মালিগাঁৱ, ৩ অক্টোবৰঃ মহানগৰীত এতিয়া খেলৰ বতৰ। কিছুদিন পিছতেই ভাৰত অষ্ট্ৰেলিয়া ক্ৰিকেট, ১৭বছৰ অনুৰ্ধৰ ফিফা বিশ্বকাপৰ দৰে খেলৰ উন্মাদনাত ডুব যাব মহানগৰীবাসী। ইতিমধ্যেই ১৭বছৰ অনুৰ্ধৰ ফিফা বিশ্বকাপৰ বাবে ফ্ৰান্স আৰু জাপানৰ দল আহি গুৱাহাটীত উপস্থিত হৈছে। মালিগাওঁ ৰেলৱে ষ্টেডিয়ামত আজিৰে পৰা অনুশীলন আৰম্ভ কৰিছে ফ্ৰান্সৰ দলটোৱে। দুভৰিৰ যাদু দেখুৱাবলৈ সাজু হৈ উঠিছে ফ্ৰান্সৰ দল। ফ্ৰান্স দলৰ অনুশীলন চাবলৈ ষ্টেডিয়ামৰ বাহিৰত খেলুৱৈপ্ৰেমীৰ সোঁতৰ সৃষ্টি হৈছে৷ আনহাতে আজি দিনৰ প্ৰায় ১বজাত এক বিশেষ বিমান যোগে জাপানৰ ফুটবল দলটো গুৱাহাটীত উপস্থিত হয়। খেলুৱৈপ্ৰেমী সকলে ১৭বছৰ অনুৰ্ধৰ ফিফা বিশ্বকাপত খ্যতনামা খেলুৱৈসকলৰ দুভৰিৰ যাদু স্বচ্ছক্ষে চাবলৈ উদগ্ৰীৱ হৈ পৰিছে৷ মাত্ৰ কিছুদিনৰ পিছতেই গুৱাহাটীবাসী সাক্ষী হৈ ৰ’ব এক বিৰল মুহূৰ্তৰ।