গুৱাহাটী, ২৫ অক্টোবৰঃ গুৱাহাটীত ২০১৮ বৰ্ষৰ ৩ ফেব্ৰুৱাৰীৰ পৰা দুদিনীয়া কাৰ্য্যসূচীৰে অনুষ্ঠিত হ’বলগীয়া বিশ্ব বিনিয়োজন সন্মিলনৰ আগে আগে অসম আৰু উত্তৰ-পূৰ্বাঞ্চলৰ ৰাজ্যসমূহৰ বাবে নতুন ঔদ্যোগিক নীতি ঘোষণা কৰাৰ ক্ষেত্ৰত কেন্দ্রীয় বিত্তমন্ত্রী অৰুণ জেটলীক সক্রিয় ভূমিকা গ্ৰহণৰ বাবে মুখ্যমন্ত্রী সর্বানন্দ সোণোৱালে আহ্বান জনাইছে। নতুন দিল্লীত কেন্দ্রীয় বিত্তমন্ত্রী অৰুণ জেটলীৰ কাৰ্যালয়ত সাক্ষাৎ কৰি মুখ্যমন্ত্রী সর্বানন্দ সোণোৱালে কয় যে, বিশ্ব বিনিয়োজন সন্মিলনৰ আগতে অসম আৰু উত্তৰ পূৰ্বাঞ্চলৰ বাবে বিনিয়োগকাৰীসকলক উৎসাহিত কৰাকৈ এক সুকীয়া ঔদ্যোগিক নীতি আৰম্ভ কৰিলে অঞ্চলটােৰ বাবে বিনিয়োজনৰ অনুকূল বাতাৱৰণ সৃষ্টি হােৱাত সহায়ক হ’ব। ৰাজ্যখনত ব্যৱসায়ীক বাতাৱৰণ সুদৃঢ়কৰণৰ দিশত সহায়ক হােৱাকৈ সামগ্ৰী আৰু সেৱা কৰাৰ পৰিকাঠামো অধিক উদাৰ কৰাৰ জৰিয়তে ব্যৱসায়ীকসকলক উৎসাহ যোগোৱাৰ পদক্ষেপ গ্ৰহণৰ কাৰণে মুখ্যমন্ত্রীয়ে আহ্বান জনায়। মুখ্যমন্ত্রীয়ে বান ব্যৱস্থাপনা কাৰ্যসূচীৰ বাবে দিবলগীয়া ১,১৩৮ কোটি টকা শীঘ্ৰে মুকলি কৰি দিয়াৰ ব্যৱস্থা ল’বলৈও কেন্দ্রীয় বিত্তমন্ত্রীক আহ্বান জনায়। এই পুঁজি ক্ষিপ্ৰভাৱে মোকোলাই দিলে ৰাজ্যখনৰ ১৪১ টা চলি থকা আৰু প্ৰস্তাৱিত বান আৰু খহনীয়া ব্যৱস্থাপনা প্রকল্প সোনকালে ৰূপায়ণৰ দিশত সহায়ক হ’ব বুলিও মুখ্যমন্ত্রীয়ে আশা ব্যক্ত কৰে। লগতে হিন্দুস্তান পেপাৰ কৰ্পৰেশ্যনৰ অধীনৰ পেপাৰ মিল দুটা পুনৰুজীৱিতকৰণৰ ক্ষেত্ৰত সক্রিয় ভূমিকা লোৱাৰ বাবেও বিত্তমন্ত্রীক আহ্বান জনায়। মুখ্যমন্ত্রীয়ে বৰাক আৰু ব্ৰহ্মপুত্র উপত্যকাত এই ঔদ্যোগিক গোট দুটাই ঔদ্যোগিক উন্নয়নৰ লগতে নিয়ােগ সৃষ্টিৰ ক্ষেত্ৰত বিশেষ ভূমিকা লৈছিল বুলিও বিত্তমন্ত্রীৰ আগত ব্যক্ত কৰে। ঔদ্যোগিক গোট দুটাৰ কৰ্মচাৰীসকলক দিবলৈ বাকী থকা দৰমহাকে ধৰি বিভিন্ন দায়বদ্ধতাৰ পৰা মুক্ত কৰি গোট দুটাক পুনৰুজীৱিতকৰণৰ বাবে ১,৭০০ কোটি টকাৰ পেকেজ তাৎক্ষণিকভাৱে প্রদান কৰাৰ ব্যৱস্থা ল’বলৈও মুখ্যমন্ত্রীয়ে অনুৰােধ জনায়। এই ঔদ্যোগিক গোট দুটা পুনৰুজ্জীৱিতকৰণৰ জৰিয়তে ৰাজ্যখনত ব্যৱসায় তথা বিনিয়োজনৰ বাতাবৰণ অধিক শক্তিশালী হ’ব বুলিও মুখ্যমন্ত্রীয়ে কয়।