গোৱালপাৰা, ২৬ অক্টোবৰঃ গোৱালপাৰাৰ ৰংজুলি বনাঞ্চলৰ অন্তৰ্গত খেৰোপাৰা গাঁৱত অব্যাহত আছে বনৰীয়া হাতীৰ তাণ্ডৱ। নিশা খাদ্যৰ সন্ধানত ওলাই অহা বনৰীয়া হাতীৰ জাকে অঞ্চলটোৰ ব্যাপক ক্ষতি সাধন কৰে৷ প্ৰাপ্ত তথ্য মতে, নিশা প্ৰায় ১০ বজাত বনৰীয়া হাতীৰ জাকটোৱে পথাৰৰ ধান খাই তহিলং কৰাৰ লগতে ওচৰৰে বাগান এখনত সোমাই তামোল, নাৰিকল গছ গছোকে ধৰি বহু গছ ভাঙি লণ্ডভণ্ড কৰে৷ স্থানীয় লোকে সদৰি কৰা মতে, এলেকাটোত প্ৰতি বছৰে হাতী মানুহৰ সংঘাত হৈ থাকে৷ যোৱা বছৰত হাতী মানুহৰ সংঘাটত এজন লোকৰ মৃত্যু হোৱাৰ লগতে আন এজন লোক এতিয়াও কোঙা অৱস্থাত আছে। উল্লেখযোগ্য যে, খেৰোপাৰাৰ ওচৰতে লাগি থকা প্ৰায় হাজাৰ হাজাৰ বিঘা পাহাৰৰ ভূমিত হাতীয়ে বাহৰ পাতি আছে৷ দিনৰ ভাগত গভীৰ পাহাৰৰ মাজত লুকাই থকা হাতীৰ জাকে সন্ধিয়া খাদ্যৰ সন্ধানত বসতিপূৰ্ণ অঞ্চললৈ ওলাই আহে। জানিব পৰা মতে, বিগত প্ৰায় ২০ বছৰ ধৰি এই বৃহত্তৰ অঞ্চলটোৰ লোকসকলে খেতি কৰিও হাতীৰ কাৰণে এমুঠিমান ধানো ঘৰলৈ আনিবলৈ সক্ষম নহয়। অঞ্চলবাসীয়ে বিভাগীয় কৰ্তৃপক্ষক এই সন্দৰ্ভত বাৰম্বাৰ অৱগত কৰাৰ পিছতো কোনো ধৰণৰ সহায় নোপোৱাৰ অভিযোগ কৰিছে৷