ৰঙিয়া, ৪ ডিচেম্বৰ: ৰঙিয়াত মডেল হাস্পতাল কাৰ্যক্ষম কৰাৰ দাবীত গৰিয়া যুৱ ছাত্ৰ পৰিষদে আজি অৱস্থান ধৰ্মঘট পালন কৰে৷ ২০১৪ চনতে নিৰ্মাণ কাৰ্য শেষ হোৱাৰ পাছতো আজিলৈ চিকিৎসালয়খন মুকলি নকৰাত স্বাস্থ্য মন্ত্ৰীৰ বিৰুদ্ধে আজি তীব্ৰ আন্দোলন গঢ়ি তোলে সংগঠনটোৱে৷ গৰিয়া যুৱ ছাত্ৰ পৰিষদৰ কামৰূপ জিলা সমিতিৰ উদোগত আয়োজিত এই কাৰ্যসূচীৰ দ্বাৰা অতি সোনকালে চিকিৎসালয় মুকলি কৰিবলৈ দাবী জনায়৷ স্বাস্থ্য মন্ত্ৰী হায় হায়, হিমন্ত বিশ্ব শৰ্মা মুৰ্দাবাদ, মডেল হাস্পতাল অতি শীঘ্ৰে মুকলি কৰক আদি শ্লোগানেৰে পৰিৱেশ উত্তাল কৰি তুলিলে প্ৰতিবাদকাৰী সকলে৷