তিতাবৰ, ৩ অক্টোবৰঃ তিতাবৰত বিগত কেবামাহ ধৰি সন্ত্ৰাস চলাই অহা গৰু চোৰক তিতাবৰ আৰক্ষীয়ে আটক কৰে৷ প্ৰাপ্ত তথ্য মতে, তিতাবৰৰ শিলিখা, মহিমাবাৰী, গোবিন্দপুৰকে ধৰি কেবাটাও অঞ্চলত দীৰ্ঘদিন ধৰি গৰু, ছাগলী আদি পশুধন চুৰি কৰি সন্ত্ৰাসৰ সৃষ্টি কৰি আহিছিল৷ আজি গোবিন্দপুৰৰ পৰা এৰাল দিয়া এটা গৰু চুৰ কৰি মহিমাবাৰীত গাড়ীত উঠাবলৈ লওঁতে তিতাবৰ জাতীয় মহিলা পৰিষদৰ সহযোগত স্থানীয় ৰাইজে গৰুসহ নেকিব আলি নামৰ এটা চোৰক হাতে লোটে কৰায়ত্ব কৰে৷ আনহাতে পবিত্ৰ দাস(লোৰা) নামৰ আনটো চোৰ ঘটনাস্থলীৰ পৰা পলায়ন কৰে৷ স্থানীয় লোকে নেকিব আলীক উত্তম মাধ্যম শোধাই আৰক্ষীক গতাই দিয়ে৷ সমগ্ৰ ঘটনাৰ সন্দৰ্ভত গৰুৰ মালিক পক্ষই তিতাবৰ আৰক্ষী থানাত গোচৰ ৰুজু কৰে৷ তিতাবৰ জাতীয় মহিলা পৰিষদ আৰু গৰুৰ মালিক পক্ষই পলাতক পবিত্ৰ দাস(লোৰা)ক অতি শীঘ্ৰে আটক কৰাৰ দাবী জনায়।