গুৱাহাটী, ২৭ অক্টোবৰঃ ফুটবলৰ প্ৰতি নৱপ্ৰজন্মক উৎসাহিত কৰাৰ লগতে শিশুসকলক ক্ৰীড়াৰ প্ৰতি আকৰ্ষিত কৰিবলৈ ডালমিয়া চিমেণ্টে শিশু অধিকাৰ সংগঠন উৎসাহৰ শিশুৰ কাৰণে গীতানগৰ খেলপথাৰত এখন বন্ধুত্বপূর্ণ ফুটবল প্রতিযোগিতাৰ আয়োজন কৰে। প্ৰতিযোগিতাখনত অসমীয়া ছবি উদ্যোগৰ প্ৰখ্যাত অভিনেত্রী বৰষা ৰাণী বিষয়া আৰু কৰিমগঞ্জৰ প্ৰাক্তন আন্তঃৰাষ্ট্ৰীয় ফুটবল খেলুৱৈ দেৱাশীষ ৰয়, ডালমিয়া চিমেণ্ট ভাৰতৰ বিক্ৰী আৰু বিপণনৰ মুৰব্বী তথা উপ কার্যবাহী সঞ্চালক সতীশ শৰ্মাই উপস্থিত আছিল৷ সতীশ শৰ্মাই বন্ধুত্বপূর্ণ ফুটবল প্রতিযোগিতাখনৰ সন্দৰ্ভত কয় যে, আজিৰ ছেমিফাইনেল খেলখনত আমি অসম শিশু সদনৰ ল’ৰা-ছোৱালীক দেখুৱাবলৈ নিয়াৰ কথা আছিল যদিও খেলখন গুৱাহাটীৰ পৰা স্থানান্তৰিত হােৱাত যাতে শিশুসকল নিৰাশ নহয়, তাৰবাবে আমি এখন সৰু বন্ধুত্বপুর্ণ ফুটবলৰ আয়োজন কৰিছো। হাফিজনগৰৰ শ্লামৰ পৰা অহা আৰু উৎসাহ ফাউণ্ডেচনে গ্রহণ কৰা শিশুসকলৰ দল দুটাক অধিনায়কত্ব কৰে ক্ৰমে দেৱাশীষ ৰয় আৰু বৰষাৰাণী বিষয়াই। দেৱাশীষ ৰয়ৰ দলে প্ৰতিযোগিতাখনত এক গ’লত বিজয়ী হয়৷ খেলৰ পিছত দেৱাশীষ ৰয়ে শিশুসকল সৈতে অন্তৰংগ আলোচনা কৰে আৰু শিশুসকল খেলত উন্নত প্ৰদৰ্শনৰ টিপচ দিয়ে। ডালমিয়া চিমেণ্টে শিশুসকলৰ প্রত্যেককে এটাকৈ ৰ্টি চাট প্রদান কৰে। উল্লেখ্য যে, ফিফা বিশ্বকাপ ১৭ অনুৰ্দ্ধ চলি থকাৰ সময়ত ডালমিয়া চিমেণ্টে বেথানি ছ’ছাইটী, শ্বিলঙৰ কলা শিশুসকলক সৰুসজাই ষ্টেডিয়ামত খেল চােৱাৰ সুযোগ প্রদান কৰিছিল।