গুৱাহাটী, সংবাদ ৩৬৫, ২১ মাৰ্চ: গোলাঘাট জিলাৰ হেমপ্ৰভা বৰবৰা ছোৱালী মহাবিদ্যালয়ৰ ছাত্ৰী সকলে বুধবাৰে মূৰত ক’লা কাপোৰ বান্ধি প্ৰতিবাদ সাব্যস্ত কৰে।অসম চৰকাৰ আৰু শিক্ষা বিভাগৰ বিৰুদ্ধে মহাবিদ্যালয়খনৰ ছাত্ৰী সকলে মূৰত ক’লা কাপোৰ বান্ধি কলেজ চৌহদত সাব্যস্ত কৰে প্ৰতিবাদ। অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ একমাত্ৰ মহিলা বিশ্ববিদ্যালয়খনৰ বিশ্ববিদ্যালয়ৰ মৰ্যাদা কৰ্তন কৰি মহিলা কাৰিকৰী উচ্চ শিখানুষ্ঠান হিচাপে গঢ়ি তোলাৰ চৰকাৰৰ সিদ্ধান্তৰ বিৰুদ্ধে এই প্ৰতিবাদ সাব্যস্ত কৰে ছাত্ৰী সকলে। চৰকাৰে লোৱা এই সিদ্ধান্ত অতি শীঘ্ৰে বাতিল নকৰিলে পৰৱৰ্তী সময়ত প্ৰতিবাদ অধিক তীব্ৰতৰ কৰি তোলা হব বুলি প্ৰতিবাদী ছাত্ৰী সকলে হুংকাৰ প্ৰদান কৰে।
তিনিচুকীয়া জিলাৰ ডিগবৈতো ৰাজ্য চৰকাৰখনৰ শিক্ষা বিভাগে মহিলা বিশ্ববিদ্যালয়খনৰ বিৰুদ্ধে লোৱা এই ষড়যন্ত্ৰমূলক সিদ্ধান্তৰ বিৰুদ্ধে তিনিচুকীয়া জিলাৰ তৈলনগৰী ডিগবৈ মহাবিদ্যালয় আৰু ডিগবৈ মহিলা মহাবিদ্যালয়ৰ ছাত্ৰ ছাত্ৰী সকলে ৩৮ নং ৰাষ্ট্ৰীয় ঘাইপথ অবৰোধ কৰি প্ৰতিবাদ সাব্যস্থ কৰে৷ ছাত্ৰ ছাত্ৰী সকলে বিজেপি চৰকাৰ মূৰ্দাবাদ, হিমন্ত বিশ্ব শৰ্মা মূৰ্দাবাদ, অসম চৰকাৰ হায় হায় শ্লগানেৰে পৰিস্থিতি উত্তাল কৰি তুলে।