নিউজ ডেস্ক, ১৯ নৱেম্বৰ, ২০২৬ : উত্তৰ-পূব সীমান্ত ৰে’লৱে (NF Railway) (নিৰ্মাণ)-ৰ মহাপ্ৰৱন্ধক আশীষ বানছালে ১৭ নৱেম্বৰ, ২০২৬ তাৰিখে গেংটকত ছিক্কিমৰ মুখ্যমন্ত্ৰী প্ৰেম সিং তামাং, ছিক্কিমৰ সাংসদ ড০ ইন্দ্ৰ হ্যাং চুব্বা আৰু ছিক্কিম চৰকাৰৰ মুখ্য সচিবৰ সৈতে ৰাজ্যখনৰ গুৰুত্বপূৰ্ণ ৰে’লৱে আন্তঃগাঁথনিমূলক পদক্ষেপসমূহৰ অগ্ৰগতিৰ বিষয়ে আলোচনা কৰাৰ উদ্দেশ্যে এক বৈঠকত মিলিত হয়। ছিক্কিমৰ মুখ্যমন্ত্ৰীৰ সৈতে অনুষ্ঠিত বৈঠকত বানছালে তেওঁক সেৱক-ৰংপো নতুন ৰে’লপথ প্ৰকল্পৰ নিৰ্মাণাধীন কামকাজ আৰু প্ৰকল্পটোৰ কাম ক্ষিপ্ৰতৰ কৰাৰ বাবে গ্ৰহণ কৰা পদক্ষেপসমূহৰ অন্তৰ্ভুক্তিৰে শেহতীয়া অগ্ৰগতিৰ বিষয়ে অৱগত কৰে। তেওঁ মুখ্যমন্ত্ৰীক ৰংপো-ছাৰামছা আৰু মেলি-ডেণ্টাম জৰীপকাৰ্যৰ শেহতীয়া স্থিতিৰ বিষয়েও অৱগত কৰে।

৪৪.৯৬ কিলোমিটাৰ দৈৰ্ঘ্যৰ সেৱক-ৰংপো নতুন ৰে’লপথ প্ৰকল্পটো কৌশলগতভাৱে এক গুৰুত্বপূৰ্ণ আন্তঃগাঁথনিমূলক প্ৰকল্প, যাৰ লক্ষ্য হৈছে পোন প্ৰথমবাৰৰ বাবে ছিক্কিমলৈ ৰে’ল সংযোগ স্থাপন কৰা। হিমালয়ৰ প্ৰত্যাহ্বানমূলক ভূখণ্ডৰ মাজেৰে নিৰ্মাণকাৰ্য সম্পন্ন কৰিবলগীয়া এই প্ৰকল্পটোত ১৪টা সুৰংগ, ১৩খন বৃহৎ সেতু আৰু ১০খন সৰু সেতু অন্তৰ্ভুক্ত আছে। প্ৰকল্পটো সম্পূৰ্ণ হোৱাৰ পিছত ছিক্কিমৰ ৰে’ল সংযোগ ব্যৱস্থা যথেষ্ট উন্নত হোৱাৰ লগতে যাত্ৰী আৰু মালবাহী ৰে’লৰ পৰিবহণ সুচল হ’ব, পৰ্যটনৰ বিকাশ ঘটিব লগতে অঞ্চলটোৰ সামগ্ৰিক আৰ্থ-সামাজিক উন্নয়নত অৰিহণা যোগাব বুলি আশা কৰা হৈছে। প্ৰকল্পটো ২০২৮ বৰ্ষৰ জুন মাহৰ ভিতৰত সম্পূৰ্ণ কৰাৰ লক্ষ্য নিৰ্ধাৰণ কৰা হৈছে।

বানছালে ছিক্কিমৰ সাংসদ ড০ ইন্দ্ৰ হ্যাং চুব্বাৰ সৈতেও বৈঠকত মিলিত হয় আৰু তেওঁক সেৱক-ৰংপো নতুন ৰে’লপথ প্ৰকল্প তথা মেলি-ডেণ্টাম ৰে’লপথৰ জৰীপ কাৰ্যৰ শেহতীয়া অগ্ৰগতিৰ বিষয়ে অৱগত কৰে। আলোচনাৰ সময়ত ছিক্কিমত ৰে’ল সংযোগ ব্যৱস্থা অধিক শক্তিশালী কৰাৰ ওপৰত গুৰুত্ব প্ৰদান কৰি পৰ্যটন, আঞ্চলিক উন্নয়ন তথা আৰ্থ-সামাজিক বিকাশৰ ক্ষেত্ৰত ইয়াৰ সম্ভাৱনীয়তাৰ বিষয়েও আলোচনা কৰা হয়।ছিক্কিম চৰকাৰৰ মুখ্য সচিবৰ সৈতে অনুষ্ঠিত বৈঠকত সেৱক-ৰংপো নতুন ৰে’লপথ প্ৰকল্পৰ ক্ষেত্ৰত ৰাজ্য চৰকাৰৰ হস্তক্ষেপৰ প্ৰয়োজন হোৱা বিষয়সমূহৰ ওপৰত প্ৰস্তাৱ আৰু প্ৰকল্পটোৰ কাম ক্ষিপ্ৰতৰ কৰাৰ বাবে এক সু সমন্বয়েৰে এক কাৰ্যপদ্ধতি গঢ়ি তোলাৰ বিভিন্ন দিশৰ ওপৰতো আলোচনা কৰা হয়।

এই বৈঠকসমূহে ছিক্কিমত ৰে’লৱে আন্তঃগাঁথনিমূলক প্ৰকল্পসমূহৰ সময়মতে অগ্ৰগতি নিশ্চিত কৰাৰ বাবে ৰাজ্য চৰকাৰ আৰু অন্যান্য অংশীদাৰসকলৰ সৈতে সমন্বয় অধিক শক্তিশালী কৰাৰ দিশত উত্তৰ-পূব সীমান্ত ৰে’লৱে (নিৰ্মাণ)-ৰ অবিৰত প্ৰচেষ্টাকে প্ৰতিফলিত কৰিছে।সেৱক-ৰংপো নতুন ৰে’লপথ প্ৰকল্পটো ছিক্কিম আৰু উত্তৰ-পূৰ্বাঞ্চলৰ ৰে’ল সংযোগ ব্যৱস্থা উন্নত কৰাৰ লক্ষ্যৰে গ্ৰহণ কৰা এক গুৰুত্বপূৰ্ণ পদক্ষেপ।