গুৱাহাটী, সংবাদ ৩৬৫, ২১ ফেব্ৰুৱাৰীঃ মঙলবাৰে নিশা জালুকবাৰীস্থিত অসম অভিযান্ত্ৰিক মহাবিদ্যালয়ৰ ছাত্ৰই এখন বিয়াঘৰত গুণ্ডাগিৰি চলোৱাৰ ঘটনা সংঘটিত হৈছে। জালুকবাৰীৰ সুন্দৰবড়ীৰ চলি থকা বিয়াঘৰ এখনত প্ৰায় ২৫০ জনীয়া ছাত্ৰ দল এটা লাঠী জোংলৈ সোমাই গুণ্ডাগিৰি চলায়। উদণ্ড ছাত্ৰৰ দলটোৱে হোমৰ গুৰিত বহি থকা কইনাকো নিৰ্যাতন চলোৱাৰ লগতে বিয়াঘৰলৈ অহা যুৱতীকো নিৰ্যাতন অশালীন ব্যৱহাৰ কৰাৰ অভিযোগ উঠিছে। উদণ্ড ছাত্ৰৰ দলটোৱে বিয়াঘৰৰ পেণ্ডেল, চকী ভাঙি লণ্ডভণ্ড কৰাৰ লগতে ৫ খনকৈ বাহন ভাঙি সন্ত্ৰসৰ সৃষ্টি কৰে। জানিব পৰা মতে উদণ্ড ছাত্ৰৰ দলটো অসম অভিযান্ত্ৰিক মহাবিদ্যালয়ৰ ১ নং ছাত্ৰাৱাসৰ আছিল। বিয়াঘৰৰ বাহিৰত দৰাঘৰৰ যুৱক কেইজনমানৰ সৈতে ছাত্ৰ কেইজনমান কাজিয়াত লিপ্ত হোৱাৰ পিছত উদণ্ড ছত্ৰৰ দলটোৱে কইনাঘৰত বহি থকা সকলো মানুহকৰ লগত মাৰপিত কৰিছিল।