নিউজ ডেস্ক, ২৭ নৱেম্বৰ, ২০২৬ : পশ্চিমবংগৰ দক্ষিণ দিনাজপুৰ জিলাত অনুষ্ঠিত হ’বলগীয়া বোল্লা কালী পূজাত অংশগ্ৰহণ কৰা ভক্তসকলৰ যাত্ৰা সুচল কৰাৰ উদ্দেশ্যে উত্তৰ-পূব সীমান্ত ৰে’লৱেই (NF Railway) ২৭ নৱেম্বৰৰ পৰা ২৯ নৱেম্বৰ, ২০২৬ তাৰিখলৈ নিউ কোচবিহাৰ আৰু বালুৰঘাটৰ মাজত বিশেষ যাত্ৰীবাহী ৰে’ল পৰিচালন কৰিব। ইয়াৰ উপৰি, পূজাৰ সময়ছোৱাত ভক্তসকলৰ ভ্ৰমণৰ বাবে অতিৰিক্ত বিকল্প প্ৰদানৰ উদ্দেশ্যে কাটিহাৰ মণ্ডলৰ অধীনস্থ একলাখী ষ্টেচনৰ নিৰ্বাচিত পথত চাৰিযোৰ বিশেষ ৰে’লৰ বাবে দুই মিনিটৰ অতিৰিক্ত ষ্টপেজৰ ব্যৱস্থাও কৰা হৈছে।
ৰে’ল নং ০৫৪৭১ (নিউ কোচবিহাৰ-বালুৰঘাট) নিউ কোচবিহাৰৰ পৰা পুৱা ০৫:০০ বজাত প্ৰস্থান কৰি একেদিনাই ১৪:২০ বজাত বালুৰঘাটত গৈ উপস্থিত হ’ব। উভতনি যাত্ৰাত ৰে’ল নং ০৫৪৭২ (বালুৰঘাট-নিউ কোচবিহাৰ) বালুৰঘাটৰ পৰা ১৫:২০ বজাত প্ৰস্থান কৰি পিছদিনা ০০:৩০ বজাত নিউ কোচবিহাৰত উপস্থিত গৈ হ’ব। সংৰক্ষণবিহীন ডেমু বিশেষ ৰে’লখন উভয় দিশতে তিনিটাকৈ ট্ৰিপৰ বাবে চলাচল কৰিব। একলাখী ষ্টেচনত ৰে’ল নং ০৩০০৫ (হাওড়া-লামডিং) ৰে”লখন ২৭ নৱেম্বৰ, ২০২৬ তাৰিখে যাত্ৰা আৰম্ভ কৰি ১৫:০৯ বজাৰ পৰা ১৫:১১ বজালৈ হল্ট কৰিব। আনহাতে, ৰে’ল নং ০৩০০৬ (লামডিং-হাওড়া) ৰে’লখন ২৮ নৱেম্বৰ, ২০২৬ তাৰিখে যাত্ৰা আৰম্ভ কৰি ০৩:৩৮ বজাৰ পৰা ০৩:৪০ বজালৈ হল্ট কৰিব।
ৰে’ল নং ০৩১২৯ (কলকাতা-নিউ জলপাইগুড়ী) ২৮ আৰু ২৯ নৱেম্বৰ, ২০২৬ তাৰিখে যাত্ৰা আৰম্ভ কৰি একলাখী ষ্টেচনত ০৬:৪৯ বজাৰ পৰা ০৬:৫১ বজালৈ হল্ট কৰিব। উভতনি যাত্ৰাৰ সময়ত ৰে’ল নং ০৩১৩০ (নিউ জলপাইগুড়ী-কলকাতা) ২৯ আৰু ৩০ নৱেম্বৰ, ২০২৬ তাৰিখে ১৫:৩২ বজাৰ পৰা ১৫:৩৪ বজালৈ হল্ট কৰিব। ৰে’ল নং ০৩১২৫ (কলকাতা-নিউ কোচবিহাৰ) ৰেলখন ২৮ নৱেম্বৰ, ২০২৬ তাৰিখে যাত্ৰা আৰম্ভ কৰি ০৮:৫৪ বজাৰ পৰা ০৮:৫৬ বজালৈ হল্ট কৰিব। আনহাতে, ৰে’ল নং ০৩১২৬ (নিউ কোচবিহাৰ-কলকাতা) ৰেলখন ২৯ নৱেম্বৰ, ২০২৬ তাৰিখে যাত্ৰা আৰম্ভ কৰি ০০:১২ বজাৰ পৰা ০০:১৪ বজালৈ হল্ট কৰিব।
একেদৰে, ৰে’ল নং ০৫৯৩২ (ডিব্ৰুগড়-কলকাতা) উৎসৱ বিশেষ ৰে’লখনে ২৮ নৱেম্বৰ, ২০২৬ তাৰিখে যাত্ৰা আৰম্ভ কৰি একলাখী ষ্টেচনত ১৫:৪০ বজাৰ পৰা ১৫:৪২ বজালৈ হল্ট কৰিব। উভতনি যাত্ৰাৰ দিশত ৰে’ল নং ০৫৯৩১ (কলকাতা-ডিব্ৰুগড়) উৎসৱ বিশেষ ৰে’লখনে ৩০ নৱেম্বৰ, ২০২৬ তাৰিখে যাত্ৰা আৰম্ভ কৰি ০৯:৪৩ বজাৰ পৰা ০৯:৪৫ বজালৈ হল্ট কৰিব।
যাত্ৰীসকলক যাত্ৰা আৰম্ভ কৰাৰ পূৰ্বে নিজৰ নিজৰ ব’ৰ্ডিং ষ্টেচনৰ সময়সূচী পৰীক্ষা কৰি ল’বলৈ উত্তৰ পূব সীমান্ত ৰে’ল বিভাগৰ ফালৰ পৰা অনুৰোধ জনোৱা হৈছে।
