গোৱালপাৰা, সংবাদ ৩৬৫, ২১ মাৰ্চ: খেতি পথাৰত এটুপি পানীৰ বাবে হাহাকাৰ কৰিবলগীয়া হৈছে গোৱালপাৰাৰ জিলাৰ লক্ষীপুৰ ৰাজহ চক্ৰৰ অন্তৰ্গত চৰ অঞ্চলৰ কৃষকসকলে। অঞ্চলটোৰ বাতাপাৰা, টেংগনমাৰি, কদমতলা চৰৰ কৃষক সকলে চাইনিচ বৰো ধানকে ধৰি কেইবা প্ৰকাৰৰ উন্নত মানৰ ধানৰ খেতি কৰিছে যদিও পথাৰত পানী যোগান ধৰিব নোৱাৰাৰ ফলত অঞ্চলটোৰ কৃষক সকলৰ মাজত এতিয়া হাহাকাৰ অৱস্থাৰ সৃষ্টি হৈছে। চৰকাৰৰ ফলৰ পৰা কৃষকৰ সকলৰ বাবে যোগান ধৰা ট্ৰেক্টৰ, পৱাৰ পাম্প, পাৱাৰ টিলাৰ, বিভাগীয় একাংশ বিষয়াৰ আশীৰ্বাদত দালাল চক্ৰই লুন্ঠন চলাই থকাৰ অভিযোগ উত্থাপন কৰি স্থানীয় কৃষক সকলে আৰু কয় যে কৃষিৰ বাবে প্ৰয়োজনীয় ঔষধৰ দাম অতিৰিক্ত হাৰত বৃদ্ধিৰ ফলটো কৃষক সকলৰ বাবে কৃষি কাৰ্য কৰাটো অতিকৈ কঠিন হৈ পৰিছে। ৰাজ্যত চৰ উন্নয়ন বিভাগ এটা আছে যদিও এই বিভাগখন চৰাঞ্চলৰ কৃষৰ উন্নয়নৰ ক্ষেত্ৰতো উপযুক্ত ব্যৱস্থা গ্ৰহণ নকৰাৰ ফলত চৰাঞ্চলৰ কৃষক সকলৰ পানীত হাঁহ নচৰা অৱস্থা হৈ পৰিছে। পৰিৱৰ্তন আৰু কৃষকৰ উন্নয়নৰ কথা কৈ থকা বিজেপি চৰকাৰখনে চৰ অঞ্চলৰ কৃষক সকলৰ উন্নয়নৰ বাবে এতিয়া কি পদক্ষেপ গ্ৰহণ কৰিব এতিয়া এইটোৱে কৃষকৰ সকলৰ চৰকাৰক প্ৰশ্ন।