গুৱাহাটী, সংবাদ ৩৬৫, ২৮ জানুৱাৰীঃ আহমাদিয়া মুছলিম জামাতৰ কামৰূপ মহানগৰ জিলাৰ দ্বিতীয় বাৰ্ষিক জলছা দেওবাৰে মহানগৰীৰ নিউ গুৱাহাটীত উদযাপন কৰা হয়। দেওবাৰে পুৱা মৌলানা হাফিজুল হকে অসমীয়া ভাঙনিৰে কোৰাণ পাঠ কৰি জলছা উদ্বোধন কৰে। পাঞ্জাৱৰ পৰা অহা মৌলানা আব্দুল উকিল নিয়াজে জলছাৰ সভাপতিত্ব কৰে। জলছাত ভাষণ প্ৰদান কৰে আহমাদিয়া মুছলিম জামাতৰ অসম শাখাৰ বিষয়া জাহাৰুল হক, বৰপেটা জিলাৰ ভাৰপ্ৰাপ্ত বিষয়া মৌ: জিয়াওৰ ৰহমান, এম ইনতাজ, মৌ: আমান আলী কে ধৰি কেইবাজনো বিষয়া আৰু কৰ্মীয়ে। আহমাদিয়া মুছলিম জামাত বিশ্বৰ ২১০খন দেশত মানুহৰ মাজত প্ৰেম আৰু ভাতৃত্বৰ বাণী প্ৰেৰণ কৰি সকলোকে মানৱ হিচাপে জীয়াই থকাৰ বাৰ্তা প্ৰেৰণ কৰিছে। প্ৰেম ভাতৃত্ব আৰু একতাৰ বাৰ্তা প্ৰেৰণ কৰাৰ উদ্দেশ্য আহমাদিয়া মুছলিম জামাতে প্ৰতিবছৰে জলছাৰ উদযাপন কৰি আহিছে।