তিনিচুকীয়াৰ পৰা ৰবিন শৰ্ম্মা, সংবাদ ৩৬৫, ২৬ জানুৱাৰীঃ সমগ্ৰহ দেশে গণৰাজ্য দিৱস উদযাপন কৰি থকাৰ সময়তে জাগুন বজাৰ আৰু জাগুন আৰক্ষী চকীৰ সমীপত ৰাতিপুৱা জাৱৰৰ দ’মত সংঘটিত হয় এক বোমা বিস্ফোৰনৰ ঘটনা। অৱশ্যে এই বিস্ফোৰণৰ ফলত সৌভাগ্যক্ৰমে কোনো লোক হতাহত হোৱা নাই যদিও টিৰাপ কলিয়ৰী মছজিদ আৰু টিৰাপ কলিয়ৰী মুখ্য গেট সন্মুখটো আন এটা বিস্ফোৰন সংঘটিত হয় গণতন্ত্ৰ দিৱসৰ ৰাতিপুৱা। সন্দেহযুক্ত আলফাৰ দ্বাৰা আই ই ডি বিস্ফোৰন সংঘটিত কৰা হৈছে বুলি সেনা আৰক্ষীয়ে সন্দেহ প্রকাশ কৰে। উল্লখ্য যে, অলপতে অৰুণাচল প্ৰদেশৰ নামচাই জিলাৰ পিয়ঙৰ দাঁতিকাষৰীয়া অঞ্চলত সন্দেহজনক উগ্ৰপন্থী সংগঠনৰ দ্বাৰা সেনা বাহিনীৰ ওপৰত আক্ৰমণ সংঘটিত হৈছিল। গণতন্ত্ৰ দিৱসৰ দিনা হোৱা এই বোমা বিস্ফোৰণে তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে সমগ্ৰহ অঞ্চলতে। আলফাকে ধৰি উত্তৰ পূৱৰ বিভিন্ন উগ্ৰপন্থী সংঘটনে গণতন্ত্ৰ দিৱস বর্জনাৰ হুংকাৰ দি থকাৰ মাজতে বৃহপতিবাৰে আলফাই জাতীয় পতাকা জ্বলাই দিয়াৰ এক ভিডিও বিভিন্ন সংবাদ মাধ্যমলৈ প্ৰেৰণ কৰিছিল।