দিছপুৰ, ৩০ অক্টোবৰঃ সন্ত্রাসবাদ আৰু সমাজৰ উন্নতি ব্যাহত কৰা অপশক্তিৰ কু অভিসন্ধি প্রতিহত কৰাৰ বাবে আমি সকলোৱে মাৰ বান্ধি থিয় হ’ব লাগিব। শান্তিয়েহে কেৱল উন্নতিৰ পথ প্রশস্ত কৰে। সমাজৰ সকলো শ্রেণীৰ জনসাধাৰণৰ মাজত থকা সম্প্রীতিৰ এনাজৰী অক্ষুন্ন ৰাখি স্থায়ী শান্তি প্রতিষ্ঠাৰ ক্ষেত্ৰত শান্তিপূর্ণ বাতাৱৰণে মহৌষধৰ দৰে ক্রিয়া কৰে। আজি ২০০৮ৰ ৩০ অক্টোবৰত ধাৰাবাহিক বােমা বিস্ফোৰণত নিহত সকলৰ প্ৰতি শ্রদ্ধা জনাই কাছাৰীৰ মুখ্য ন্যায়িক দণ্ডাধীশৰ কাৰ্যালয় চৌহদ আৰু গণেশগুৰি উৰণীয়া সেঁতুৰ তলত আয়োজিত ক’লা দিৱসত বােমা বিস্ফোৰণত নিহতসকলক  শ্রদ্ধা জ্ঞাপন কৰি প্ৰদান কৰা ভাষণত মুখ্যমন্ত্রী সর্বানন্দ সোণোৱালে এইদৰে কয়। বিগত দুটা স্বাধীনতা দিৱস উদযাপনত জনসাধাৰণৰ স্বতঃস্ফুর্ত অংশ গ্ৰহণৰ কথা উল্লেখ কৰি মুখ্যমন্ত্রীয়ে কয় যে ৰাজ্যখনৰ আইন-শৃংখলা পৰিস্থিতি ক্ৰমান্নয়ে উন্নত হৈছে। আইন-শৃংখলা পৰিস্থিতি উন্নত হােৱা হেঁতু বিনিয়োগকাৰী সকলে ৰাজ্যখনত তেওঁলোকৰ প্ৰতিষ্ঠান স্থাপন কৰাৰ ক্ষেত্ৰত আগ্রহ দেখুৱাইছে বুলিও মুখ্যমন্ত্রীয়ে কয়। অসমে এতিয়া যথেষ্ট শান্তিপূৰ্ণ ৰাজ্য হিচাপে বাহিৰত পৰিচিতি লাভ কৰিছে বুলিও মুখ্যমন্ত্রীয়ে কয়। ৩০ অক্টোবৰৰ ধাৰাবাহিক বোমা বিস্ফোৰণত নিহত হােৱা সকলৰ পৰিলয়ালৰ প্ৰতি সমবেদনা প্রকাশ কৰি মুখ্যমন্ত্রীয়ে কয় যে চৰকাৰে এই পৰিয়াল সমূহৰ অভাৱ অভিযোগ সমূহ সহানুভূতিৰে বিবেচনা কৰিব। মুখ্যমন্ত্রীয়ে সন্ত্ৰাসৰ বিৰুদ্ধে সকলো শ্রেণীৰ জনসাধাৰণক সদাজাগ্ৰত প্ৰহৰীৰ ভূমিকা পালন কৰি এখন সন্ত্রাসমুক্ত অসম গঢ়ি তোলাৰ বাবে ৰাজ্য চৰকাৰে লোৱা লক্ষ্য বাস্তাৱায়িত কৰাৰ ক্ষেত্ৰত সহায়-সহযোগ আগবঢ়োৱাৰ বাবেও আহ্বান জনায়। সংঘাটৰ পৰিৱর্তে সমন্বয় হ’ল আজিৰ সময়ৰ আহ্বান বুলি উল্লেখ কৰি মুখ্যমন্ত্রীয়ে ৰাজ্যখনৰ সাতামপুৰুষীয়া শান্তি-সম্প্রীতিৰ বাতাবৰণ অক্ষুন্ন ৰখাৰ বাবেও আহ্বান জনায়।অনুষ্ঠানত মুখ্যমন্ত্রীৰ আইন উপদেষ্টা শান্তনু ভৰালী, বিধায়ক অতুল বৰা, সিদ্ধাৰ্থ ভট্টাচার্য গুৱাহাটী পৌৰ নিগমৰ মেয়ৰ মৃগেন শৰণীয়া, মুখ্য সচিব বিনোদ কুমাৰ পিপাৰচেনিয়া, আৰক্ষী আয়ুক্ত হীৰেণ নাথ, কামৰূপ মহানগৰ জিলাৰ উপায়ুক্ত এম অংগমুথুকে ধৰি বহু সংখ্যক গণ্য-মান্য ব্যক্তি উপস্থিত আছিল।