জাগীৰোড, সংবাদ ৩৬৫, ১৯ মাৰ্চ: জাগীৰোডত সোমবাৰে জাগীৰোড নাগৰিক সমাজৰ উদ্ধোগত কৃতিকা কুমাৰী হত্যাকাণ্ডৰ লগত জড়িত হত্যাকাৰীক অতি শীঘ্ৰে গ্ৰেপ্তাৰ কৰাৰ দাবীত এক প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ন কৰা হয়। হত্যাকাণ্ডৰ ডেৰ মাহ কাল উকলি যোৱাৰ পিছতো মৰিগাঁও জিলা প্ৰশাসন আৰু আৰক্ষী হত্যাকাৰীক কৰায়ত্ত কৰাত ব্যৰ্থ হোৱাত জাগীৰোড নাগৰিক সমাজৰ উদ্ধোগত অৱস্থান ধৰ্মঘট কাৰ্যসূচী গ্ৰহণ কৰা হয়। উল্লেখ্য যে, ডেৰ মাহ পূৰ্বে মধ্য অসমৰ মৰিগাঁও জিলাৰ জাগীৰোডত এটি সাত বছৰীয়া কন্যা শিশুক কোনো দুৰ্বৃত্তই হত্যা কৰি নিজাপাৰস্থিত বাসগৃহৰ সন্মুখত পেলাই থৈ গৈছিল।জাগীৰোডৰ শৈলেন্দ্ৰ প্ৰসাদ নামৰ লোকজনৰ সাত বছৰীয়া কন্যা তথা জাগীৰোড হিন্দী স্কুলৰ দ্বিতীয় শ্ৰেণীৰ ছাত্ৰী কৃতিকা কুমাৰীক অপহৰণ কৰাৰ পিছত হত্যা কৰাৰ ঘটনাই সমগ্ৰ জাগীৰোড অঞ্চলত চাঞ্চল্যৰ সৃষ্টি কৰিছিল। এই ঘটনাৰ পিছত জাগীৰোডৰ ৰাইজ ৰাজপথলৈ ওলাই আহি প্ৰতিবাদ কৰাত আৰক্ষীয়ে অতি শীঘ্ৰে হত্যাকাৰীক গ্ৰেপ্তাৰ কৰা হব বুলি আশ্বাস প্ৰদান কৰিছিল যদিও বৰ্তমানলৈকে আৰক্ষী এই ক্ষেত্ৰত সম্পূৰ্ণৰূপে ব্যৰ্থ হৈছে।