। এই উদযাপনত প্ৰেৰণা (আইএএছ বিষয়াৰ পত্নীসকলৰ সংস্থা) আৰু এফ আই চি চি আই এফএলঅ’-ৰ সদস্যাসকলৰ লগতে বিশিষ্ট ইনফ্লুৱেন্সাৰ তথা সংবাদ জগতৰ প্ৰতিনিধিসকলে বিপুল উৎসাহ-উদ্দীপনাৰে অংশগ্ৰহণ কৰে।

বৰদিনৰ প্ৰস্তুতিৰ আনুষ্ঠানিক শুভাৰম্ভণি ঘটাই আমন্ত্ৰিত অতিথিসকলে হোটেলৰ দলটোৰ সৈতে মিলি বিভিন্ন ধৰণৰ শুকান ফলমূল, কাজু-বাদাম আৰু সুগন্ধি মছলা মিশ্ৰণৰ এই আনন্দদায়ক প্ৰক্ৰিয়াত অংশ লয়। সমাজৰ বিভিন্ন বৃত্তিগত আৰু সামাজিক পটভূমিৰ পৰা অহা মহিলাসকলক পৰস্পৰৰ সৈতে ভাব বিনিময় কৰা, অভিজ্ঞতা ভগাই লোৱা আৰু এক চহকী পৰম্পৰাগত উৎসৱৰ অংশীদাৰ হোৱাৰ সুন্দৰ সুযোগ প্ৰদান কৰে এই সমাগমে।

এই অনুষ্ঠান উপলক্ষে নিজৰ অনুভৱ ব্যক্ত কৰি ৰেডিছন ব্লু গুৱাহাটীৰ মহাপ্ৰৱন্ধক গুৰমীত সিং ৰান্ধাৱাই কয়, “আমাৰ বাৰ্ষিক কেক মিক্সিং অনুষ্ঠানটো হৈছে এক অতি আদৰৰ পৰম্পৰা, যিয়ে উৎসৱৰ বতৰৰ সূচনা কৰাৰ লগতে আনন্দ আৰু উদযাপনৰ জৰিয়তে সকলোকে একত্ৰিত কৰে। বিগত বৰ্ষসমূহত সমাজৰ বিভিন্ন ক্ষেত্ৰলৈ বহুমূলীয়া অৱদান আগবঢ়াই অহা মহিলাসকলক স্বীকৃতি দিয়া আৰু সন্মান জনোৱাৰ ক্ষেত্ৰতো এই অনুষ্ঠানটো এক অৰ্থপূৰ্ণ মঞ্চ হিচাপে বিবেচিত হৈ আহিছে। এনে বৈচিত্ৰ্যপূৰ্ণ পটভূমিৰ পৰা অহা মহিলাসকলক এই উদযাপনৰ অংশ হিচাপে আদৰণি জনাবলৈ পাই আমি অত্যন্ত আনন্দিত অনুভৱ কৰিছোঁ। তেওঁলোকৰ উপস্থিতিয়ে একতা, সামাজিক সম্প্ৰীতি আৰু উৎসৱৰ উদ্দীপনাক প্রতিফলিত কৰি এই অনুষ্ঠানটোক অধিক বিশেষ কৰি তুলিছে।”

প্ৰণিধানযোগ্য যে, বৰদিনৰ কেইবাসপ্তাহো পূৰ্বে খ্ৰীষ্টমাছ পুডিং প্ৰস্তুত কৰাৰ প্রাচীন পৰম্পৰাৰ সৈতে জড়িত এই ‘কেক মিক্সিং’ অনুষ্ঠানে সমৃদ্ধি, প্ৰাচুৰ্য, সুখ আৰু একতাক সূচায়। শুকান ফলমূল, বাদাম আৰু মছলাৰ এই পৰম্পৰাগত মিশ্ৰণটো যথেষ্ট আগতীয়াকৈ প্ৰস্তুত কৰি ৰখা হয়, যাতে বৰদিনৰ বিশেষ কেক আৰু সুস্বাদু খাদ্যসম্ভাৰৰ মূল উপাদান হিচাপে ব্যৱহাৰ হোৱাৰ পূৰ্বে ইয়াৰ সোৱাদ আৰু সুগন্ধ অধিক গাঢ় হৈ উঠে। কেৱল ৰন্ধনশৈলীৰ গুৰুত্বতে সীমাবদ্ধ নাথাকি এই পৰম্পৰাই একেলগে মিলিত হোৱাৰ আনন্দ, শুভেচ্ছা বিনিময় আৰু উৎসৱৰ উমাল অনুভূতিকো উদযাপন কৰে।
ইফালে, উৎসৱৰ এই উদ্দীপনাক আগুৱাই নি বৰদিনৰ পৰা নৱবৰ্ষলৈকে এলানি বৰ্ণাঢ্য কাৰ্যসূচীৰ আয়োজন কৰিছে ৰেডিছন ব্লু গুৱাহাটীয়ে।

আগন্তুক এই উৎসৱমুখৰ দিনসমূহত বিশেষ খ্ৰীষ্টমাছ ট্ৰী আলোকিতকৰণ অনুষ্ঠান আৰু বৰদিন উদযাপনৰ লগতে বিশেষ অনুষ্ঠান তথা আকৰ্ষণীয় অফাৰেৰে নৱবৰ্ষ আদৰণিৰ কাৰ্যসূচীও অন্তৰ্ভুক্ত থাকিব। বিশেষভাৱে সজাই তোলা এই ব্যৱস্থাসমূহৰ জৰিয়তে বছৰটোৰ আটাইতকৈ আনন্দময় সময়ছোৱা উদযাপন কৰাৰ লগতে নৱবৰ্ষক আদৰণি জনাবলৈ অহা অতিথিসকলক স্মৰণীয় অভিজ্ঞতা উপহাৰ দিবলৈ সাজু হৈ উঠিছে ৰেডিছন ব্লু গুৱাহাটী।