মৰাণ, ৩ ডিচেম্বৰ: ৰাজ্যৰ অন্যান্য ঠাইৰ লগতে মৰাণতো ২ ডিচেম্বৰত বৰ অসম গঢ়োতা চাওলুং চ্যুকাফা প্ৰতি সন্মান জনাই অনুষ্ঠিত কৰে চ্যুকাফা দিৱস তথা অসম দিৱস। টাই আহোম যুৱ পৰিষদ, অসম মৰাণ মহকুমা সমিতি আৰু মৰাণ আঞ্চলিক সমিতিৰ উদ্যোগত আৰু সমুহ মৰাণবাসী ৰাইজৰ সহযোগত কেন্দ্ৰীয়ভাৱে অনুষ্ঠিত চ্যুকাফা দিৱসৰ অন্যান্য কাৰ্যসূচীৰ লগতে আলফাৰ মামা হিচাপে খ্যাত ভীমকান্ত বুঢ়াগোহাঁই সোঁৱৰণীত অনুষ্ঠিত কৰে মিষ্টাৰ মৰাণ নামৰ দেহশ্রী প্ৰতিযোগিতা। এই প্ৰতিযোগিতাত কুৰি গৰাকী প্ৰতিযোগীয়ে অংশ গ্ৰহণ কৰি মৰাণবাসীক আপ্লুত কৰে। প্ৰতিযোগিতাত খোৱাঙৰ সিদ্ধাৰ্থ ৰায়ে “মিষ্টাৰ মৰাণ” খিতাপ অৰ্জন কৰিবলৈ সক্ষম হয়। উদযাপন সমিতিৰ সভাপতি ভাস্কৰজ্যোতি বৰুৱাৰ সভাপতিত্বত অনুষ্ঠিত চ্যুকাফা দিৱসৰ মুকলি সভাত এই বঁটা প্ৰদান কৰে। লগতে মুকলি সভাতে এভাৰেষ্ট বিজয়ী নৱ ফুকন আৰফু ২০১৭ চনত দক্ষিণ আফ্ৰিকাত অনুষ্ঠিত হোৱা কমনৱেলথ গেমছত ভাৰত্তোলক স্বৰ্ণ পদক প্ৰাপ্তি মৰাণৰ সুযোগ্য কন্যা অৰণ্যানী গগৈক একোখনকৈ তৰোৱাল, মানপত্ৰ আৰু অংগ বস্ত্রৰে সমৰ্দ্ধনা জনায়।