নিউজ ডেস্ক, ২১ নৱেম্বৰ, ২০২৬ : উত্তৰ-পূব সীমান্ত ৰে’লৱেই নিয়মিত আন্তঃগাঁথনি (Infrastructure) নিৰীক্ষণ, সময়মতে ৰক্ষণাবেক্ষণ আৰু ধাৰাবাহিক প্ৰযুক্তিগত উন্নীতকৰণৰ জৰিয়তে ৰে’ল পৰিচালনৰ দিশত সুৰক্ষা আৰু নিৰ্ভৰযোগ্যতা শক্তিশালী কৰাৰ বাবে তাৰ প্ৰতিশ্ৰুতি অব্যাহত ৰাখিছে। সমগ্ৰ সংমণ্ডলটোত ৰে’লৰ সুৰক্ষিত, সুগম আৰু দক্ষ চলাচল নিশ্চিত কৰাৰ বাবে আধুনিক প্ৰযুক্তিভিত্তিক ব্যৱস্থা আৰু উন্নত ৰক্ষণাবেক্ষণ পদ্ধতি গ্ৰহণ কৰাটো এক গুৰুত্বপূৰ্ণ অগ্ৰাধিকাৰৰ বিষয়।
গুৰুত্বপূৰ্ণ স্থানসমূহৰ ওপৰত বিশেষ জোৰ দি আৰু আগতীয়াকৈ ৰক্ষণাবেক্ষণ ব্যৱস্থা গ্ৰহণ কৰি উত্তৰ-পূব সীমান্ত ৰে’লৱেই পৰিচালনগত সুৰক্ষা অধিক শক্তিশালী কৰাৰ লগতে সম্ভাৱ্য বিপদ হ্ৰাস কৰি ৰে’লৱেৰ আন্তঃগাঁথনিৰ নিৰ্ভৰযোগ্যতা নিশ্চিত কৰিছে। চলিত বৰ্ষৰ অক্টোবৰ মাহত উত্তৰ-পূব সীমান্ত ৰে’লৱেই চিগনেলিং ব্যৱস্থা আৰু সুৰক্ষাৰ দিশত কেইবাটাও উল্লেখযোগ্য পদক্ষেপ গ্ৰহণ কৰিছে। কাটিহাৰ আৰু লামডিং মণ্ডলৰ প্ৰত্যেকতে ৬টা, আলিপুৰদুৱাৰ আৰু ৰঙিয়া মণ্ডলৰ প্ৰত্যেকতে ৪টা আৰু তিনিচুকীয়া মণ্ডলৰ ৩টা ষ্টেচনত ক্লেম্প-টাইপ লকিঙেৰে থিক ৱেব ছুইচ পইণ্ট মেচিন স্থাপন কৰা হৈছে।
কাটিহাৰ, ৰঙিয়া আৰু লামডিং মণ্ডলৰ অধীনৰ ৭টা ষ্টেচনত ছিষ্টেম ইণ্টেগ্ৰিটি টেষ্টিং সম্পন্ন কৰা হৈছে। আনহাতে সমগ্ৰ মণ্ডলসমূহত ৪০ খন লেভেল ক্ৰছিং গেট সামৰি এক বিস্তৃত ছিষ্টেম ইণ্টেগ্ৰিটি টেষ্টিং অভিযান সম্পূৰ্ণ কৰা হৈছে। চিগনেলিং ব্যৱস্থাৰ আন্তঃগাঁথনি অধিক শক্তিশালীকৰণৰ লগতে লেভেল ক্ৰছিংসমূহত সুৰক্ষা বৃদ্ধি কৰাৰ উদ্দেশ্যে লামডিং, আলিপুৰদুৱাৰ আৰু ৰঙিয়া মণ্ডলৰ বিভিন্ন লেভেল ক্ৰছিং গেটত ৪ টা শ্লাইডিং বুম স্থাপন কৰা হৈছে। ইয়াৰ উপৰি, চলিত বৰ্ষৰ অক্টোবৰ মাহত টেম্পিং মেচিনসমূহৰ জৰিয়তে ৮৩৫.৮৫ ট্ৰেক কিলোমিটাৰ ৰে’লপথৰ কাম সম্পন্ন কৰা হয়, পৰিণামস্বৰূপে সৰ্বমুঠ অগ্ৰগতি ৬,৬০৬.৮৫ লৈ বৃদ্ধি হয়।
চলিত বৰ্ষৰ অক্টোবৰ মাহৰ সময়ছোৱাত টেম্পিং মেচিনসমূহৰ জৰিয়তে মুঠ ৩৭৬টা পইণ্ট আৰু ক্ৰছিঙৰ ৰক্ষণাবেক্ষণৰ কাম সম্পন্ন কৰা হৈছে, যাৰ ফলত সৰ্বমুঠ অগ্ৰগতি ২,৬৭০ টালৈ বৃদ্ধি হয়। ট্ৰেকৰ সুৰক্ষা আৰু ৰক্ষণাবেক্ষণৰ দিশত আল্ট্ৰাছ’নিক ফ্ল’ ডিটেকচন পদ্ধতিৰে ২,৪২৬.৯৭ ট্ৰেক কিলোমিটাৰ ৰে’লপথৰ পৰীক্ষণ কৰা হয়, যাৰ ফলত সৰ্বমুঠ পৰীক্ষণ ১৫,৮৮১.৫৭ ট্ৰেক কিলোমিটাৰলৈ বৃদ্ধি হয়। আনহাতে উক্ত মাহটোত ফেজড এৰে আল্ট্ৰাছ’নিক টেষ্টিং (পিএইউটি) প্ৰযুক্তি ব্যৱহাৰ কৰি ৮২৪টা ফ্লাশ্ব বাট ৱেল্ড পৰীক্ষণ কৰা হয়, যাৰ ফলত সৰ্বমুঠ পৰীক্ষিত ৱেল্ডৰ সংখ্যা ১২,৫৮৫টালৈ বৃদ্ধি হয়।
এই আন্তঃগাঁথনিগত উন্নয়নসমূহে সুৰক্ষিত ৰে’ল চলাচল নিশ্চিত কৰা, নিৰ্ভৰযোগ্যতা বৃদ্ধি কৰাৰ লগতে ৰে’ল পৰিচালনৰ সামগ্ৰিক ক্ষমতা উন্নত কৰাৰ দিশত এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে। আন্তঃগাঁথনিৰ ধাৰাবাহিক নিৰীক্ষণ আৰু শক্তিশালীকৰণৰ জৰিয়তে যাত্ৰীসকলক অধিক সুৰক্ষিত, দক্ষ আৰু সময়ানুৱৰ্তী ৰে’ল ভ্ৰমণৰ অভিজ্ঞতা প্ৰদানৰ বাবে উত্তৰ-পূব সীমান্ত ৰে’লৱেই তাৰ প্ৰতিশ্ৰুতিৰ প্ৰতি সদায় দায়বদ্ধ হৈ আহিছে।
