সোণতলী, ২৮ অক্টোবৰঃ দক্ষিণ কামৰূপৰ ছয়গাঁৱৰ অন্তৰ্গত গৰৈমাৰীত নিশা আৰক্ষীয়ে এক গোপন সূত্ৰৰ ভিত্তিত ছশ বস্তা চোৰাং চাউল উদ্ধাৰ কৰে৷ প্ৰাপ্ত তথ্য মতে, শোণিতপুৰৰ ঢেকীয়াজুলিৰ পৰা এএছ-১২ এচি-০৯৩৯ নম্বৰৰ ট্ৰাক খনে যোগীঘোপা চাউলখিনি কঢ়িয়াই অনাৰ সময়ত কামৰূপৰ কমলপুৰত দুৰ্বৃত্তৰ দলে ট্ৰাকখন অপহৰণ কৰে৷ ঢেকীয়াজুলিৰ চাউল কোম্পানীয়ে ২৪ অক্টোবৰত কামৰূপৰ কমলপুৰ আৰক্ষী থানাত ঘটনা সন্দৰ্ভত এখন এজাহাৰ দাখিল কৰে৷ এজাহাৰৰ ভিত্তিত কমলপুৰ আৰক্ষী থানাত ভাৰতীয় দণ্ডবিধি আইনৰ ৩৯২ধাৰাৰ অধীনত ২৩৩/ ১৭ নম্বৰত এক গোচৰ পঞ্জীয়ন কৰি আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখে আৰু যোৱানিশা গৰৈমাৰী, বকোৰ মন্দিৰা  আৰু ছয়গাঁও আৰক্ষীয়ে এক গোপন সূত্ৰৰ ভিত্তিত এক যুটীয়া অভিযান চলাই গৰৈমাৰীৰ চৰাইমাৰীৰ পৰা চাউলখিনি উদ্ধাৰ কৰে৷ আৰক্ষীয়ে চৰাইমাৰীৰ মোনছেৰ আলী আৰু বৰভিটাৰ ছৈনুদ্দিনৰ বাসগৃহৰ পৰা চাৰিশ বস্তা চোৰাং চাউল উদ্ধাৰ কৰে৷ আনহাতে, বকোৰ অন্তৰ্গত মন্দিৰা আৰক্ষী চকীৰ আৰক্ষীয়েও মালিবাৰীৰ পৰাও বৃহৎ পৰিমানৰ চোৰাং চাউল উদ্ধাৰ কৰে৷ আৰক্ষীয়ে চাউলসহ ট্ৰাকখন অপহৰণত জড়িত থকাৰ সন্দেহত ছজন লোকক আটক কৰে৷ আটকাধীন লোককেইজন ক্ৰমে- মাজগুমীৰ আক্ৰাম আলী (২২), আফজাল আলী (৪৫), জমিৰ আলী (৩৫), আইজল হক (৩০), বৰভিটাৰ বাবুল আলী (২৫) আৰু বকো সমষ্টিৰ মন্দিৰা আৰক্ষী চকীৰ অন্তৰ্গত ৪ নং মালিবাৰীৰ বাছেৰ আলী(৩০)৷ গৰৈমাৰী আৰক্ষীয়ে উদ্ধাৰ কৰা চাৰিশ বস্তা চাউলসহ আটকাধীন লোক কেইজনক কমলপুৰ আৰক্ষীক চমজাই দিয়ে৷