মুৰফুলনি, ১৭ নৱেম্বৰ: গোলাঘাট জিলাৰ মৰঙি মৌজাৰ অন্তৰ্গত মুৰফুলনিৰ কিছু নিলগৰ বকিয়ালৰ সিদ্ধেশ্বৰী চাহ বাগিচাৰ পৰা আজি এটা হাতী পোৱালী উদ্ধাৰ কৰে স্থানীয় ৰাইজে৷ জানিব পৰা মতে, নিশা বিজুলী বনাঞ্চলৰ পৰা ওলাই অহা হাতী জাকটোৰ পৰা এটা হাতী পোৱালী বকিয়াল খণ্ড বন কাৰ্যালয়ৰ অন্তৰ্গত সিদ্ধেশ্বৰী চাহ বাগিচাখনৰ এটা নলাত সোমাই পৰে৷ পোৱালীটোৰ মাকে আপ্ৰাণ চেষ্টা কৰিও পোৱালীটো উদ্ধাৰ কৰিব নোৱাৰাত চিঞৰত তৰ্জন-গৰ্জন ফালে৷ লগতে খঙত দুটা বাসগৃহ আৰু এখন বাইকো চূৰ্ণ-বিচূৰ্ণ কৰে৷ ইফালে হাতীৰ চিঞঁৰ শুনি নিশাই গাঁওবাসী ঘটনাস্থলীলৈ গৈছিল যদিও আজি পুৱাহে বন বিভাগৰ সহযোগত উদ্ধাৰ কৰে হাতী পোৱালিটোক৷ ইফালে মৌজাটোত হাতী-মানুহৰ সংঘাতে চূড়ান্ত পৰ্যায় পাইছে যদিও অঞ্চলটোৰ লোকসকলৰ এই প্ৰকৃতিপ্ৰেমে জীৱশ্ৰেষ্ঠৰ এক বিৰল নিদৰ্শন দাঙি ধৰিছে বুলি সচেতন লোকসকলে মন্তব্য কৰিছে৷