গুৱাহাটী, সংবাদ ৩৬৫, ২ ফেব্ৰুৱাৰীঃ মুখ্যমন্ত্রী সর্বানন্দ সােণােৱালে ফেডাৰেশ্যন অৱ ৱৰ্কাৰ্চ এণ্ড এমপ্লইজ অৱ নগাওঁ আৰু কাছাৰ পেপাৰ মিল আৰু কাগজ কল সুৰক্ষা মঞ্চৰ প্রতিনিধি বৰ্গক তেওঁলােকৰ দাবীসমূহ ভাৰত চৰকাৰৰ গুৰু উদ্যোগ আৰু ৰাজহুৱা প্ৰতিষ্ঠান মন্ত্ৰালয়ৰ সচিব পর্যায়ত উত্থাপনৰ ব্যৱস্থা কৰা হ’ব বুলি আশ্বাস প্ৰদান কৰিছে। উল্লেখ্য যে শুক্ৰবাৰে এই দুয়ােটা সংগঠনৰ প্ৰতিনিধি বৰ্গই মুখ্যমন্ত্রী সর্বানন্দ সােণােৱালক তেওঁৰ কাৰ্যালয় কক্ষত সাক্ষাৎ কৰি তেওঁলােকৰ দাবীসমূহ সমাধানৰ ব্যৱস্থা কৰাৰ বাবে উদ্যোগ লােৱাৰ বাবে  অনুৰােধ জনায়। মুখ্যমন্ত্ৰীৰ আশ্বাসৰ পিছত হিন্দুস্তান পেপাৰ কৰ্পৰেশ্যন লিমিটেডৰ নগাওঁ আৰু কাছাৰ পেপাৰ মিলৰ ফেডাৰেশ্যন অৱ ৱৰ্কাৰ্চ এণ্ড এমপ্লইজএ সৰুসজাইত অহা ৩ ফেব্ৰুৱাৰীত মানৱ শৃংখল গঢ়ি তােলা কাৰ্যসূচী বাতিল কৰে। উল্লেখ্য যে নগাওঁ আৰু কাছাৰ পেপাৰ মিলৰ ফেডাৰেশ্যন অৱ ৱৰ্কাৰ্চ এণ্ড এমপ্লইজ তথা কাগজ কল সুৰক্ষা মঞ্চৰ প্ৰতিনিধি বৰ্গই মৰিগাওঁ জিলাৰ উপায়ুক্ত সহ মুখ্যমন্ত্ৰীক সাক্ষাৎ কৰি এই মিল দুটাৰ কৰ্মচাৰীসকলৰ দৰমহা আৰু বকেয়াৰ ধন মােকলাই দিয়াৰ ক্ষেত্ৰত মুখ্যমন্ত্ৰীৰ হস্তক্ষেপৰ বাবে অনুৰােধ জনাইছিল। সংগঠন দুটাৰ প্ৰতিনিধিবৰ্গৰ ওজৰ আপত্তি সমূহ মুখ্যমন্ত্ৰীয়ে মনােযােগেৰে শুনাৰ পিছত এই বিষয়সমূহ উপযুক্ত কর্তৃপক্ষৰ ওচৰত উত্থাপনৰ ব্যৱস্থা কৰা হ’ব বুলি আশ্বাস প্ৰদান কৰে। মুখ্যমন্ত্ৰীয়ে লগতে কেন্দ্রীয় গুৰু উদ্যোগ আৰু ৰাজহুৱা প্ৰতিষ্ঠান মন্ত্ৰালয়ৰ সচিবক সংশ্লিষ্ট মন্ত্ৰালয়ৰ সৈতে আলােচনা কৰি কৰ্মচাৰীসকলৰ দৰমহা আৰু বকেয়াৰ ধন মােকলাই দিয়াৰ ক্ষেত্ৰত উপযুক্ত পদক্ষেপ গ্রহণৰ বাবে যােগাযােগ কৰা হ’ব বুলিও আশ্বাস প্ৰদান কৰে। মুখ্যমন্ত্ৰীৰ আশ্বাসৰ ভিত্তিতেই ফেডাৰেশ্যন অৱ ৱৰ্কাৰ্চ এণ্ড এমপ্লইজএ বিশ্ব বিনিয়ােগ সন্মিলনৰ সময়ত  তেওঁলােকে পৰিকল্পনা কৰা মানৱ শৃংখল কাৰ্যসূচী বাতিল কৰে।