কলগাছিয়াৰ পৰা স্বফিকুল হাছান, সংবাদ ৩৬৫, ২৫ জানুৱাৰীঃ  বৰপেটা জিলাৰ কালগাছিয়াত পিয়াৰ আলীয়ে নিৰ্মান কৰা পতাকাৰে কলগাছিয়াবাসীয়ে উদযাপন কৰিব গণতন্ত্ৰ দিৱস। পিয়াৰ আলী পেছাত এজন দৰ্জী আৰু তেওঁ গণতন্ত্ৰ দিৱস উপলক্ষ্য দিনে নিশাই ব্যস্ত হৈ আছে পতাকা নিৰ্মাণত। পিয়াৰ আলী বিগত ২৫ বছৰ ধৰি এইদৰে গণতন্ত্ৰ আৰু স্বাধীনতা দিৱসত কলগাছিয়াবাসীক ৰেহাই মূল্যত যোগান ধৰি আহিছে নিজ হাতেৰে নিৰ্মান কৰা পতাকা। পিয়াৰ আলীয়ে নিৰ্মান কৰা পতাকাৰ অকল কাপোৰৰ মূল্য গ্ৰাহকৰ পৰা লৈ গ্ৰহকক যোগান ধৰে পতাকা। পতাকাৰ প্ৰতি থকা পিয়াৰ আলিৰ প্ৰেমে পিয়াৰ আলীক বিগত ২৫ বছৰ ধৰি এইদৰে পতাকা নিৰ্মাণৰ প্ৰেৰণা যোগাই আহিছে। প্ৰতি বছৰে গণতন্ত্ৰ আৰু স্বাধীনতা দিৱস উদযাপনৰ পূৰ্বে কলগাছিয়াৰ বৃহৎ সংখ্যক ৰাইজ পিয়াৰ আলীৰ দ্বাৰা নিৰ্মিত পতাকা ক্ৰয় কৰি এই দিৱস উদযাপন কৰে। প্ৰতি বছৰে পিয়াৰ আলিয়ে নিজৰ সকলো কাম বন্ধ কৰি এইদৰে কেইবা হাজাৰ পতাকা নিৰ্মান কৰি কলগাছিয়া ৰাইজক যোগান ধৰে। নিজৰ দেশ আৰু ৰাষ্ট্ৰীয় পতাকাৰ প্ৰতি থকা প্ৰেমৰ বাবে বৰ্তমান পিয়াৰ আলী সমগ্ৰহ অঞ্চলতে জনপ্ৰিয় হৈ পৰিছে।