ওদালগুৰি, ২ ডিচেম্বৰ: সেনা আৰক্ষীৰ মুৰৰ কামুৰণি হৈ অহা আলফা স্বাধীনৰ দুধৰ্ষ নেতা চাৰ্জেণ্ট মেজৰ ৰাজেন ডেকাৰ কালি পুৱতিনিশা ওদালগুৰি জিলাৰ কলাইগাঁৱৰ কুশেশ্বৰ ডেকাৰ বাসগৃহত সেনা আৰক্ষীৰ হাতত নিহত হোৱাৰ পিছত ওদালগুৰিত মৰণোত্তৰ পৰীক্ষাৰ অন্তত পৰিয়ালৰ লোকে চমজি ঘৰলৈ আনি আজি শেষকৃত্য সম্পন্ন কৰে। দৰং জিলাৰ মঙ্গলদৈ থানাৰ অন্তৰ্গত গৰিয়াপাৰা(চৰনধৰা) গাঁৱৰ ৰুদ্ৰ ডেকা আৰু তৰুলতা ডেকাৰ। ২য় পুত্ৰ ৰাজেন ডেকাই ২০০০ চনতে আলফাত যোগদান কৰি ভূটানত সামৰিক প্ৰশিক্ষণ গ্ৰহণ কৰিছিল। ২০০৩ চনত ভূটানত চলা অপাৰেচন অল ক্লিয়াৰত গ্ৰেপ্তাৰ হৈ কেইবামাহো কাৰাবাস খাটি কাৰাগাৰৰ পৰা মুকলি হৈ আকৌ আলফাত যোগদান কৰিছিল। তাৰ পিছতে ৰাজেন ডেকা হৈ পৰিছিল এগৰাকী দুধৰ্ষ কেডাৰ। ফুটবল খেলত পাকৈত ৰাজেন সংগঠনটোৰ বাবে ধন সংগ্ৰহটো পাকৈত আছিল। যাৰ পৰিপ্রেক্ষিতত সংগঠনটোৰ নামত দৰং আৰু ওদালগুৰি জিলাৰ বিভিন্ন ব্যক্তিক দাবী ধমকিৰে সংগ্ৰহ কৰিছিল ধন।দৰং আৰু ওদালগুৰি জিলাত সংগঠনটোক শক্তিশালী ৰূপত গঢ় দিয়াত আগভাগ লোৱা নেতাজনে দৰং ওদালগুৰি জিলাৰ পৰা বহু যুৱকক সংগঠনটোলৈ নি প্ৰশিক্ষণৰ বাবেও প্ৰেৰণ কৰি আহিছিল। সংগঠনটোত দুধৰ্ষ হিচাপে পৰিচিত ৰাজেন ডেকাই বিভিন্ন সময়ত বহুতো হত্যা কাণ্ডৰ লগত জড়িত হৈ পৰাৰ লগতে আলফাত যোগদান কৰাৰ আগতে নিজ মাতৃক দাৰে ঘপিয়াই হত্যা কৰি কাৰাবাসো খাটিছিল। কাৰাগাৰৰ পৰা জামিনত মুক্ত হৈয়ে আলফাত যোগদান কৰিছিল ৰাজেন ডেকাই। ধন সংগ্ৰহত পাকৈত নেতাজনে বিভিন্ন সময়ত সংগ্ৰহ কৰা ধনৰাশি আলফাৰ মজিয়া পালেগৈ নে কোনো ব্যক্তিৰ হাতত থাকি গ’ল সেয়া এতিয়া সন্দেহৰ আৱৰ্তত সোমাই পৰিছে। কাৰণ বিশেষ সুত্ৰৰ পৰা পোৱা খবৰৰ ভিত্তিত ৰাজেন ডেকাই মৃত্যুৰ আগলৈ ধন সংগ্ৰহত ব্যস্ত হৈ আছিল।