চিৰাং, সংবাদ ৩৬৫, ২৫ এপ্ৰিলঃ ২৯ তম ৰাষ্ট্ৰীয় পথ সুৰক্ষা সপ্তাহ উপলক্ষে বুধবাৰে পুৱাৰে পৰা চিৰাং জিলাৰ বিভিন্ন স্থানত জিলা পৰিবহন বিভাগ, জিলা প্ৰশাসন আৰু জিলা আৰক্ষীয়ে যৌথভাৱে বিভিন্ন কাৰ্যসুচী ৰূপায়ন কৰে। জিলাখনৰ ছাপাগুৰি অঞ্চল জিলা পৰিবহন বিভাগে পথ সুৰক্ষা সপ্তাহ উপলক্ষে দুচকীয়া বাহনত হেলমেট নিপিন্ধিলে আৰু চাৰিচকীয়া বাহনত চিট বেল্ট নলগালে দুৰ্ঘটনাৰ সময়ত কেনে ধৰনৰ ক্ষতি হব পাৰে ইয়াৰ বিষয়ে ৰাইজৰ মাজ সজাগতা সৃষ্টি কৰে। চিৰাং জিলা পৰিবহন বিভাগে ৰাইজৰ মাজত সজাগতা সৃষ্টি কৰাৰ লগতে হেলমেট নিপিন্ধা আৰু চিটবেল্ট নলগাই গাড়ী চলোৱা লোক সকলক নিম্নতম ৩০০ টকাকৈ জৰিমনা বিহাও দেখিবলৈ পোৱা যায়। পথ সুৰক্ষা সপ্তাহ উপলক্ষে চিৰাং জিলা পৰিবহন বিষয়া ধ্বজেন বসুমতাৰীয়ে কয় যে জৰিমনা বিহাটো আমাৰ উদ্দেশ্য নহয় আচলতে দুৰ্ঘটনা ৰোধ কৰাৰ উদ্দেশ্যে আমি সজাগতা সৃষ্টি কৰাটোহে আমাৰ মুল লক্ষ্য। দুৰ্ঘটনা এটা সংঘটিত হোৱাৰ ফলত মুহুৰ্ততে থান বান হৈ পৰে এটা পৰিয়াল। পৰিবহন বিভাগৰ পৰা দুৰ্ঘটনা ৰোধৰ বাবে দিয়া প্ৰতিটো নিৰ্দেশনা মানি চলাটো আমাৰ কৰ্তব্য। মুল্যৱান এই জীৱনতকৈ কোনো কামেই ডাঙৰ হব নোৱাৰে বুলিও কয় বিষয়াজনে। আমি হেলমেট পিন্ধি আৰু চিটবেল্ট লগাই গাড়ী চলাই আমি নিজৰ জীৱনক নিজে ৰক্ষা প্ৰদান কৰো, কাৰণ হেলমেট আৰু চিতবেল্ট বহু পথদুৰ্ঘটনাত মানুহৰ জীৱন ৰক্ষা কৰিছে।