ক্ষেত্রী, সংবাদ ৩৬৫, ২১ মাৰ্চ: মহানগৰীৰ সমীপৱৰ্তী ক্ষেত্রীৰ চখুৰাত বুধবাৰে এক ভয়ংকৰ পথ দূৰ্ঘটনা সংগঠিত হয়। ক্ষেত্রীৰ পৰা জাগীৰোড অভিমুখে গৈ থকা এখন এল্ট বাহনে নিয়ন্ত্ৰণ হেৰুৱাই বিদ্যুত খুটাত খুন্দা মৰাৰ ফলত বাহনখন ৰাষ্ট্ৰীয় ঘাই পথৰ পৰা বাগৰি পৰে। এই ভয়ংকৰ পথ দুৰ্ঘটনাত বাহন খনৰ চলকজন দুর্ঘটনাস্থলীতে নিহত হয়। নিহত চালকজন ক্ষেত্রীৰ গজেন্দ্ৰ ডেকা বুলি চিনাক্ত কৰা হয়। দুর্ঘটনাস্থলীত ক্ষেত্ৰী আৰক্ষী উপস্থিত হৈ তদন্ত অব্যাহত ৰাখিছে। এই দূৰ্ঘটনাৰ ফলত ক্ষেত্ৰীৰ স্থানীয় এজন যুৱক নিহত হোৱাৰ সমগ্ৰ অঞ্চলটোত শোকৰ ছাঁ পৰিছে।