ডিগবৈৰ পৰা বিজয় সূত্রধৰ, ২৭ ডিচেম্বৰ: যোৱা ২৪ ডিচেম্বৰৰ নিশা প্ৰাক বৰদিনৰ আনন্দ উল্লাসৰ মাজতে ডিগবৈত সংঘটিত চাঞ্চল্যকৰ হত্যাকাণ্ডৰ মূল অভিযুক্ত মাধুৰ্য গোস্বামী ওৰফে মিঠৈক যোৱা নিশা আৰক্ষীয়ে আটক কৰিবলৈ সক্ষম হয়৷ আৰক্ষীৰ জেৰাত মাধুৰ্যই ২৪ ডিচেম্বৰৰ নিশা আন এজন সতীৰ্থ গনেশৰ সহযোগত বিপুল শইকীয়াক হত্যা কৰি বালিত পুতি থোৱাৰ কথা স্বীকাৰ কৰে৷ নিশা তিনিওজনৰ মাজত হোৱা মদৰ আদ্দাত তিনিওৰে মাজত তৰ্ক বিতৰ্কৰ সূত্ৰপাত ঘটে আৰু খঙত হিতাহিত জ্ঞান হেৰুৱাই গনেশ আৰু মাধুৰ্যই বিপুলক নিৰ্মমভাৱে হত্যা কৰি বালিত পুতি থোৱাৰ কথা স্বীকাৰ কৰে৷ ইয়াৰ পিছতে দুয়ো পলাতক অৱস্থাত আছিল যদিও গনেশক যোৱা ২৫ ডিচেম্বৰৰ দিনাই আটক কৰিবলৈ সক্ষম হৈছিল আৰক্ষীয়ে৷ উল্লেখ্য যে, ডিগবৈ ইটাভাটাস্থিত ডিগবৈ কলেজৰ মুখ্য প্ৰৱেশদ্বাৰৰ তেনেই কাষতে ইটাভাটা নামঘৰৰ সন্মুখত পথৰ দাতিত পেলাই থোৱা বালিত পুতি থোৱা অৱস্থাত বিপুলৰ মৃতদেহটো ২৫ ডিচেম্বৰৰ পুৱা উদ্ধাৰ হৈছিল৷ পুৱাৰ ভাগত কুকুৰে বালি খুচৰি থকা অৱস্থাত এখন হাত দৃষ্টিগোচৰ হোৱাত স্থানীয় ৰাইজে বালিৰ আৰক্ষীক অৱগত কৰাত বালি দমৰ পৰা এই মৃতদেহটো উদ্ধাৰ কৰে৷ মৃত বিপুল শইকীয়াৰ ঘৰ বালিজান নতুন কলনিত। ইটাভাটা অঞ্চলৰ ব্ৰইলাৰ মাংস বেপাৰী হিচাবে বিপুল শইকীয়াই জীৱন ধাৰণ কৰিছিল৷