গুৱাহাটী, সংবাদ ৩৬৫, ২৬ জানুৱাৰীঃ সমগ্ৰ দেশৰ লগতে অসমতো শুক্ৰবাৰে ব্যাপক উৎসাহ উদ্দীপনাৰে ৬৯তম গণতন্ত্ৰ দিৱস পালন কৰা হয়৷ সমগ্ৰহ ৰাজ্যৰ লগতে মহানগৰী হোৱাহাটীতো মহানগৰবাসী পুৱাই ওলাই আহি গণতন্ত্ৰ দিৱসৰ কাৰ্যসূচীত অংশগ্ৰহণ লবলৈ। গণতন্ত্ৰ দিৱস উপলক্ষ্য মহানগৰী গুৱাহাটীত খানাপাৰাস্থিত পশু চিকিৎসালয় খেল পথাৰত ৰাজ্যপাল জগদীশ মুখীয়ে পতাকা উত্তোলন কৰে৷ শুকুৰবাৰে পুৱা ৰাজ্যপাল জগদীশ মুখীয়ে গণতন্ত্ৰ দিৱসৰ পতাকা উত্তোলন কৰি ৰাজ্যৰ সেনা, অৰ্ধসামৰিক বাহিনী, আৰক্ষী, এনচিচি কেডেট, বিভিন্ন সাংস্কৃতিক অনুষ্ঠান, ছাত্ৰ-ছাত্ৰীৰ পেৰেড তথা অভিবাদন গ্ৰহণ কৰে৷ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালেৰ উপস্থিতিত পতাকা উত্তোলন কৰি ৰাজ্যপাল মুখীয়ে নিজৰ ভাষণত ৰাজ্যখনৰ উন্নয়ন আৰু বিকাশৰ বাবে চৰকাৰে কাম কৰি যোৱা বুলি মন্তব্য কৰে৷ ৰাজ্যবাসীক সম্বোধন কৰি দেশৰ মহান সংগ্ৰামী, শ্বহীদ, সংবিধান নিৰ্মাতা আৰু বীৰসকলক সোঁৱৰণ কৰে৷ ৰাজ্যখনৰ সকলো প্ৰকাৰৰ লোকৰ উন্নয়ন আৰু বিকাশে ৰাজ্যখনত প্ৰগতি আৰু শান্তি আনিব বুলি মত প্ৰকাশ কৰি চৰকাৰ খনে এখন বিদেশী মুক্ত অসম গঢ়াৰ লক্ষ্য কাম কৰা বুলি কয় ৰাজ্যপাল মুখীয়ে। ৰাজ্যপাল জগদীশ মুখীয়ে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীক প্ৰশাংসা কৰি দুৰ্নীতি আৰু ভ্ৰষ্টাচাৰৰ বিৰুদ্ধে মোডীৰ চৰকাৰে বলিষ্ঠ পদক্ষেপ গ্ৰহণ কৰা বুলিও মত পোষণ কৰে। কটকটীয়া নিৰাপত্তা ব্যৱস্থাৰ মাজত পতাকা উত্তোলন কৰি বহু সময় ৰাইজৰ বাবে ভাষণ প্ৰদান কৰে মুখীয়ে৷