গুৱাহাটী, সংবাদ ৩৬৫, ১০ মেঃ কটন বিশ্ববিদ্যালয়ত বৃহস্পতিবাৰে ইউপিএচচি পৰীক্ষাত উত্তীৰ্ণ হোৱা সকলৰ সম্বৰ্ধনা অনুষ্ঠানত নাহিল মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱাল। সম্বৰ্ধনা অনুষ্ঠানত মুখ্য অতিথি হিচাপে অহাৰ কথা আছিল মুখ্যমন্ত্ৰী সোনোৱাল। সমগ্ৰ ৰাজ্যতে নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে প্ৰতিবাদ অব্যাহত থকাৰ সময়তে বৃহস্পতিবাৰে পুৱা কটন বিশ্বব্যদ্যালয়ত নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰোধিতা কৰা এক বিশেষ পোষ্টাৰ দেখিবলৈ পোৱা গল। বিশ্বব্যদ্যালয়খনত দেখিবলৈ পোৱা মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱাল ফটোৰ পোষ্টাৰ লিখা আছিল ‘সন্ধানহীন জাতীয় নায়ক, অসমীয়া জাতিৰ এই সংকট কালত জাতীয় নায়কৰ কোনো শুং সূত্ৰ পোৱা নাই, গতিকে কোনো সদাশয় ব্যক্তিয়ে জাতীয় নায়কক দেখা পালে আমাক খবৰ কৰে যেন’। এই পোষ্টাৰ খনৰ লগতে ‘আমি নাগৰিকত্ব সংশোধনী বিধেয়ক আইন ২০১৬ ৰ বিৰোধিতা কৰিছোঁ’ বুলি লিখা অন্য এখন পোষ্টৰো দেখিবলৈ পোৱা গল কটন বিশ্ববিদ্যালয়ত। বিশ্ববিদ্যালয়খনত এই পোষ্টাৰ কোনে লগালে এই সম্পৰ্কে জানিব পৰা হোৱা নাই। এই ঘটনাৰ পিছতে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালৰ পৰিবৰ্তে শিক্ষামন্ত্ৰী সিদ্ধাৰ্থ ভট্টাচাৰ্য ইউপিএচচি পৰীক্ষাত উত্তীৰ্ণ হোৱা সকলৰ সম্বৰ্ধনা অনুষ্ঠানত উপস্থিত হৈ কটনিয়ানৰ প্ৰতিবাদৰ সন্মুখীন হব লগা হয়। প্ৰতিবাদী কটনিয়ানে অনুষ্ঠানলৈ অহা শিক্ষামন্ত্ৰী গৰাকীক মুল প্ৰৱেশদ্বাৰ বন্ধ কৰি বন্দী কৰি ৰাখে। ‘বাংলাদেশীৰ আনন্দ সৰ্বানন্দ’, ‘অসম চুক্তিৰ অৱমাননা সহ্য কৰা নহব’ শ্ল’গানেৰে পৰিবেশ উত্তাল কৰি তোলে কটন বিশ্ববিদ্যালয়ৰ ছাত্ৰসমাজে।