সংবাদ ৩৬৫ ডেস্ক, ২৬ ছেপ্টেম্বৰঃ আজি ষষ্ঠী… বিয়লি পূজাৰ বেদীত অধিষ্ঠিত কৰা হ’ব দুৰ্গতিনাশিনী মা দেৱী দুৰ্গাৰ প্ৰতিমা৷ পঞ্জিকা অনুসৰি আজি পুৱা ৯ বাজি ১৪ মিনিট ১৭ ছেকেণ্ডৰ পৰা শ্ৰীশ্ৰী দুর্গাদেৱীৰ ষষ্ঠাদি কল্পাৰম্ভ হয়৷ সন্ধিয়া আৰম্ভ হ’ব দেৱীৰ বোধন, আমন্ত্ৰণ আৰু অধিবাসী। উল্লেখ্য যে, এইবাৰ দেৱী দুৰ্গাৰ আগমণ নাৱত আৰু গমণ হ’ব ঘোঁৰাত। পঞ্জিকা মতে, দেৱী দুৰ্গাৰ নাৱত আগমণৰ ফলত পৃথিৱীত জল আৰু শস্য বৃদ্ধি হ’ব। সেইদৰে দশমীৰ দিনা দেৱীৰ ঘোঁৰাত গমনৰ ফলত ছত্ৰভংগ, যুদ্ধ হোৱাৰ সংকেত দিছে৷ পঞ্জিকাই যিয়েই ফল নির্ধাৰণ নকৰক কিয়, ৰাজ্যবাসী সম্প্রতি সাজু হৈছে উৎসৱৰ আনন্দত বিলীন হ’বলৈ। ৰাজ্যত শেষতীয়াকৈ দুবাৰকৈ বানপানীয়ে কালৰূপ ধাৰণ কৰি বিস্তৰ ক্ষতি কৰাৰ পিছতো সকলো দুখ-দুৰ্দশা, দুর্যোেগৰ তিক্ত অভিজ্ঞতাক পাহৰি সকলোৱেই দেৱী বন্দনা আৰু শাৰদীয় উৎসৱৰ আনন্দ উৎসৱত মতলীয়া হ’বলৈ সাজু হৈছে৷ পূজাৰ আয়োজক, শিল্পীয়ে নিৰ্মাণৰ কাম প্ৰায় সম্পূৰ্ণ কৰি তুলিছে৷ সাজোন-কচোন আৰু আলোকসজ্জাৰে পূজাথলীসমূহক সর্বশ্রেষ্ঠ ৰূপত গঢ়ি তোলাৰ অঘোষিত প্রতিযোগিতাত কোনে শ্ৰেষ্ঠতা অৰ্জন কৰে সেয়া এতিয়া দৰ্শকে সিদ্ধান্ত ল’ব৷ আধুনিকতাৰ জাকজমকতাৰ মাজত পূজাস্থলী সমূহৰ লগতে পৌৰাণিক শক্তিপীঠ, দেৱালয়তো দুৰ্গাক আদৰাক লৈ ব্যাপক ব্যস্ততা৷ পৌৰাণিক শক্তিপীঠ, দেৱালয়সমূহত ইতিমধ্যে পৰিলক্ষিত হৈছে আন এক আধ্যাত্মিক পৰিৱেশ। শক্তিপীঠ কামাখ্যা, উগ্ৰতাৰা দেৱালয়, বিন্ধেশ্বৰ দেৱালয়কে ধৰি বিভিন্ন স্থানত মহালয়াৰ পৰাই চলি আছে পূজা-অৰ্চনা। বিতর্কৰ মাজতে মহাষ্টমী-মহানৱমীৰ দিন দুটাত বিভিন্ন শক্তিপীঠ-দেৱালয়ত চলিব বলি-বিধান পর্বও। পৰম্পৰা আৰু পৌৰাণিক বিধি অনুসৰি মহানৱমীৰ দিনা একাংশ শক্তিপীঠ-দেৱালয়ত কুমাৰী পূজাৰাে আয়োজন কৰা হৈছে।