দেৰগাঁও, ২৬ নৱেম্বৰ: দেৰগাঁও বিধান সভা সমষ্টিৰ দক্ষিণ-পূব কাকডোঙাৰ গাঁও পঞ্চায়ত ভৱন বেজগাঁৱত অলপতে কংগ্ৰেছ দলৰ শতাধিক কংগ্ৰেছ কৰ্মী উপস্থিতিত এখন ৰাজহুৱা সভা অনুষ্ঠিত হয়। ৰাজহুৱা সভা অনুষ্ঠিত হোৱা আগতে প্ৰায় দুশৰো অধিক দলীয় যুৱ কংগ্ৰেছ কৰ্মীয়ে বাইকে ৰেলীয়ে ম’হবন্ধা পৰা কলিয়াবৰ লোক সভা সমষ্টিৰ সাংসদ গৌৰৱ গগৈক আদৰি আনে। সাংসদ জন উপস্থিত হোৱা পাছতে কাকডোঙা ব্লক কংগ্ৰেছ সভাপতি ভৱেন গগৈ সভাপতিত্বত অনুষ্ঠিত হোৱা সভাত উপস্থিত থাকে দেৰগাঁও বিধান সভা সমষ্টিৰ প্ৰাক্তন বিধায়িকা, সংসদীয় সচিব আৰতি হাজৰিকা কছাৰী, যোৰহাট জিলা কংগ্ৰেছ দলৰ সাধাৰণ সম্পাদক কৃষ্ণ দাস, বিশিষ্ট সমাজ কৰ্মী বাণী হাজৰিকা, ইন্দ্ৰজিত পেগু, কাকডোঙা আঞ্চলিক পঞ্চায়ত সভানেত্ৰী সংগীতা ছেত্ৰী, দক্ষিণ-পূব কাকডোঙাৰ গাঁও পঞ্চায়ত সভানেত্ৰী মিজু গগৈ, উত্তৰ পশ্চিম কাকডোঙাৰ গাওঁ পঞ্চায়ত সভাপতি পৱন বৰা, বৰুৱা বামুণ গাঁৱৰ গাঁও পঞ্চায়ত সভাপতি জয়ন্ত বৰা, কাকডোঙা ব্লক কংগ্ৰেছ সাধাৰণ সম্পাদক পৱিত্ৰ দত্ত, ছাদিকুল হুছেইন, ৰছিদ আলি, সোমেশ্বৰ বৰা লগতে বহুতো কংগ্ৰেছ দলৰ জেষ্ঠ কৰ্মী উপস্থিত থাকি সভাত ভাষণ ৰাখে বিশিষ্ট সমাজ কৰ্মী বাণী হাজৰিকা, যোৰহাট জিলা কংগ্ৰেছ দলৰ সাধাৰণ সম্পাদক কৃষ্ণ দাস, দেৰগাওঁ বিধান সভা সমষ্টিৰ প্ৰাক্তন বিধায়িকা, সংসদীয় সচিব আৰতি হাজৰিকা কছাৰী লগতে সভাৰ মুখ্য অতিথি কলিয়াবৰ লোক সভা সমষ্টিৰ সাংসদ গৌৰৱ গগৈয়ে এই সভাত ৰাইজৰ বিপুল সহায়-সহযোগ দেখি সাংবাদিকক জনাই যে বৰ্তমানৰ চৰকাৰখনে পৰিৱৰ্তনৰ শ্ল’গানে শাসনলৈ অহাৰ পাছত ৰাইজে কোনো পৰিৱৰ্তন নেদেখি পুনৰ কংগ্ৰেছ দলৰ চৰকাৰ বিচৰা প্ৰমাণ সভাত উপস্থিত থকা ৰাইজেই হয় বুলি জনাই। এই সভাতে স্থানীয় সাংবাদিক ৰুবুল শইকীয়া লগতে এটা যুৱক দল উপস্থিত হৈ দক্ষিণ-পূব কাকডোঙাৰ গাঁও পঞ্চায়ত ভৱন বেজগাঁৱৰ ৰাজহুৱা সভা ঘৰত এটা কাৰ্যালয় গৃহ নিৰ্মাণ লগতে এটা প্ৰস্ৰাৱগাৰ নিৰ্মাণ বাবে পুঁজি বিচাৰি এখন ৰাজহুৱাভাৱে স্থানীয় সাংসদ জনক আবেদন দাখিল কৰে। সাংসদজনে ৰাইজৰ অনুৰোধ ৰক্ষা কৰি সাংসদীয় উন্নয়ন পুঁজিৰ পৰা দুই লাখ টকা অনুদান আগবঢ়াই তেওঁ এনে পদক্ষেপ লোৱাত স্থানীয় ৰাইজৰ লগতে কাকডোঙা সামাজিক সাংস্কৃতিক বেচৰকাৰী অনুষ্ঠান জ্যোতিষ্মান যুৱ মঞ্চ তৰফৰ পৰা ধন্যবাদ জ্ঞাপন কৰে।