লেংটিছিঙা, ২৮ অক্টোবৰঃ প্ৰলয়ংকাৰী বানপানীয়ে ৰাজ্যৰ খেতি পথাৰত ব্যাপক ক্ষতি সাধন কৰাৰ পিছত এইবাৰ অভয়াপুৰীৰ ধাননি পথাৰত শূৰ পোকৰ আক্ৰমণত দিশহাৰা হৈ পৰিছে স্থানীয় খেতিয়ক। প্ৰাপ্ত তথ্য মতে, বঙাইগাঁৱৰ উত্তৰ শালমাৰাৰ অন্তৰ্গত অভয়াপুৰীৰ সমীপৱৰ্তী বড়িগাওঁ, লেংটিছিঙা, ডুমেৰগুৰী গাঁও পঞ্চায়তৰ পাৰেৰচৰ, ডুমেৰগুৰী, জানেৰমুখকে ধৰি কেবাখনো গাঁৱত প্ৰলয়ংকাৰী বানৰ পিছত কৃষকে মূৰৰ ঘাম মাটিত পেলাই কৰা শালিধানৰ খেতিত শূৰ পোকৰ উপদ্ৰৱত খেতিয়ক সকলে মূৰে কপালে হাত দিবলগীয়া হৈছে। অঞ্চলটোৰ প্ৰায় পাঁচ হাজাৰ বিঘা ভূমিৰ ধাননি পথাৰত শূৰ পোকে আক্ৰমণ কৰি পকা ধানৰ বীজবোৰ কাটি দিয়াত খেতিয়কৰ যথেষ্ট ক্ষতি হৈছে। নিশা শূৰ পোক সমূহ অধিক সক্ৰিয় হৈ বহু পৰিমাণে ধানৰ বীজ কাটি দিয়ে আৰু বৰ্তমান পাৰেৰচৰ, জানেৰমুখ, ডুমেৰগুৰীৰ প্ৰায় ৫০০বিঘা পকা ধান শূৰ পোকৰ আক্ৰমণত সৰ্ম্পূণ নষ্ট হোৱাৰ তথ্য পোৱা গৈছে৷ পোকৰ পৰা ৰক্ষা পাবলৈ কৃষকে বজাৰৰ পৰা শ্ৰীৰামক্ল’ৰপাইফচ আৰু ছাইপাৰমেথৰিন জাতীয় ঔষধ ব্যৱহাৰ কৰিছে যদিও সুফল পোৱা নাই। ধান চপাবলৈ মাজত মাত্ৰ কেইটামান দিন বাকী থকা সময়তে শূৰ পোকে খেতি পথাৰত ক্ষতি কৰাত কৃষকে উপায়ন্তৰ হৈ ধান পকাৰ আগতে কাটিবলৈ বাধ্য হৈছে। অঞ্চলটোৰ পকা ধানবোৰ সমূলে নষ্ট হ’লে অনাগত দিনত কৃষকৰ পৰিয়ালে অনাহাৰে থাকিবলগীয়া পৰিস্থিতিৰ সন্মুখীন হ’ব লাগিব বুলি কৃষকসকলে সন্দেহ ব্যক্ত কৰিছে। আনহাতে আঞ্চলকেইটাত শূৰ পোকে বিস্তৰ ক্ষতি কৰাৰ পিছতো উত্তৰ শালমাৰাৰ কৃষি বিভাগে সৰ্ম্পূণ নীৰৱতা অৱলম্বন কৰাৰ অভিযোগ তুলিছে কৃষক সকলে। কৃষক সকলৰ দুৰ্দশাৰ সন্দৰ্ভত কৃষি বিভাগক অৱগত কৰাৰ পাছতো এই পৰ্যন্ত কৃষি বিভাগৰ কোনো বিষয়া কৰ্মচাৰী তথা গ্ৰাম সেৱক আবু ছালেহে দুৰ্ভগীয়া কৃষক সকলৰ খবৰ ল’বলৈ তথা দিহা পৰামৰ্শ দিবলৈ নোযোৱাত ক্ষোভিত হৈ পৰিছে স্থানীয় কৃষক সকল। কৃষি বিভাগক ক্ষতিগ্ৰস্থ কৃষক সকলক ক্ষতিপূৰণ দিয়াৰ লগতে ধাননি পথাৰসমূহ শূৰ পোকৰ আক্ৰমণৰ পৰা মুক্ত কৰিবলৈ উপযুক্ত ঔষধৰ ব্যৱস্থা কৰিবলৈ স্থানীয় কৃষক সকলে বিভাগীয় কৰ্তৃপক্ষক দাবী জনাইছে৷