দুলীয়াজান, সংবাদ ৩৬৫, ২১ মাৰ্চ: ডিব্ৰুগড় জিলাৰ দুলীয়াজান আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া ঈশ্বৰ সিঙক নিলম্বীতকৰণৰ দাবীত বুধবাৰে ছটাকৈ সংগঠনে দুলীয়াজান আৰক্ষী চকী ঘেৰাও কৰে। উল্লেখ্য যে যোৱা ১৬ মাৰ্চৰ দিনা অইল ইণ্ডিয়া লিমেটডৰ ট্ৰেভেল এজেঞ্চীৰ নিবিদাৰ বিৰুদ্ধে গোৰ্খা ছাত্ৰ সন্থাকে ধৰি সাতটা সংগঠনে এক প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ন কৰি অইলৰ বাহন বন্ধ কৰাত গোৰ্খা ছাত্ৰ সন্থাৰ ডিব্ৰুগড় জিলা সমিতিৰ সভাপতি অজয় আলেক দুলীয়াজান আৰক্ষীয়ে আটক কৰি শাৰীৰিকভাৱে প্ৰহাৰ কৰাত অজয় আলে গুৰুত্বৰভাৱে আহত হোৱাত দুলীয়াজানৰ অইল চিকিৎসালয়ত অজয় আলেক ভৰ্তি কৰোৱা হয় যদিও চিকিৎসালয়ে উন্নত চিকিৎসাৰ বাবে ডিব্ৰুগড়লৈ প্ৰেৰণ কৰে। বৰ্তমান অজয় আলে ডিব্ৰুগড়স্থিত ব্ৰহ্মপুত্ৰ নাৰ্চিং হোমত চিকিৎসাধীন হৈ আছে। এই ঘটনাৰ পিছত বিভিন্ন সংগঠনে দুলীয়াজান আৰক্ষী চকীৰ আৰক্ষী বিষয়া ঈশ্বৰ সিঙৰ বিৰুদ্ধে শাস্তিমূলক ব্যৱস্থা গ্ৰহণৰ দাবী জনাই আহিছিল যদিও ডিব্ৰুগড় জিলা প্ৰশাসনে আৰক্ষী বিষয়া গৰাকীৰ বিৰুদ্ধে কোনো ব্যৱস্থা গ্ৰহন নকৰা অভিযোগ উত্থাপন কৰি সংগঠন কেইটাই বুধবাৰে দুলীয়াজান আৰক্ষী থানা ঘেৰাও কৰে কাৰ্যসূচী গ্ৰহণ কৰে।