নগাঁও, ২৬ ডিচেম্বৰ: তথ্য আৰু প্ৰযুক্তিবিদ্যাৰ যুগত যুৱক-যুৱতী সকলৰ অধিকাংশই ব্যস্ত থাকে মোবাইল ফোনত। একাংশ যুৱকে সহজ লভ্য পদ্ধতিৰে ধন আহৰণৰ বাবে বিভিন্ন অসামাজিক কাম কাজত জড়িত থাকে। যাৰ বাবেই আমাৰ সমাজখন সঠিক দিশত পৰিচালনা হোৱাৰ ক্ষেত্ৰত সমস্যাৰ সৃষ্টি হৈছে। এনে এক পৰিৱেশৰ মাজতে নগাঁও জিলাৰ চাৰিগৰাকী উচ্চ শিক্ষত যুৱকে নিজকে আৰ্থিকভাৱে স্বচ্ছল কৰি তোলাৰ বাবে গ্ৰহণ কৰা ব্যতিক্ৰমী প্ৰয়াসে, সকলোৰে দৃষ্টি আৰ্কষণ কৰিবলৈ সক্ষম হৈছে। নগাঁৱৰ কিৰণ শইকীয়া, বিকাশ বৰা, ভাস্কৰ শইকীয়া আৰু গীতাৰ্থ শইকীয়া নামৰ এই শিক্ষিত নিৱনুৱা যুৱককেইজনে আৰম্ভ কৰিছে এক স্বতন্ত্ৰ ব্যৱসায়। অসমৰ জাতীয় জীৱনৰ কৃষ্টি সংস্কৃতি, সম্পদ তথা ঐতিহ্য পৰম্পৰাক আধাৰ হিচাবে লৈ আৰম্ভ কৰা স্বতন্ত্ৰ ব্যৱসায়ে ইতিমধ্যে সমাদৰ লাভ কৰিবলৈ সক্ষম হৈছে। অগতানুগতিক চিন্তাৰে আৰম্ভ কৰা এই ব্যৱসায়ৰ জৰিয়তে যুৱক চাৰিজনে নিজৰ জীৱন সুন্দৰ ভাৱে আগবঢ়াই নিয়াৰ মসৃণ পথ লাভ কৰিছে। তেওঁলোকৰ এই পদক্ষেপে সাম্প্ৰতিক সময়ত সংস্থাপনৰ অভাৱত হামৰাও কাঢ়ি থকা নিৱনুৱা সকলক দেখুৱাইছে স্বাৱলম্বীতাৰ পথ। এই চাৰিজন যুৱকে বহি:ৰাজ্যৰ বনিক গোষ্ঠীক প্ৰত্যাহ্বান জনায় ছাত্ৰ -ছাত্ৰীৰ বাবে তৈয়াৰ কৰি উলিয়াইছে “ফলি” নামৰ এক বিশেষ ধৰণৰ নোট বুক। তেওঁলোকে ৰয়েল ব্ৰাদাৰ্ছ এন্টাৰপ্ৰাইজ নামৰ এটা প্ৰতিষ্ঠান গঢ়ি তুলি এতিয়া নোটবুক প্ৰস্তুত কৰাত ব্যস্ত। এই নোটবুকৰ বেটুপাতত মনোমোহাকৈ সন্নিবিষ্ট কৰা হৈছে অসমৰ গৌৰৱময় জাতীয় কৃষ্টি, সংস্কৃতি, সম্পদ আৰু ঐতিহ্যৰ প্ৰতীক। আকৰ্ষণীয় বেটুপাতৰ এই ফলি নোট বুকে বজাৰত সমাদৰ লাভ কৰাৰ লগতে ছাত্ৰ -ছাত্ৰী সকলেও আদৰি লৈছে। উন্নত মানৰ পাত ব্যৱহাৰ কৰা এই নোট বুকৰ জৰিয়তে নগঞা‌ যুৱক কেইজনে স্বতন্ত্ৰ ব্যৱসায়ৰ ক্ষেত্ৰত জাগৰণৰ সূচনা কৰিছে। যুৱক কেইজনৰ এনে প্ৰচেষ্টাক নগাঁৱৰ সচেতন মহলে প্ৰশংসা কৰিছে।