গুৱাহাটী, ২৭ অক্টোবৰঃ দেশৰ ৰাজহুৱা খণ্ডৰ আগশাৰীৰ বেংক প্রতিষ্ঠান ছিণ্ডিকেট বেংকৰ ৯২তম প্ৰতিষ্ঠা দিৱস গুৱাহাটীৰ মাণ্ডলিক পর্যায়ত বিভিন্ন শাখাসমূহে উদযাপন কৰে। মহানগৰীৰ পানবজাৰস্থিত ইঞ্জিনিয়াৰিং ইনষ্টিটিউটৰ প্রেক্ষাগৃহত ব্যাপক কাৰ্যসূচীৰে আয়োজিত প্ৰতিষ্ঠা দিৱসৰ অনুষ্ঠানত ছিণ্ডিকেট বেংকৰ গুৱাহাটীস্থ শাখাসমূহৰ গ্ৰাহক তথা সমূহ কর্মচাৰীয়ে অংশগ্রহণ কৰে। অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থাকে অসম বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যা বিশ্ববিদ্যালয়ৰ প্ৰাক্তন উপাচার্য ড০ প্ৰদ্যুত কুমাৰ গোস্বামী, ছিণ্ডিকেট বেংকৰ গুৱাহাটী মণ্ডলৰ মাণ্ডলিক প্ৰৱন্ধক কবিৰাজ পানীগ্রাহী, মাণ্ডলিক উপ প্ৰৱন্ধক বিবি প্রধান আৰু বিভিন্ন শাখাসমূহৰ শাখা প্ৰৱন্ধকসকল। অনুষ্ঠানত ছিণ্ডিকেট বেংকৰ গুৱাহাটীস্থ বিভিন্ন শাখাৰ গ্ৰাহকসকলৰ মাজৰ শ্রেষ্ঠ গ্ৰাহকসকলক বেংক কর্তৃপক্ষৰ তৰফৰ পৰা সম্বর্ধনা জনােৱাৰ লগতে গ্ৰাহকসকলৰ সৈতে এক মত বিনিময় অনুষ্ঠান অনুষ্ঠিত হয়। অনুষ্ঠানত গ্ৰাহকৰ বিভিন্ন সমস্যা তথা পৰামর্শ আৰু সহযোগিতাৰ প্ৰত্যুত্তৰ তথা শলাগ লয় ছিণ্ডিকেট বেংকৰ গুৱাহাটী মাণ্ডলিক প্ৰৱন্ধক কবিৰাজ পানীগ্রাহীয়ে। পানীগ্রাহীয়ে ছিণ্ডিকেট বেংকেও আধাৰ কাৰ্ডৰ কাম কৰিব বুলি অনুষ্ঠানত সদৰি কৰি এই কামে নিশ্চিতভাৱে জনসাধাৰণক উপকৃত কৰিব বুলি আশা ব্যক্ত কৰে। উল্লেখ্য যে, সম্প্রতি সমগ্ৰ দেশতে জনগণৰ বাবে ছিণ্ডিকেট বেংকৰ ৩,৯৬৭ টা শাখাৰ উপৰিও ৪,০০০ টা এটিএম উপলব্ধ আছে।