গুৱাহাটীৰ পৰা বিস্মিতা শৰ্মা আৰু ৰোহণ চৌধুৰী, সংবাদ ৩৬৫, ১৬ মাৰ্চ:  গুৱাহাটীৰ আমবাৰীস্থিত ম’ম’ ঘৰ ২৫ বছৰীয়া হ’ল। শ্বিলঙলৈ ম’ম’ খাবলৈ গৈ ১৯৯৩ চনত আমবাৰীত ম’ম’ ঘৰ স্থাপন কৰা পংকজ বৰুৱা আৰু তপন বৰুৱা নামৰ দুই ভাতৃৰ সপোনে ২৫ বছৰত ভৰি দিলে। গুৱাহাটী মহানগৰীৰ প্ৰথমখন ম’ম’ ঘৰ স্থাপনৰ সময়ত এই দুই ভাতৃয়ে ভবা নাছিল যে এদিন এই ম’ম’ ঘৰ এটি ব্ৰেণ্ডত পৰিণত হ’ব আৰু ২৫ বছৰীয়া সফল পৰিক্ৰমা অতিক্ৰম কৰিব। ম’ম’কে ধৰি জাঙ্ক ফুডৰ প্ৰচলন নথকা গুৱাহাটীত প্ৰথমে চাওচাও আৰু ফ্ৰাইড ৰাইচৰ লগতে ম’ম’ বিক্ৰী কৰিবলৈ আৰম্ভ কৰা এই দুই ভাতৃৰ বিপণীখন পিছলৈ ম’ম’ৰ বাবে জনপ্ৰিয় হৈ পৰে।

ম’ম’ৰ বাবে প্ৰখ্যাত হৈ পৰা এই বিপণীখন মহানগৰবাসীৰ মাজতে নহয় সমগ্র অসমবাসীৰ মাজতে সুপৰিচিত। সাধাৰণতে যুৱ চামৰ মাজত ম’ম’ অতিকৈ জনপ্ৰিয় যদিও ম’ম’ খাবলৈ ম’ম’ ঘৰলৈ আহে সকলো বয়সৰ লোক। গাহৰিৰ মাংস, মুৰ্গীৰ মাংস আৰু নিৰামিষ ম’ম’ৰ বাবে বিখ্যাত ম’ম’ ঘৰত নতুনকৈ সংযোজন কৰা হৈছে মাছৰ ম’ম’, কণীৰ ম’ম’ আৰু পনীৰৰ ম’ম’। ম’ম’ ঘৰে ২৫ বছৰ সম্পূৰ্ণ কৰা উপলক্ষে ম’ম’ ঘৰত নতুনকৈ এই তিনি প্ৰকাৰৰ ম’ম’ সংযোজন কৰা হৈছে। এই উপলক্ষে মহানগৰীৰ দীঘলীপুখুৰীপাৰৰ লক্ষীধৰ বৰা ক্ষেত্ৰত ম’ম’ ঘৰে আয়োজিত কৰিছে ম’ম’ মহোৎসৱৰ। এই মহোৎসৱত ম’ম’ ঘৰে লৈ আহিছে কেইবা প্ৰকাৰৰ ম’ম’। আমবাৰীৰ ম’ম’ ঘৰৰ ম’ম’ৰ চাহিদা দিনক দিনে বৃদ্ধি পাবলৈ ধৰাত ভৰলুমুখ আৰু কমাৰ্চ কলেজৰ সন্মুখতো স্থাপন কৰা হৈছে ম’ম’ ঘৰৰ শাখা। যদি আপুনি ম’ম’ খাই ভাল পায় তেন্তে এবাৰ আহক এই ম’ম’ মহোৎসৱলৈ আৰু জুতি লওক বিভিন্ন ধৰণৰ সুস্বাদু ম’ম’ৰ।