গুৱাহাটী, ১৭ নৱেম্বৰ: বৰাক-ব্ৰহ্মপুত্ৰ আৰু পাহাৰ-ভৈয়ামৰ ঐক্য সম্প্রীতিত কোনো অপশক্তিয়ে যাতে আঘাত সানিব নোৱাৰে তাৰবাবে আমাক সমন্বয়ৰ ভাৱধাৰা সুদৃঢ় কৰিব পৰা শক্তিশালী সাহিত্যৰ প্রয়ােজন। একে ৰীতি-নীতি, কৃষ্টি-সংস্কৃতিৰ অধিকাৰী হৈয়ে আমি একাকাৰ হ’ব পৰা নাই। আমাৰ চিন্তাত ক’ৰবাত হয়তো কেৰোণ আছে। সেয়েহে সমন্বয়ৰ বাতাবৰণ গাঢ় কৰি তোলা আৰু দায়িত্ববােধ তথা কর্মস্পৃহা জগাই তুলিব পৰা সাহিত্য সৃষ্টিত লিখক, সাহিত্যিকসকলে মনোনিৱেশ কৰিব লাগে”। আজি গুৱাহাটীস্থ গড়কাপ্তানী বিভাগৰ প্ৰশিক্ষণ আৰু সন্মিলন কেন্দ্ৰত অনুষ্ঠিত এক কাৰ্যসূচীত চিন্তাশীল নিৱন্ধকাৰ শংকৰ দাসৰ দ্বাৰা ৰচিত ‘প্ৰাসংগিক: ৰাষ্ট্ৰীয় ভাৱনা আৰু জাতীয় চেতনাৰে” শীৰ্ষক গ্রন্থ উন্মোচিন কৰি মুখ্যমন্ত্রী সৰ্বানন্দ সোণোৱালে এইদৰে কয়। ভাষণ প্ৰসংগত মুখ্যমন্ত্রী সোণোৱালে যুৱ শক্তিৰ দ্বাৰাহে সমাজ আগুৱাই যায় বুলি মন্তব্য কৰি কয় যে, ৬০০০ বছৰীয়া ভাৰতীয় সভ্যতা-সংস্কৃতি যাতে উঠি অহা প্রজন্মই হৃদয়ংগম কৰিব পাৰে তাৰবাবে লিখনিৰে মাজেৰে তেঁওলোকক সজাগ আৰু সচেতন কৰি তুলিব লাগিব। ভাৰতীয় সভ্যতা-সংস্কৃতিৰ মূল্যাংকণ শুদ্ধভাৱে নকৰিলে জাতিটাে জটিল প্রত্যাহ্বানৰ সন্মুখীন হ’ব, সেয়েহে জাতিৰ অস্তিত্ব ৰক্ষা কৰি সকলোৱে ৰাষ্ট্র ধর্ম পালন কৰিব লাগিব বুলি মুখ্যমন্ত্রী সোণোৱালে কয়। “পিতা, পুত্ৰ আৰু প্ৰতিজ্ঞা দেশতকৈ ডাঙৰ নহয়” বুলি মহাভাৰতত ভীষ্মই প্ৰদান কৰা উক্তি দাঙি ধৰি মুখ্যমন্ত্রী সোণোৱালে মহাবীৰ লাচিত বৰফুকনে নিজ কার্যৰ দ্বাৰা অতুলনীয় জাতীয় চেতনাৰ নিদর্শন দিছিল বুলি কয়। প্রত্যাহ্বানৰ সন্মুখীন হ’বলৈ জাতীয় চেতনাৰে উদ্ধৃদ্ধ হ’ব লাগিব আৰু সংকীর্ণতাক প্রাধান্য দিলে সমাজ বিপদত পৰিব বুলি মন্তব্য কৰি সকলোকে ৰাষ্ট্ৰীয় ভাৱনা আৰু ৰাষ্ট্র ধর্মৰে পৰিচালিত হ’বৰ বাবে মুখ্যমন্ত্রী সোণোৱালে আহ্বান জনায়। মুখ্যমন্ত্রী সোণোৱালে ডেকা শক্তিক গভীৰভাৱে মানৱপ্ৰেম আৰু কৰ্মস্পৃহা উপলব্ধি কৰিবৰ বাবে তথা মানুহে মানুহৰ বাবে’ দৃষ্টিভংগীৰে মানুহৰ মুল্যাংকণ কৰাৰ বাবেও আহ্বান জনায়। নতুন প্রজন্মই সফলতাৰে যাতে ভৱিষ্যতৰ প্ৰত্যাহ্বানসমূহ মোকাবিলা কৰিব পাৰে তাৰবাবে তেঁওলোকক ইতিবাচক ধ্যান-ধাৰণাৰে আগুৱাই নিব পৰা সাহিত্য ৰচনা কৰাৰ ওপৰতো সোণোৱালে গুৰুত্ব আৰোপ কৰে। জাগৰণ সাহিত্য প্রকাশনৰ দ্বাৰা প্রকাশিত নিৱন্ধকাৰ শংকৰ দাসৰ একত্ৰিশটা প্ৰৱন্ধ সংকলিত ২০৭ পৃষ্ঠাৰ গ্ৰন্থখনৰ উন্মোচনী অনুষ্ঠানত উপস্থিত থাকে জ্যেষ্ঠ সাংবাদিক ধীৰেন্দ্ৰ নাথ চক্ৰৱতীয়েও ভাষণ প্রদান কৰে। জ্যোতি চিত্ৰবনৰ অধ্যক্ষ পৱিত্ৰ মাৰ্ঘেৰিটাই আঁতধৰা এই গ্রন্থ উন্মোচনী অনুষ্ঠানত ৰাজ্যিক মন্ত্রী পল্লৱলোচন দাস, বিধায়ক তেৰছ গোৱালা, মুখ্যমন্ত্রীৰ উপদেষ্টদ্বয় ক্রমে হৃষিকেশ গোস্বামী আৰু শান্তনু ভৰালী, শংকৰ দাসৰ মাতৃ নীহাৰিকা দাস প্রমুখ্যে বহু গণ্য-মান্য ব্যক্তি উপস্থিত থাকে।