চিৰাং, সংবাদ ৩৬৫, ২৫ এপ্ৰিলঃ বৰপেটা জিলাৰ সৰুক্ষেত্ৰী সমষ্টিত থকা কাপলা, বৰকাণা, তাভা, ৰৌমাৰিকে ধৰি বিভিন্ন বিলসমূহত শীতৰ আগমনৰ লগে লগে প্রতিবছৰে বিভিন্ন প্রজাতিৰ পৰিভ্ৰমী চৰাই আহি উপস্থিত হয়। এই পৰিভ্ৰমী চৰাইবোৰ কিছু সময় ইয়াৰ বিলত অতিবাহিত কৰি পুনৰ উভতি যায় এক নিৰ্দিষ্ট সময়ত। এইবাৰাে এই বিলসমূহত পৰিভ্ৰমী চৰাইৰ আগমন ঘটিছে কিন্তু এই পৰিভ্ৰমী চৰাই বোৰৰ লগত সৰুক্ষেত্ৰীৰ আমৃখােৱাৰ বৰকাণা বিলত প্রথমবাৰৰ বাবে আহিছে ‘স্পট বিল পেলিকান’ নামৰ পৰিভ্ৰমী চৰাইবিধ। প্রকৃতিপ্রেমী তথা ফটোগ্রাফাৰ হেদায়েদ উল্লাহ আৰু ইমৰাণ আহমেদেৰ কেমেৰাৰ লেন্সত যােৱা ১ এপ্রিলত আমৃখােৱাৰ বৰকাণা বিলত ‘স্পট বিল পেলিকান’ নামৰ পৰিভ্ৰমী চৰাইবিধ উৰি থকা অৱস্থাত আবদ্ধ হয় পৰে। ফটোগ্রাফাৰ দুয়ােগৰাকীয়ে জানিবলৈ দিয়া মতে, বিলখনৰ কিছু ওপৰত উৰি থকা অৱস্থাত দুটা ‘স্পট বিল পেলিকান’ দেখিবলৈ পাই ফটোগ্রাফাৰ দুগৰাকীয়ে কেমেৰাৰ লেন্সত আবদ্ধ কৰি ৰাখে ‘স্পট বিল পেলিকান’ৰ ফটো। পক্ষী গৱেষক সকলে ফটো দেখি চৰাইবিধক ‘স্পট বিল পেলিকান’ বুলি নিশ্চিত কৰে। ইয়াৰ পূর্বে মানাহ ৰাষ্ট্ৰীয় উদ্যানৰ চৰফুলিত ‘স্পট বিল পেলিকান’ দেখিবলৈ পোৱা গৈছিল বুলি পক্ষী গৱেষক সকলে জানিবলৈ দিয়ে। প্রকৃতিপ্রেমী লােকসকলে জানিবলৈ দিয়া মতে, সাত সাগৰ তেৰ নদী পাৰ হৈ অহা এই পৰিভ্ৰমী চৰাইবিধ সাধাৰণতে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান, পবিতৰা আৰু দিপৰ বিলত দেখিবলৈ পােৱা যায়। কিন্তু বৰপেটা জিলাৰ সৰুক্ষেত্ৰীৰ বৰকানা বিলত প্ৰথমবাৰৰ বাবে এই পক্ষীবিধৰ আগমন ঘটাত প্রকৃতিপ্রেমী লােকসকল স্বাভাৱিকতে উৎফুল্ল হৈ পৰিছে। প্রকৃতিপ্রেমী তথা ফটোগ্রাফাৰ হেদায়েদ উল্লাহ আৰু ইমৰাণ আহমেদে সদৰী কৰা মতে, বৰকাণা বিলত পাণ কাউৰী, সেন্দুৰী আঁগহি বগ, চাকৈচকোৱা, কলামূৰীয়া আঁগহি বগ, জলময়ুৰ, দলমৰা, হাড়গিলা, শেন, কলামূৰীয়া হাঁহ, শামুকখােলাকে ধৰি বিভিন্ন প্রজাতিৰ দেশী বিদেশী পক্ষীৰ আগমন ঘটে। কিন্তু বিলখনত হােৱা অবাধ বেদখলে পৰিভ্ৰমী চৰাইসমূহৰ বিচৰণ কৰা স্থানসমূহ সংকুচিত কৰি পেলাইছে। বিলখনৰ কাষৰ ভূমিত কেইবাটাও বৃহৎ পুখুৰী খান্দি বেদখল কৰাৰ ফলত বিলখনৰ ঐতিহ্য ক্ৰমাৎ নিঃশেষ হােৱাৰ উপক্ৰম হৈছে। বৃহৎ মাটিকালিৰে আৱৰা এই বৰকাণা বিলখন চৰকাৰে বেদখলমুক্তৰে সংৰক্ষণৰ ব্যৱস্থা কৰি পর্যটনস্থলী হিচাপে গঢ়ি তােলাৰ থল আছে যদিও এইক্ষেত্ৰত সংশ্লিষ্ট কর্তৃপক্ষই কোনাে গুৰুত্ব প্রদান কৰা নাই বুলিও প্রকৃতিপ্রেমী লােকসকলে অভিযােগ উত্থাপন কৰিছে। সুপৰিকল্পিত আঁচনিৰ জৰিয়তে পর্যটন ক্ষেত্ৰ হিচাপে গঢ়ি তােলাৰ সম্ভাৱনা থকা এনে বিল জলাশয় সমূহ সংৰক্ষণৰ ব্যৱস্থা কৰিব পাৰিলেহে বৰপেটা জিলাই পর্যটন ক্ষেত্ৰত এক নতুন মাত্রা লাভ কৰিব বুলি প্রকৃতিপ্রেমী লােকসকলে মত ব্যক্ত কৰিছে।