নগাঁও, সংবাদ ৩৬৫, ২৮ এপ্ৰিলঃ  নগাঁও জিলাৰ কামপুৰৰ বুঢ়াপতিয়া গাঁৱত পৰকীয়া প্ৰেমক কেন্দ্ৰ কৰি শুক্ৰবাৰে নিশা এক উত্তেজনাপূর্ণ পৰিবেশে সৃষ্টি হয়।নিশা এটা ভাড়া ঘৰৰ ভিতৰত এহাল পুৰুষ মহিলাক ৰাইজে উদ্ধাৰ কৰি উত্তম মাধ্যম দি আৰক্ষীক গতাই দিয়ে। ৰাজু ৰবি দাস নামৰ চাৰি সন্তানৰ পিতৃ নিজ পত্নীক এৰি পৰ স্ত্ৰী লগত অবৈধ্য সম্পৰ্কত লিপ্ত হৈ থাকোতে ৰাইজৰ হাতত ধৰা পৰে। জানিব পৰা মতে পশ্চিম কাৰ্বি আংলং জিলাৰ বৈঠালাংচুৰ বৰপথাৰ গাঁৱৰ ৰাজু ৰবি দাস নামৰ পুৰুষজনে নিজৰ পৰিয়ালক এৰি কামপুৰৰ বুঢ়াপতিয়া গাঁৱৰ এটা ভাড়া ঘৰত এগৰাকী পৰ স্ত্ৰীক লৈ বসবাস কৰি আছিল। দীৰ্ঘদিন ধৰি ৰাজুৰ পত্নী আৰু পৰিয়ালৰ লোকে ৰাজুক বিচাৰি ফুৰাৰ পিছত শুক্ৰবাৰৰ নিশা বুঢ়াপতিয়া গাঁৱত এটা ঘৰৰ ভিতৰত এগৰাকী মহিলাৰ লগত উদ্ধাৰ কৰে। স্থানীয় ৰাইজে ৰাজু ৰবি দাসক এগৰাকী অন্য মহিলাৰ লগত উদ্ধাৰ কৰাৰ পিছত ৰাজু ৰবি দাসক উত্তম মাধ্যম দি কামপুৰ আৰক্ষীক গতাই দিয়ে।